NORTHEAST NOW (Assamese)

যোৰহাটলৈ অনা হ’ল বায়ুসেনাৰ ১৩ জনকৈ শ্বহীদ জোৱানৰ নশ্বৰদেহ

June 21, 2019 9:27 am · স্মিতা ভট্টাচাৰ্য

অৰুণাচল প্ৰদেশৰ চিয়মি জিলাত দুৰ্ঘটনাগ্ৰস্ত হোৱা এ এন ৩২ত থকা ১৩জন জোৱানক ভাৰতীয় বায়ু সেনাই ১৩ জুনত ছহিদ হোৱা বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ পিছতে কালি নিশা অৰ্থাৎ ২০ জুনত বীৰ জোৱানকেইজনৰ নশ্বৰদেহ যোৰহাটলৈ অনা হয়।

কালি অৰ্থাৎ বৃহস্পতিবাৰে দুৰ্ঘটনাত পতিত হৈ ছহিদ হোৱা ১৩ জনকৈ বীৰ জোৱানৰ নশ্বৰ দেহ যোৰহাটৰ বায়ুসেনাৰ ছাউনীলৈ অনাৰ পিছতে ৰাষ্ট্ৰীয় মৰ্যাদাৰে সতীৰ্থসকলে জোৱানসকলক শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।

কালি নিশাই ১২ জন জোৱানৰ মৃতদেহ নিজ নিজ পৰিয়ালক চমজাই দিয়ে। ইফালে উইং কমাণ্ডাৰ জি এম চালৰ্ছৰ মৃতদেহ যোৰহাটৰ গড়মূৰস্থিত ৰাজহুৱা শ্মশানত সৎকাৰ কৰা হয়।

ছহিদ হোৱা উইং কমাণ্ডাৰ জি এম চালৰ্ছৰ ঘৰ বাংগালুৰুত। ১৬ বছৰৰ পূৰ্বে বায়ুসেনাত যোগদান কৰা বীৰ জোৱানগৰাকীয়ে মৃত্যৰ সময়ত পত্নী আৰু একমাত্ৰ কন্যাক এৰি থৈ গৈছে।

দুৰ্ঘটনাটোত প্ৰাণ হেৰুৱা এ এন ৩২ বিমানখনৰ যাত্ৰীসকল হ’ল ক্ৰমে-

উয়িং কামাণ্ডাৰ জি এম চাৰ্লচ, স্কোৱাৰ্ডন লিডাৰ এইচ বিনোদ, ফ্লাইট লেফটেনেণ্ট মোহিত গাৰ্গ, ফ্লাইট লেফটেনেণ্ট চুমিত মহন্তি, ফ্লাইট লেফটেনেণ্ট আশিষ তানৱাৰ, ফ্লাইট লেফটেনেণ্ট ৰাজেশ থাপা, ৱাৰেণ্ট অফিচাৰ কে কে মিশ্ৰ, কোৰপোৰাল চাৰিন, এয়াৰমেন পংকজ চাংৱান, এয়াৰমেন এচ কে সিং, নন-কোমবাটান্ট ৰাজেশ কুমাৰ আৰু পুতলী।

Related News