১৫ আগষ্টৰ দিনা সমগ্ৰ দেশে পালন কৰিব ৭৫ সংখ্যক স্বাধীনতা দিৱস।
উক্ত দিনটোতে ব্ৰিটিছৰ শাসনৰ পৰা দেশবাসীক মুক্ত কৰা স্বাধীনতা সেনানীসকলক দেশবাসীয়ে শ্ৰদ্ধাৰে স্মৰণ কৰিব, দেশৰ প্ৰান্তে প্ৰান্তে বাজি উঠিব ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত।
আপুনিও ৰাষ্ট্ৰীয় সংগীত গাই তাৰ ভিডিঅ’ প্ৰেৰণ কৰিব পাৰে।
আপুনি পঠোৱা ভিডিঅ’ ১৫ আগষ্টৰ দিনা চৰকাৰে বিশেষ ৱেবচাইটৰ জৰিয়তে লাইভ টেলিকাষ্ট কৰাৰো ব্যৱস্থা কৰিছে।
ভাৰত চৰকাৰে দেশবাসীৰ মাজত দেশপ্ৰেমৰ ভাৱনা অধিক জাগ্ৰত কৰাৰ বাবেই আগ্ৰহী সকলোৰে পৰাই ৰাষ্ট্ৰীয় সংগীতৰ ভিডিঅ’ প্ৰেৰণ কৰিবলৈ আহ্বান জনাইছে।
কোনো ব্যক্তিয়ে এককভাবে বা দলীয় ভাবেও ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰি তাৰ ভিডিঅ’ চৰকাৰে নিৰ্দিষ্ট কৰি দিয়া ৱেবচাইটত প্ৰেৰণ কৰিব পাৰিব।
MyGov India ৰ অফিচিয়েল ইউটিউব পেজত ৰাষ্ট্ৰীয় সংগীত পৰিবেশ আৰু প্ৰেৰণ কৰাৰ বিধি-বিধানৰ কথা সবিস্তাৰে প্ৰকাশ কৰা হৈছে।
আগ্ৰহীসকলে MyGov India ৰ সেই পেজলৈ গৈ এই বিষয়ে সবিশেষ জানিব পাৰিব।
ৰাষ্ট্ৰীয় সংগীত গাই ভিডিঅ’ প্ৰেৰণ কৰিব বিচৰাসকলে rashtragaan.in ৱেবচাইটোত নাম পঞ্জীয়ন কৰিব লাগিব আৰু এই ৱেবচাইটতে ভিডিঅ’ আপলোড কৰিব লাগিব।
ইতিমধ্যে MyGov India ইউটিউব পেজত ‘Let Us Sing The National Anthem’, শীৰ্ষক এক ভিডিঅ’ প্ৰকাশ কৰা হৈছে।
উক্ত ভিডিঅ’টোতে ৰাষ্ট্ৰীয় সংগীত গাই ভিডিঅ’ প্ৰেৰণ কৰিব বিচৰাসকলে এই বিষয়ে সবিশেষ জানিবলৈ সক্ষম হ’ব।