• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

২০৩০ চনত আহমেদাবাদত অনুষ্ঠিত হ’ব পাৰে কমনৱেলথ গেমছ! ৩১ আগষ্টৰ ভিতৰত চূড়ান্ত প্ৰস্তাৱ দাখিল কৰিব লাগিব ভাৰত চৰকাৰে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 17, 2025 7:27 pm
20
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০ বছৰৰ পাছত ২০৩০ চনত পুনৰ ভাৰতত অনুষ্ঠিত হ’ব পাৰে কমনৱেলথ গেমছ। বুধবাৰে কেন্দ্ৰৰ পৰা অনুমতি লাভ কৰি ভাৰতে আনুষ্ঠানিকভাৱে প্ৰতিযোগিতাখন আয়োজন কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। ৩১ আগষ্টৰ ভিতৰত চূড়ান্ত প্ৰস্তাৱ দাখিল কৰিব লাগিব।

নৱেম্বৰৰ শেষৰ ফালে ২০৩০ চনৰ কমনৱেলথ গেমছৰ আয়োজকসকলৰ নাম ঘোষণা কৰা হ’ব। ভাৰতত কমনৱেলথ গেমছ অনুষ্ঠিত হ’লে সকলো খৰচ কেন্দ্ৰই বহন কৰিব।

Apply Now

ইতিমধ্যে ভাৰতে ২০৩০ চনৰ কমনৱেলথ গেমছ আয়োজনৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছিল। বুধবাৰে সাধাৰণ সভাত এই প্ৰস্তাৱ গৃহীত হয়।

ভাৰতীয় অলিম্পিক কমিটীৰ যুটীয়া সম্পাদক কল্যাণ চৌবেয়ে কয় যে শীঘ্ৰে প্ৰস্তুতি আৰম্ভ হ’ব। ইতিমধ্যে কানাডাই নিজৰ নাম প্ৰত্যাহাৰ কৰাৰ বাবে ভাৰতৰ সম্ভাৱনা বাঢ়িছে। প্ৰতিযোগিতা এতিয়া কেৱল নাইজেৰিয়াৰ সৈতে। কিন্তু জনা গৈছে যে দক্ষিণ আফ্ৰিকাই নতুন প্ৰস্তাৱ দাখিল কৰিব পাৰে।

এই সন্দৰ্ভত কাৰ্য্যকৰী সমিতিৰ সদস্য ৰোহিত ৰাজপালে কয়, “২০৩০ চনৰ কমনৱেলথ গেমছ পূৰ্ণাংগ হ’ব। আমি যিবোৰ খেলত ভাল, সেইবোৰ অন্তৰ্ভুক্ত কৰিব পাৰি যাতে পদকৰ সংখ্যা বহু পৰিমাণে বৃদ্ধি পায়।”

মন কৰিবলগীয়া যে ২০২৬ চনৰ গ্লাছগো গেমছত হকী, বেডমিণ্টন, মল্লযুঁজ আৰু শ্বুটিঙৰ দৰে ইভেণ্ট নাথাকিব, য’ত ভাৰতে নিয়মিতভাৱে পদক লাভ কৰি আহিছে।

ৰাজপালে লগতে কয়, “প্ৰথমে কমনৱেলথ গেমছৰ মূল ক্ৰীড়া যিবোৰ প্ৰতিবাৰেই অনুষ্ঠিত হয়। দ্বিতীয় খণ্ডত আয়োজক দেশৰ পছন্দৰ খেল আৰু তৃতীয় খণ্ড অতিৰিক্ত ক্ৰীড়াৰে গঠিত। ২০৩০ চনৰ কমনৱেলথ গেমছত আমি পৰম্পৰাগত আৰু থলুৱা ক্ৰীড়া ৰাখিম। শ্বুটিং, আৰ্চাৰী, ৰেছলিং, কাবাডী, খোডী আদি খেল অনুষ্ঠিত হ’ব।”

শেহতীয়াকৈ কমনৱেলথ গেমছৰ সঞ্চালক ডেৰেন হল আহমেদাবাদলৈ আহিছিল। আন্তঃগাঁথনি পৰিদৰ্শন কৰাৰ সমান্তৰালকৈ তেওঁ গুজৰাটৰ বিষয়াসকলৰ সৈতে বাৰ্তালাপ কৰিছিল। জানিব পৰা মতে চলিত বৰ্ষৰ শেষৰ ফালে আন এটা ডাঙৰ দল আহিব পাৰে।ইয়াৰ পূৰ্বে ভাৰতে ২০১০ চনত কমনৱেলথ গেমছ আয়োজন কৰিছিল। সেয়া আছিল প্ৰথম। কিন্তু ইয়াৰ অপব্যৱস্থাপনা আৰু আৰ্থিক দুৰ্নীতিৰ বাবে সমালোচনা হৈছিল। এথলীটছ ভিলেজ আৰু ষ্টেডিয়ামকে ধৰি কেইবাটাও আন্তঃগাঁথনি নিৰ্মাণত যথেষ্ট পলম হৈছিল, বাজেট বৃদ্ধি হৈছিল, নেহৰু ষ্টেডিয়ামৰ এখন ফুটব্ৰিজ ভাঙি পেলোৱাত বহু শ্ৰমিক আহত হৈছিল। আনকি আয়োজক সমিতিৰ অধ্যক্ষ সুৰেশ কালমাদীকো ব্যাপক আৰ্থিক দুৰ্নীতিৰ বাবে জেললৈ প্ৰেৰণ কৰা হৈছিল। এই কথা দেখি বহু খেলুৱৈয়ে নিজৰ নাম প্ৰত্যাহাৰ কৰিছিল। আনকি স্কটলেণ্ড, কানাডাৰ দৰে দেশেও এই অপব্যৱস্থাপনাৰ বাবে খেলুৱৈক পলমকৈ পঠিয়াইছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰসিদ্ধ তাৰাপীঠৰ হোটেলত পুৱতি নিশা ভয়ংকৰ অগ্নিকাণ্ড; কমেও ৭ জন তীৰ্থযাত্ৰীৰ মৃত্যু, একাধিক আহত

প্ৰসিদ্ধ তাৰাপীঠৰ হোটেলত পুৱতি নিশা ভয়ংকৰ অগ্নিকাণ্ড; কমেও ৭ জন তীৰ্থযাত্ৰীৰ মৃত্যু, একাধিক আহত

August 17, 2026 9:40 am
‘নালছা’ৰ পিছত আন এখন আইন মহাবিদ্যালয়; মুখ্য ন্যায়াধীশক সমাৱৰ্তনলৈ আমন্ত্ৰণত আপত্তি শিক্ষাৰ্থীৰ

‘নালছা’ৰ পিছত আন এখন আইন মহাবিদ্যালয়; মুখ্য ন্যায়াধীশক সমাৱৰ্তনলৈ আমন্ত্ৰণত আপত্তি শিক্ষাৰ্থীৰ

August 17, 2026 8:30 am
৩ টা বিষয়ৰ ইউজিচি NET পৰীক্ষা বাতিল! প্ৰশ্নকাকতত এসোপা ভুল, পুনৰ কেতিয়া হ’ব পৰীক্ষা?

৩ টা বিষয়ৰ ইউজিচি NET পৰীক্ষা বাতিল! প্ৰশ্নকাকতত এসোপা ভুল, পুনৰ কেতিয়া হ’ব পৰীক্ষা?

August 17, 2026 7:45 am
শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰসিদ্ধ তাৰাপীঠৰ হোটেলত পুৱতি নিশা ভয়ংকৰ অগ্নিকাণ্ড; কমেও ৭ জন তীৰ্থযাত্ৰীৰ মৃত্যু, একাধিক আহত

প্ৰসিদ্ধ তাৰাপীঠৰ হোটেলত পুৱতি নিশা ভয়ংকৰ অগ্নিকাণ্ড; কমেও ৭ জন তীৰ্থযাত্ৰীৰ মৃত্যু, একাধিক আহত

August 17, 2026 9:40 am
‘নালছা’ৰ পিছত আন এখন আইন মহাবিদ্যালয়; মুখ্য ন্যায়াধীশক সমাৱৰ্তনলৈ আমন্ত্ৰণত আপত্তি শিক্ষাৰ্থীৰ

‘নালছা’ৰ পিছত আন এখন আইন মহাবিদ্যালয়; মুখ্য ন্যায়াধীশক সমাৱৰ্তনলৈ আমন্ত্ৰণত আপত্তি শিক্ষাৰ্থীৰ

August 17, 2026 8:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd