গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত এলাগী হৈ পৰি ৰোৱা এখন Pilatus PC-12/45 বিমান নিলাম কৰিবলৈ ওলাইছে ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণে।
এয়াৰ ডেক্কানৰ VT-DAR নম্বৰৰ বিমানখন নিলাম কৰাৰ বাবে প্ৰাধিকৰণে ইতিমধ্যে যাৱতীয় সকলো প্ৰক্ৰিয়া সম্পন্ন কৰি তোলা বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে অনলাইনৰ জৰিয়তে ১০ ছেপ্তেম্বৰত বিমানখনৰ নিলাম কৰা হ’ব।
এটা ইঞ্জিনযুক্ত Pilatus PC-12/45 বিমানখন সাজি উলিয়াইছে ছুইজাৰলেণ্ডৰ Pilatus Aircraft-এ।
বিমানখনৰ নিলামৰ কথা প্ৰচাৰ হোৱাৰ লগে লগে ৰাজ্যৰ ক্ৰীড়াপ্ৰেমী সকলে এই বুলি মন্তব্য কৰিছে যে অসম ফ্লায়িং ক্লাৱৰ পুনৰুজ্জীৱিতকৰণৰ সময়ছোৱাত বিমানখনৰ নিলামৰ বিষয়টোত চৰকাৰে মন দিব পাৰে।
বিমানখন অসম ফ্লায়িং ক্লাৱে নিলামত ক্ৰয় কৰিলে বহু প্ৰশিক্ষাৰ্থী উপকৃত হ’ব বুলি সচেতন মহলে মন্তব্য কৰিছে।
যিটো সময়ত অসমৰ প্রশিক্ষাৰ্থীয়ে কমাৰ্চিয়েল পাইলট অনুজ্ঞাপত্ৰ বাবে অষ্ট্ৰেলিয়া অথবা আমেৰিকালৈ যাবলগীয়া হৈছে সেই সময়তে নতুন বিমান ক্ৰয় কৰি অসম ফ্লায়িং ক্লাৱে অসমতে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিলে বহুলোক উপকৃত হ’লহেঁতেন।
উল্লেখ্য ১৯৫৮ চনত শ্বিলঙত অসম ফ্লায়িং ক্লাৱ গঠন কৰা হৈছিল। ২০০৩ চনৰ ডিচেম্বৰ মাহলৈ ই সম্পূৰ্ণ সক্ৰিয় হৈ আছিল আৰু এই প্ৰতিষ্ঠানৰ পৰাই ১৫০ জনে প্ৰাইভেট পাইলটৰ আৰু ৩২ জনে কমাৰ্চিয়েল পাইলটৰ অনুজ্ঞাপত্ৰ লাভ কৰিছে।
১৯৭৮ চনলৈ ই অসম চৰকাৰৰ শিক্ষা বিভাগৰ অধীনত আছিল যদিও পিছলৈ ই ক্ৰীড়া আৰু যুৱ কল্যাণ দপ্তৰৰ অধীনলৈ যায়।
প্ৰশিক্ষণৰ বাবে অসম ফ্লায়িং ক্লাৱৰ CESSNA 152-A আৰু এখন PUSPAK MK-1 বিমান আছে।