NORTHEAST NOW (Assamese)

ৰাষ্ট্ৰীয় ৰাজনীতিক প্ৰভাৱিত কৰিবলৈ দিল্লীত অখিল-পলাশ

January 22, 2019 9:51 pm · ৰূপা চৰকাৰ
জে দি ইউ নেতা কে চি ত্যাগীৰ সৈতে অখিল-পলাশ।

ৰাজ্যসভাত নাগৰিকত্ব বিধেয়ক বিৰোধী অৱস্থান লোৱাৰ বাবে ৰাষ্ট্ৰীয় ৰাজনৈতিক দলসমূহক প্ৰভাৱিত কৰাৰ চেষ্টাৰে নতুন দিল্লীত বাহৰ পাতিছে অখিল গগৈ আৰু পলাশ চাংমায়ে।

ৰাষ্ট্ৰীয় জনতা দল (RJD)ৰ নেতাৰ পিছত অখিল-পলাশে সোমবাৰে সাক্ষাৎ কৰে জনতা দল ইউনাইটেদ (JDU)ৰ নেতা কে চি ত্যাগী আৰু কংগ্ৰেছ সাংসদ, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী জয়ৰাম ৰমেশক।

৩১ জানুৱাৰিৰ পৰা আৰম্ভ হ’ব লগা ৰাজ্যসভাৰ বাজেট অধিৱেশনত আটাইকেইজন নেতাই তেওঁলোকৰ দলসমূহে বিধেয়ক বিৰোধী অৱস্থান ল’ব বুলি প্ৰতিশ্ৰুতি দিছে।

“আমি আজি ৰাতিপুৱা ত্যাগী আৰু সন্ধিয়া জয়ৰাম ৰমেশক সাক্ষাৎ কৰিছো। আৰ জে দিৰ নেতাক পূৰ্বেই আমি লগ কৰিছিলো। ৰাজ্যসভাত তেওঁলোকে বিধেয়কখনৰ বিৰোধিতা কৰাৰ প্ৰতিশ্ৰুতি দিছে,” নৰ্থ ইষ্ট নাও-ক জনাই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা গগৈয়ে।

বিজেপিৰ মিত্ৰ দল হোৱা সত্ত্বেও নীতীশ কুমাৰ নেতৃত্বাধীন জে দি ইউৱে বিধেয়কখনৰ বিৰুদ্ধে ইতিমধ্যে কাৰ্য্যনিৰ্বাহকত সিদ্ধান্ত গ্ৰহণ কৰিছে।

বিজেপিৰ বাহিৰে ৰাজ্যসভাত সাংসদ থকা সকলো দলকে সাক্ষাৎ কৰিব বুলি জনাইছে গগৈয়ে।

“ৰাজ্যসভাৰ অধিৱেশনত গৰিষ্ঠ সংখ্যক ৰাজনৈতিক দলে বিধেয়্ক বিৰোধিতা কৰা আমি দেখা পাম,” গগৈৰ মন্তব্য।

Related News