NORTHEAST NOW (Assamese)

গুৱাহাটীত সৰ্ব ভাৰতীয় কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ অধ্যাপক গৌৰৱ বল্লভৰ সংবাদমেল

November 7, 2021 5:51 pm · এন ই নাও নিউজ, গুৱাহাটী

আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত এক সংবাদ মেল সম্বোধন কৰে সৰ্ব ভাৰতীয় কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ অধ্যাপক গৌৰৱ বল্লভে। সংবাদ মেলত মুখপাত্ৰ জনে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰে।

সংবাদ মেলত জাৰী কৰা বিবৃতিত গৌৰৱ বল্লভে পূৰ্বৰ কংগ্ৰেছ-ইউপিএ চৰকাৰক ক্ষতিগ্ৰস্ত কৰা তথা জনমানসত হেয় প্ৰতিপন্ন কৰিবলৈ কৰা ষড়যন্ত্ৰ উন্মোচিত কৰে।

তদুপৰি প্ৰধানমন্ত্ৰী মোডী আৰু CAG বিনোদ ৰায়ে ৰাষ্ট্ৰৰ ওচৰত ক্ষমা বিচাৰিব লাগিব বুলি মন্তব্য কৰে মুখপাত্ৰ জনে।

সংবাদ মেলত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কোষাধ্যক্ষ তথা জেষ্ঠ মুখপাত্ৰ ৰাজেশ যোশী, অসম কংগ্ৰেছৰ বিধায়িনী দলৰ নেতা দেৱব্ৰত শইকীয়া আৰু অন্যান্য কংগ্ৰেছ নেতা সকল উপস্থিত থাকে।

Related News