সতৰ্কতা জৰুৰী! চীনৰ পৰা উভতি অহা যুৱকৰ দেহত কৰোনাৰ নতুন ছাব-ভেৰিয়েন্ট বিএফ.৭?

প্রতিনিধিত্বমূলক ফটো।

চীনৰ পৰা উভতি অহা আগ্ৰাৰ যুৱকৰ শৰীৰত পোৱা গৈছে কৰোনা পজিটিভ। আশংকা কৰা হৈছে অ’মিক্ৰন ছাব-ভেৰিয়েন্ট বিএফ.৭ প্ৰজাতিৰ দ্বাৰা সংক্ৰমিত হোৱাৰ! সংক্ৰমিত যুৱকজন এতিয়া আইছ্যলেশ্যনত আছে। ঘৰটো প্ৰশাসনৰ দ্বাৰা ছীল কৰি দিয়া হৈছে।

পৰিয়ালৰ সদস্য আৰু যুৱকজনৰ সংস্পৰ্শলৈ অহা লোকসকলক পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে স্বাস্থ্য বিভাগক।

লগতে পঢ়ক: যুদ্ধ বন্ধ কৰিবলৈ আলোচনাৰ বাবে সাজু পুটিন; ইউক্ৰেইনবাসীক অবিচল থকাৰ আহ্বান জেলেনস্কিৰ

২০২২ ৰ শেষত পুনৰ ঘূৰি আহিল কৰোনা! বাধা-নিষেধসমূহ শিথিল কৰাৰ পিছত চীনত সংক্ৰমণ পুনৰ বৃদ্ধি পাইছে। পৰিস্থিতি এনেকুৱা যে চীনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য আয়োগে কোভিড-১৯ ৰোগীৰ তালিকা প্ৰকাশ কৰা বন্ধ কৰিছে। আয়োগে এক বিবৃতিত কয় যে পৰিৱৰ্তনৰ কাৰণ বা কেতিয়া কোভিড সম্পৰ্কীয় তথ্য পুনৰ মুকলি কৰা হ’ব সেয়া এতিয়াও ক’ব পৰা হোৱা নাই।

ইফালে, চুবুৰীয়া দেশত কোভিডৰ উত্থানৰ ফলত ভাৰতত আতংক বৃদ্ধি পাইছে। দৰাচলতে, চীনত ধ্বংসযজ্ঞ চলাই থকা বিএফ.৭ দেশত ধৰা পৰিছে! ভাইৰাছটোৰ নতুন প্ৰজাতি আগতে উৰিষ্যাৰ এজন আৰু গুজৰাটৰ দুজন লোকৰ দেহত পোৱা গৈছিল। এইবাৰ, আগ্ৰাৰ এজন যুৱক অ’মিক্ৰন ছাব-ভেৰিয়েণ্ট বিএফ.৭-ৰ দ্বাৰা সংক্ৰমিত হোৱাৰ সন্দেহ  কৰা হৈছে।

লগতে পঢ়ক: তৃতীয়বাৰৰ বাবে নেপালৰ প্ৰধানমন্ত্ৰী হ’ব মাওবাদী নেতা প্ৰচণ্ড; ভাৰতৰ বাবে চিন্তাৰ কাৰণ?

স্বাস্থ্য বিভাগৰ সূত্ৰ অনুসৰি, যুৱকজন ২৩ ডিচেম্বৰত দিল্লী হৈ চীনৰ পৰা আগ্ৰালৈ উভতি আহিছিল। তাৰ পিছত তেওঁ স্থানীয় পৰীক্ষাগাৰত এটা কোভিড পৰীক্ষা কৰাইছিল। ৰিপ’ৰ্টোটো পজিটিভ আহে! ইয়াৰ মাজতে প্ৰশাসনে যুৱকজনক বিচ্ছিন্ন কৰি ঘৰটো বন্ধ কৰি দিছে। তেওঁ কোন প্ৰজাতিৰ কৰোনাৰ দ্বাৰা সংক্ৰমিত? জিনম অনুক্ৰমৰ বাবে নমুনা প্ৰেৰণ কৰা হৈছে! প্ৰতিবেদনত পোৱাৰ পিছতহে নিশ্চিত হ’ব পৰা যাব এয়া বিএফ.৭ পজিটিভ!