ঘৰলৈ ওভোতাৰ সময়ত মোমো আনিবলৈ পাহৰিলে স্বামীয়ে; খঙৰ ভমকতে বিচ্ছেদৰ সিদ্ধান্ত ল’লে পত্নীয়ে

প্ৰতিনিধিত্বমূলক ফটো।

বিয়াৰ আগতে কইনাক সদায় মোমো খুওৱাৰ প্ৰতিশ্ৰুতি দিছিল। বিয়াৰ কিছুদিন পিছত যুৱকজনে মোমো আনিছিল যদিও তাৰ পিছত কামৰ পৰা উভতি অহাৰ সময়ত মোমো অনা বন্ধ কৰি দিলে। খঙৰ ভমকতে যুৱতীগৰাকী পিতৃৰ ঘৰলৈ গুচি গ’ল। সেয়াই নহয়, তেওঁ বিবাহ বিচ্ছেদৰ সিদ্ধান্তও ল’লে। উত্তৰ প্ৰদেশৰ আগ্ৰাত সংঘটিত হৈছে এই ঘটনা।

আৰক্ষীৰ সূত্ৰ অনুসৰি, যুৱতীগৰাকী আগ্ৰাৰ মালপুৰা অঞ্চলৰ বাসিন্দা। ছমাহ আগতে তেওঁৰ বিয়া হৈছিল। স্বামীয়ে জোতাৰ কাৰখানাত কাম কৰে।

যুৱতীগৰাকীয়ে দাবী কৰে যে তেওঁ বিয়াৰ আগতে প্ৰতিদিনে মোমো খাইছিল। বিয়া ঠিক হোৱাৰ সময়ত যুৱকজনক সেইটো কৈছিল। বিয়াৰ পিছত যুৱকজনে কৰ্মস্থলীৰ পৰা ঘৰলৈ অহাৰ পথত পত্নীৰ বাবে সদায় মোমো অনাৰ প্ৰতিশ্ৰুতি দিছিল।

লগতে পঢ়কঃ ‘প্ৰযোজকৰ লগত শুৱাটোৱে জৰুৰী’! মুম্বাইৰ হোটেললৈ মাতি কি কোৱা হৈছিল অংকিতা লোখাণ্ডেক

বিয়াৰ পিছত কিছুদিন মোমো লৈ ঘৰলৈ উভতি অহাৰ পিছত স্বামীয়ে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ কৰে যুৱতীগৰাকীয়ে। আনকি স্বামীয়ে তেওঁ কৰ্মস্থলীৰ পৰা দেৰিকৈ ঘৰলৈ উভতি অহাৰো অভিযোগ যুৱতীগৰাকীৰ।

তাৰপিছতে যুৱতীগৰাকীয়ে স্বামীৰ লগত কাজিয়া কৰি খঙৰ ভমকত পিতগৃহলৈ যায়। আনকি বিবাহ বিচ্ছেদ কৰাৰ সিদ্ধান্তও লয়। যুৱতীগৰাকীয়ে স্বামীৰ বিৰুদ্ধে এজাহাৰো দাখিল কৰে।

সংসাৰৰ এই অস্থিৰতা সমাধানৰ বাবে দম্পতীহালে পাৰিবাৰিক সমস্যা সমাধান কেন্দ্ৰৰ কাষ চাপে। আৰ্থিক চাপত দিন কটাব লগা হৈছে বুলি জনায় যুৱকে। এনে পৰিস্থিতিত তেওঁ প্ৰতিদিনে পত্নীৰ বাবে মোমো কিনিব পৰা নাই।

লগতে পঢ়কঃ ৰজাঘৰীয়া আশীৰ্বাদ! অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিবাহ; কিয় চৰ্চাত জামনগৰ বিমানবন্দৰ?

পাৰিবাৰিক সমস্যা সমাধান কেন্দ্ৰৰ মতে, প্ৰতিদিনে নহ’লেও সপ্তাহত অন্ততঃ এদিন বা দুদিন যুৱকজনে পত্নীৰ বাবে মোমো কিনি ঘৰলৈ আনিব। সদ্যহতে এই সিদ্ধান্তত সন্মতি প্ৰকাশ কৰিছে দম্পতীহালে।