বিবাদ পাহৰি এন চি পিৰ দুয়োটা শিবিৰ একত্ৰিত হোৱাটো মাথোঁ সময়ৰ অপেক্ষা আছিল। এন চি পিৰ দুয়োটা শিবিৰে সকলো চূড়ান্ত কৰি পেলাইছিল। সকলো ঠিকে থাকিলে মহাৰাষ্ট্ৰৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি কৰি অজিত পাৱাৰে ৮ ফেব্ৰুৱাৰীত খুড়াক শাৰদ পাৱাৰৰ সৈতে ‘পুনৰ মিলন’ ঘোষণা কৰাৰ কথা আছিল।
কিন্তু ১১ দিন পূৰ্বে বিমান দুৰ্ঘটনাত অজিত পাৱাৰৰ হঠাৎ মৃত্যুৱে সকলো থানবান কৰি পেলালে। পাৱাৰ শিবিৰ দুটা একত্ৰিত হ’লে বিজেপি আৰু শাসকীয় শিবিৰৰ যি ৰাজনৈতিক ক্ষতিৰ সন্মুখীন হ’লহেঁতেন, তাৰ পৰা হাত সাৰি গ’ল।
শেহতীয়াকৈ পিম্পৰী-চিঞ্চৱাদ আৰু পুনে পৌৰসভাত এন চি পি শিবিৰ দুটাই ঐক্যবদ্ধভাৱে যুঁজ দিছিল। আশা কৰা ধৰণৰ ফলাফল আনিব পৰা নাছিল। কিন্তু ই আছিল মিত্ৰতা। দুয়োটা শিবিৰে পৃথক পৃথক প্ৰতীকৰ অধীনত যুঁজ দিছিল। এইবাৰ দুয়োটা শিবিৰে যৌথভাৱে মহাৰাষ্ট্ৰ জিলা পৰিষদৰ নিৰ্বাচনত যুঁজ দিয়াৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰে।
এইবাৰ পৃথক চিহ্নৰ অধীনত নহয়। দুয়োটা শিবিৰৰ প্ৰাৰ্থীয়ে অজিত পাৱাৰৰ এন চি পিৰ ‘ঘড়ী’ প্ৰতীকৰ অধীনত প্ৰতিদ্বন্দ্বিতা কৰাৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰে। আৰু সেয়া হ’লে বাৰামটি-পুনেৰ আশে-পাশে বিজেপিয়ে বেয়াকৈ মুখথেকেচা খালেহেঁতেন৷ কাৰণ এই ‘ঘড়ী’টোৱেই হৈছে এন চি পিৰ প্ৰকৃত প্ৰতীক। এই চিহ্নটো শাৰদ পাৱাৰে হেৰুৱাই পেলোৱাৰ পিছত তেওঁৰ নিজৰ ভোট বেংকত যি খহনীয়া হৈছিল, ইয়াক পুনৰুদ্ধাৰ কৰাই লক্ষ্য আছিল।
জানিব পৰা মতে, পৰ্দাৰ আঁৰত অজিতে খুড়াক শাৰদ পাৱাৰৰ দল এন চি পি আৰু তেওঁৰ এন চি পিৰ একত্ৰীকৰণত ছীল-মোহৰ মাৰিছিল। অহা ৫ ফেব্ৰুৱাৰীত আগন্তুক জিলা পৰিষদৰ নিৰ্বাচনত দুয়োটা দলে যৌথভাৱে যুঁজ দিয়াৰ কথা আছিল। দৰাচলতে অজিতে দুয়োটা শিবিৰৰ যৌথ প্ৰাৰ্থীৰ বাবে প্ৰচাৰ চলাবলৈ বাৰামটিলৈ গৈছিল। ফলাফল ঘোষণা হোৱাৰ পিছত ৮ ফেব্ৰুৱাৰীত দুয়োটা শিবিৰৰ পুনৰ মিলনৰ কথা ঘোষণা কৰিলেহেঁতেন। কিন্তু অজিতৰ মৃত্যুৰ লগে লগে সকলো থানবান হৈ পৰিল। স্বাভাৱিকতে অজিতৰ মৃত্যুৰ আঁৰৰ ষড়যন্ত্ৰ তত্ত্বক সম্পূৰ্ণৰূপে উলাই কৰিব নোৱাৰি। বহুতে বিষয়টো যথেষ্ট ৰহস্যময় বুলি ভাবে।
অৱশ্যে অজিতৰ মৃত্যুৰ পিছত দুয়োটা শিবিৰ একত্ৰিত হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। দুয়োটা শিবিৰৰ নেতাসকলে কয় যে আলোচনা এতিয়াও অব্যাহত আছে। হয়, ‘অজিত’ৰ মৃত্যুৰ কাৰণে প্ৰক্ৰিয়াটোৱে অলপ বিপৰ্যয়ৰ সন্মুখীন হৈছে। কিন্তু পুনৰ্মিলন হ’বই। হয়তো কিছু সময় লাগিব পাৰে।





