NORTHEAST NOW (Assamese)

মুছলমান জনসংখ্যাৰ সন্দৰ্ভত ওৱাইচিৰ মন্তৱ্য, “আমিহে অধিক কণ্ডম ব্যৱহাৰ কৰোঁ”

October 9, 2022 10:13 am · এন ই নাও নিউজ, নতুন দিল্লী
আছাউদ্দিন ওৱাইছি। ফাইল ফটো।

আৰ এছ এছ ৰ মুৰব্বী মোহন ভাগৱতে বিজয়া দশমীৰ ভাষণত ভাৰতত জনসংখ্যা নিয়ন্ত্ৰণৰ বিষয়ে কৈছিল। জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ সপক্ষে তেওঁ কৈছিল যে ধৰ্মৰ ওপৰত আধাৰিত জনসংখ্যাৰ ভাৰসাম্যৰ বৈষম্যৰ ফলত ভৌগোলিক সীমাৰ পৰিৱৰ্তন ঘটে। জনসংখ্যাৰ বাবে সম্পদৰ প্ৰয়োজন কিন্তু যদি জনসংখ্যা বৃদ্ধি হয়, তেন্তে ই এক বোজা হৈ পৰে। সেয়েহে, দেশৰ বাবে জনসংখ্যা নিয়ন্ত্ৰণ নীতিৰ প্ৰয়োজন আছে।

এআইএমআইএমৰ মুৰব্বী আছউদুদ্দিন ওৱাইচিয়ে আৰ এছ এছ প্ৰধানৰ মন্তব্যৰ ওপৰত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। সংবাদ সংস্থাৰ বাতৰি মতে, ওৱাইচিয়ে ভাগৱতক দেশৰ মুছলমান জনসংখ্যাৰ বিষয়ে চিন্তা কৰা বন্ধ কৰিবলৈ পৰামৰ্শ দিছে।

লগতে পঢ়ক: দুৰ্নীতিৰ গোচৰত চিবিআইয়ে সোধপোছ কৰিলে প্ৰাক্তন ৰাজ্যপালক; চলিল তালাচীও!

ওৱাইচিয়ে কয়, “আতংকিত নহ’ব, মুছলমান জনসংখ্যা বৃদ্ধি হোৱা নাই, কিন্তু হ্ৰাস পাইছে… তেন্তে কোনে আটাইতকৈ বেছি কণ্ডম ব্যৱহাৰ কৰিছে? এয়া আমি। মোহন ভাগৱতে ইয়াৰ বিষয়ে একো নক’ব।‘’

মোহন ভাগৱতে কৈছিল, “ধৰ্মৰ ভিত্তিত জনসংখ্যাৰ ভাৰসাম্যৰ পৰিৱৰ্তনৰ বাবে চুদান ভাঙি দক্ষিণ চুদান, ছাৰ্বিয়া ভাঙি কছোভো আৰু ইণ্ডোনেছিয়া ভাঙি পূব টিমোৰৰ দৰে নতুন দেশ গঠিত হৈছে।‘’ তেওঁ ভাৰতো যাতে সেই দিশত আগবাঢ়ি নাযায় তাৰবাবে এতিয়া জনসংখ্যা নীতিৰ বিষয়ে আলোচনা কৰাৰ প্ৰস্তাৱ দিয়ে আৰু কয় যে এই নীতি সকলোৰে বাবে সমানভাৱে প্ৰয়োগ কৰা প্ৰয়োজন।

লক্ষণীয় যে কেইদিনমান আগতে সংঘৰ মুৰব্বীগৰাকীয়ে মুছলমান সম্প্ৰদায়ৰ বিশ্বাস জিকিবলৈ ফিল্ডত নাইছিল। তেওঁ কেইবাগৰাকীও মুছলমান বুদ্ধিজীৱীকো লগ পাইছিল। তাৰ পিছত, তেওঁ বৰ্ণগত বৈষম্য আৰু জাতিগত বৈষম্য আঁতৰাই দলিতসকলক এটা বাৰ্তা দিব বিচাৰিছিল। তেওঁৰ মতে অতীতত ভুল কৰা হৈছিল। সেই ভুলবোৰ স্বীকাৰ কৰাত আমাৰ কোনো আপত্তি থাকিব নালাগে। আমাৰ পূৰ্বপুৰুষসকলে ভুল কৰা কথাটো স্বীকাৰ কৰিলে অভিযোগৰ গুৰুত্ব হ্ৰাস পাব।

লগতে পঢ়ক: ইউক্ৰেইন জয়ৰ দায়িত্ব বায়ুসেনাক দিলে পুটিনে; আক্ৰমণ আৰম্ভ কৰিলে নতুন ৰুছ যুদ্ধ বিমানে

তেওঁ লগতে সংৰক্ষণৰ কথাও কৈছিল। সংৰক্ষণৰ লাভালাভ প্ৰত্যাহাৰ কৰাৰ সপক্ষে মন্তব্য দি তেওঁ দাবী কৰে যে ইয়াৰ ফলস্বৰূপে মেধাৱী শিশুসকলে শিক্ষা আৰু চাকৰিৰ সুযোগ হেৰুৱাইছে।

উল্লেখ্য যে হাজাৰ হাজাৰ বছৰ ধৰি ভাৰতীয় সমাজত বৰ্ণ বিভাজনৰ বাবে অনুসূচীত জাতি-জনজাতিসকল বিভিন্ন লাভালাভৰ পৰা বঞ্চিত হৈ আহিছিল। বঞ্চনাৰ সমাপ্তিৰ বাবে অনুসূচীত জাতি আৰু জনজাতিসকলক সংবিধানত সংৰক্ষণৰ পৰিধিৰ অধীনলৈ অনাৰ সিদ্ধান্ত লোৱা হৈছিল। পৰৱৰ্তী সময়ত অ’বিচি সংৰক্ষণো প্ৰৱৰ্তন কৰা হয়।

Related News