অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আজি মৰিগাঁও জিলা সমিতিয়ে অসম চৰকাৰৰ মুখ্য সচিবলৈ জিলা উপায়ুক্তৰ জৰিয়তে স্মাৰক পত্ৰ প্ৰেৰণ কৰে।
পৰিৱৰ্তনৰ শ্ল’গানেৰে দিশপুৰত শাসনৰ গাদী দখল কৰা আৰু শূন্য সহনশীলতাৰ কথাৰে অসমবাসীৰ মন জয় কৰা মুখ্যমন্ত্ৰী সোণোৱালৰ নেতৃত্বাধীন বিজেপি চৰকাৰ খন বিভিন্ন ছিণ্ডিকেট বন্ধ কৰাত ব্যৰ্থ হৈছে বুলি দাবী কৰে সংগঠনটোৱে।
যুৱ-ছাত্ৰ পৰিষদৰ মৰিগাঁও জিলা সমিতিৰ সভাপতি দীপজ্যোতি বৈশ্য আৰু সাধাৰণ সম্পাদক মিৰ্জা আৰিফ আলমৰ স্বাক্ষৰিত স্মাৰক পত্ৰত উল্লেখ কৰে যে গণতান্ত্ৰিক মাধ্যমেৰে নিৰ্বাচিত এখন চৰকাৰ আৰু সমগ্ৰ বিষয়ৰ লগত জড়িত এজন দক্ষ প্ৰশাসনিক বিষয়া থকাৰ পাছতো ৰাজ্যখনত বৰ্তমানে ছিণ্ডিকেট অব্যাহত আছে, যিটো অসমবাসীৰ কাৰণে দুৰ্ভাগ্যজনক বিষয়।
সেয়েহে চৰকাৰৰ পৃষ্ঠপোষকতাতে ৰাজ্যখনত ছিণ্ডিকেট অব্যাহত থকা বুলি অভিযোগ উত্থাপিত হৈছে।
ইফালে ৰাজ্যখনত অব্যাহত থকা সকলো ছিণ্ডিকেট কঠোৰ ভাৱে দমন কৰিবলৈ মুখ্য সচিব গৰাকীক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে স্মাৰক পত্ৰৰ যোগে দাবী জনাইছে ।