এয়াৰটেলৰ ১৭৯ টকাৰ প্লেনৰ সৈতে গ্ৰাহকে লাভ কৰিব ২ লাখ টকাৰ জীৱন বীমা

Lockdown: Bharti Airtel extends pre-paid pack validity

এয়াৰটেলে ইয়াৰ গ্ৰাহকৰ বাবে নিতুনএটা প্ৰিপেইড প্লেন মুকলি কৰিছে। দুশ টকাতকৈয়ো কমত অনা এই প্লেনটো।

এই প্লেনত গ্ৰাহকে আনলিমিটেড কলৰ লগতে এছ এম এছৰ সুবিধা লাভ কৰিব। ইয়াৰ লগতে ২ লাখ টকাৰ জীৱন বীমা অফাৰ হিচাপে আগবঢ়োৱা হ’ব। এই প্লেনৰ মূল্য ১৭৯টকা।

এয়াৰটেলৰ ১৭৯টকাৰ প্লেনত ২৮ দিনৰ ভেলিডিটি পোৱা যাব। ইয়াৰ যিকোনো নেটৱৰ্কত আনলিমিটেড কলৰ সুবিধা থাকিব। লগতে থাকিব নেশ্যনেল ৰোমিঙৰ সুবিধাও।

তদুপৰি, গ্ৰাহকে মুঠ ৩০০ এছ এম এছ কৰাৰ সুবিধা লাভ কৰিব। আকৌ মুঠ ২ জিবি ডাটাও লাভ কৰিব।

এই প্লেনৰ আটাইতকৈ সুখৱৰটো হৈছে ২ লাখ টকাৰ জীৱন বীমা। ইয়াৰ বাবে কোম্পানীয়ে Bharti Axa ৰ সৈতে বুজাবুজি কৰিছে।

যিমান দিন গ্ৰাহকে এই প্লেনত ৰিচাৰ্জ কৰিব সিমান দিনলৈকে এই সুবিধা লাভ কৰিব। অৱশ্যে ইয়াৰ বাবে গ্ৰাহকৰ বয়স ১৮-৫৪বছৰৰ ভিতৰত হ’ব লাগিব।

কোম্পানীয়ে জানিবলৈ দিছে যে ইয়াৰ বাবে কোনোধৰণৰ নথি পত্ৰ বা মেডিকেল টেষ্টৰ প্ৰয়োজন নহ’ব।

গ্ৰাহকে ইচ্ছা কৰিলে বীমাৰ কপি বিচাৰিব পাৰে। সেয়া এয়াৰটেল থেংকছ এপ বা কোনো এয়াৰটেল ৰিটেইল ষ্ট’ৰৰ পৰা কৰিব পাৰে।