DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, January 28, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিক্ষয়িত্ৰী হোৱাৰ মন কলাত ৰাজ্যৰ ভিতৰত তৃতীয় স্থানপ্ৰাপ্ত পলী বৰাৰ

ভাৰ্গৱ হাজৰিকা by ভাৰ্গৱ হাজৰিকা
June 25, 2020 6:40 pm
AHSEC results: Third rank holder Poli Bora wants to be a teacher

পৰিয়ালৰ সৈতে গামোচা পিন্ধাগৰাকী পলী।

508
VIEWS
Share on FacebookShare on Twitter

নগাওঁ জিলাৰ পুৰণিগুদাম বৰাচুকৰ বাসিন্দা কৃষক ধৰ্মেশ্বৰ বৰা আৰু গৃহিনী শেৱালী বৰাৰ কনিষ্ঠ কন্যা পলী বৰাই আজি ঘোষিত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে তৃতীয় স্থান লাভ কৰি সমগ্র নগাঁৱৰ লগতে জন্মস্থান পুৰণিগুদামলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

সৰুৰে পৰা মেধাৱী ছাত্ৰী গৰাকীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯১ শতাংশ নম্বৰ আহৰণেৰে পুৰণিগুদাম হালোৱাগাওঁ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা সুখ্যাতিৰে উৰ্ত্তীণ হোৱাৰ পিছত বৃহস্পতিবাৰে ঘোষিত ফলাফলে পুৰণিগুদামবাসীক উৎফুল্লিত কৰি তুলিছে।

নগাঁও চহৰৰ কনচেপ্ত জুনিয়ৰ কলেজৰ পৰা এই সফলতা লাভ কৰিবলৈ সক্ষম হোৱা মেধাৱী ছাত্ৰী গৰাকীয়ে ইংৰাজী বিষয়ত ৮৫, অসমীয়া বিষয়ত ৯৭, শিক্ষা বিষয়ত ৯৬, তৰ্ক শাস্ত্ৰত ৯৭ আৰু ৰাজনীতি বিজ্ঞান বিষয়ত ৯৮ নম্বৰসহ মুঠ ৪৭৩ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়।

ভৱিষ্যতে এগৰাকী ভাল শিক্ষয়িত্ৰী হোৱাৰ দুৰ্বাৰ আশা মনত পুহি ৰখা পলী বৰাই বৰ্তমান ৰাজনীতি বিজ্ঞানক মুখ্য বিষয় হিচাপে লৈ নগাঁও মহাবিদ্যালয়ত নামভৰ্তি কৰিবৰ বাবে মনস্থ কৰিছে বুলি জানিবলৈ দিয়ে সংবাদ মাধ্যমক।

সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মেধাৱী ছাত্ৰীগৰাকীয়ে তেওঁৰ এই সফলতাৰ আঁৰত পিতৃ-মাতৃ, জ্যেষ্ঠ ভগ্নী আৰু মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ লগতে এৰি অহা হালোৱাগা‍ওঁ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশক কৃতজ্ঞতা জ্ঞাপন কৰে।

দৈনিক ১০/১১ ঘন্টাকৈ অধ্যয়ন কৰাৰ পৰিৱৰ্তে নিতৌ যি পঢ়ে তাকে খৰছি মাৰি পঢ়ি অৱশেষত এটা ভাল ফলাফললৈ আশাৰে বাট চাই ৰোৱা মেধাৱী ছাত্ৰীগৰাকীয়ে বৰ্তমান সামাজিক, ৰাজনৈতিক পৰিৱেশ অত্যন্ত অস্থিৰ বুলি উল্লেখ কৰে।

এনে পৰিবেশৰ মাজত ছাত্ৰীগৰাকীয়ে অনুজসকলক উদ্দেশ্য কৰি কয় যে এনে পৰিবেশৰ মাজতো নিজৰ লক্ষ্য সুস্থিৰ কৰি কৰ্মত অগ্ৰসৰ হ’লে নিশ্চয় এদিন সকলোৱে সফলতা লাভ কৰিব পাৰিব।

আধুনিক নৃত্য, বিহু নৃত্য অতি সুন্দৰভাৱে পৰিবেশন কৰি বিভিন্ন সময়ত ৰাইজৰ সমাদৰ বুটলি আনিবলৈ সক্ষম হোৱা মেধাবী ছাত্ৰীগৰাকীৰ জীৱনত ভবেন্দ্ৰ নাথ শইকীয়াৰ “অন্তৰীপ” আৰু ড: ৰুবুল মাউতৰ “মোৰো এটা সপোন আছিল” গ্ৰন্থ দুখনে বিশেষ প্ৰভাৱ পেলাইছিল বুলি উল্লেখ কৰে।

আজি এই ফলাফল ঘোষণা হোৱাৰ পিছতে তেওঁৰ নিজা গৃহত এক উদুলি-মুদুলি পৰিবেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে।

সকলোৱে সামাজিক দূৰত্ব ৰক্ষা কৰি ছাত্ৰীগৰাকীক অভিনন্দন আৰু সম্বৰ্দ্ধনা জনোৱাও দেখা পোৱা গৈছে।

বিশেষকৈ পুৰণিগুদামৰ অগ্ৰণী সামাজিক, সাংস্কৃতিক সংগঠন বাপুজী ভৱন, অনিৰ্বান গোষ্ঠীৰ লগতে পুৰণিগুদাম আঞ্চলিক ছাত্ৰ সন্থা আৰু পুৰণি গুদাম প্ৰেছ ক্লাৱ, বৰাচুক যুৱক বৃন্দ, জাৰ্নেলিষ্ট ইউনিয়ন অৱ অসমৰ কলিয়াবৰ সমিতিকে ধৰি বহু কেইটা দল সংগঠনে সম্বৰ্ধনা জনায় উদীয়মান ছাত্ৰীগৰাকীক।

Recent News

কিমান বছৰ বয়সত এগৰাকী কন্যা মাতৃ হ’ব লাগে? ক’লে বহুবল্কী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

কিমান বছৰ বয়সত এগৰাকী কন্যা মাতৃ হ’ব লাগে? ক’লে বহুবল্কী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

BBCৰ গুজৰাট সংঘৰ্ষৰ তথ্যচিত্ৰ : কংগ্ৰেছ নেতাৰ শশী থাৰুৰক আক্ৰমণ কাৰ?

BBCৰ গুজৰাট সংঘৰ্ষৰ তথ্যচিত্ৰ : কংগ্ৰেছ নেতাৰ শশী থাৰুৰক আক্ৰমণ কাৰ?

‘পাগলখানা হ’ল এই দেশ!’, পাঠান চাবলৈ ছবিগৃহত ভিৰ দেখি প্ৰাক্তন ন্যায়াধীশৰ উদ্ভট মন্তব্য

‘পাগলখানা হ’ল এই দেশ!’, পাঠান চাবলৈ ছবিগৃহত ভিৰ দেখি প্ৰাক্তন ন্যায়াধীশৰ উদ্ভট মন্তব্য

ভাৰত জোড়ো যাত্ৰালৈ কাশ্মীৰতো বিপুল সহাঁৰি : ৰাহুলৰ যাত্ৰাত যোগদান মেহবুবা মুফতীৰ

ভাৰত জোড়ো যাত্ৰালৈ কাশ্মীৰতো বিপুল সহাঁৰি : ৰাহুলৰ যাত্ৰাত যোগদান মেহবুবা মুফতীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd