• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিক্ষয়িত্ৰী হোৱাৰ মন কলাত ৰাজ্যৰ ভিতৰত তৃতীয় স্থানপ্ৰাপ্ত পলী বৰাৰ

ভাৰ্গৱ হাজৰিকা by ভাৰ্গৱ হাজৰিকা
June 25, 2020 6:40 pm
AHSEC results: Third rank holder Poli Bora wants to be a teacher

পৰিয়ালৰ সৈতে গামোচা পিন্ধাগৰাকী পলী।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নগাওঁ জিলাৰ পুৰণিগুদাম বৰাচুকৰ বাসিন্দা কৃষক ধৰ্মেশ্বৰ বৰা আৰু গৃহিনী শেৱালী বৰাৰ কনিষ্ঠ কন্যা পলী বৰাই আজি ঘোষিত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে তৃতীয় স্থান লাভ কৰি সমগ্র নগাঁৱৰ লগতে জন্মস্থান পুৰণিগুদামলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

সৰুৰে পৰা মেধাৱী ছাত্ৰী গৰাকীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯১ শতাংশ নম্বৰ আহৰণেৰে পুৰণিগুদাম হালোৱাগাওঁ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা সুখ্যাতিৰে উৰ্ত্তীণ হোৱাৰ পিছত বৃহস্পতিবাৰে ঘোষিত ফলাফলে পুৰণিগুদামবাসীক উৎফুল্লিত কৰি তুলিছে।

Apply Now

নগাঁও চহৰৰ কনচেপ্ত জুনিয়ৰ কলেজৰ পৰা এই সফলতা লাভ কৰিবলৈ সক্ষম হোৱা মেধাৱী ছাত্ৰী গৰাকীয়ে ইংৰাজী বিষয়ত ৮৫, অসমীয়া বিষয়ত ৯৭, শিক্ষা বিষয়ত ৯৬, তৰ্ক শাস্ত্ৰত ৯৭ আৰু ৰাজনীতি বিজ্ঞান বিষয়ত ৯৮ নম্বৰসহ মুঠ ৪৭৩ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়।

ভৱিষ্যতে এগৰাকী ভাল শিক্ষয়িত্ৰী হোৱাৰ দুৰ্বাৰ আশা মনত পুহি ৰখা পলী বৰাই বৰ্তমান ৰাজনীতি বিজ্ঞানক মুখ্য বিষয় হিচাপে লৈ নগাঁও মহাবিদ্যালয়ত নামভৰ্তি কৰিবৰ বাবে মনস্থ কৰিছে বুলি জানিবলৈ দিয়ে সংবাদ মাধ্যমক।

সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মেধাৱী ছাত্ৰীগৰাকীয়ে তেওঁৰ এই সফলতাৰ আঁৰত পিতৃ-মাতৃ, জ্যেষ্ঠ ভগ্নী আৰু মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ লগতে এৰি অহা হালোৱাগা‍ওঁ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশক কৃতজ্ঞতা জ্ঞাপন কৰে।

দৈনিক ১০/১১ ঘন্টাকৈ অধ্যয়ন কৰাৰ পৰিৱৰ্তে নিতৌ যি পঢ়ে তাকে খৰছি মাৰি পঢ়ি অৱশেষত এটা ভাল ফলাফললৈ আশাৰে বাট চাই ৰোৱা মেধাৱী ছাত্ৰীগৰাকীয়ে বৰ্তমান সামাজিক, ৰাজনৈতিক পৰিৱেশ অত্যন্ত অস্থিৰ বুলি উল্লেখ কৰে।

এনে পৰিবেশৰ মাজত ছাত্ৰীগৰাকীয়ে অনুজসকলক উদ্দেশ্য কৰি কয় যে এনে পৰিবেশৰ মাজতো নিজৰ লক্ষ্য সুস্থিৰ কৰি কৰ্মত অগ্ৰসৰ হ’লে নিশ্চয় এদিন সকলোৱে সফলতা লাভ কৰিব পাৰিব।

আধুনিক নৃত্য, বিহু নৃত্য অতি সুন্দৰভাৱে পৰিবেশন কৰি বিভিন্ন সময়ত ৰাইজৰ সমাদৰ বুটলি আনিবলৈ সক্ষম হোৱা মেধাবী ছাত্ৰীগৰাকীৰ জীৱনত ভবেন্দ্ৰ নাথ শইকীয়াৰ “অন্তৰীপ” আৰু ড: ৰুবুল মাউতৰ “মোৰো এটা সপোন আছিল” গ্ৰন্থ দুখনে বিশেষ প্ৰভাৱ পেলাইছিল বুলি উল্লেখ কৰে।

আজি এই ফলাফল ঘোষণা হোৱাৰ পিছতে তেওঁৰ নিজা গৃহত এক উদুলি-মুদুলি পৰিবেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে।

সকলোৱে সামাজিক দূৰত্ব ৰক্ষা কৰি ছাত্ৰীগৰাকীক অভিনন্দন আৰু সম্বৰ্দ্ধনা জনোৱাও দেখা পোৱা গৈছে।

বিশেষকৈ পুৰণিগুদামৰ অগ্ৰণী সামাজিক, সাংস্কৃতিক সংগঠন বাপুজী ভৱন, অনিৰ্বান গোষ্ঠীৰ লগতে পুৰণিগুদাম আঞ্চলিক ছাত্ৰ সন্থা আৰু পুৰণি গুদাম প্ৰেছ ক্লাৱ, বৰাচুক যুৱক বৃন্দ, জাৰ্নেলিষ্ট ইউনিয়ন অৱ অসমৰ কলিয়াবৰ সমিতিকে ধৰি বহু কেইটা দল সংগঠনে সম্বৰ্ধনা জনায় উদীয়মান ছাত্ৰীগৰাকীক।

ভাৰ্গৱ হাজৰিকা

ভাৰ্গৱ হাজৰিকা

Stay Connected

  • 117k Fans

Recent News

সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

October 6, 2026 10:34 am
নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

October 6, 2026 9:44 am
বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

October 6, 2026 8:49 am
মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

October 6, 2026 7:53 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

October 6, 2026 10:34 am
নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

October 6, 2026 9:44 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd