• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘বিধেয়কখনৰ ভুল বাখ্যা হৈছে’ বুলি কোৱা মুখ্য মন্ত্ৰীয়ে কিমান বুজি পায় নাগৰিকত্ব বিধেয়কখন?

প্ৰকৃততে বিধেয়কখন বুজি পোৱা নাই কোনে? অসমৰ মুখ্য মন্ত্ৰীয়ে নে মেঘালয়, মিজোৰাম, মণিপুৰ আদিৰ মুখ্য মন্ত্ৰীয়ে?

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
January 22, 2019 10:14 pm
21-01-19 Bijni- CM inaugural function Military School (6)

বিজনীত সৈনিক স্কুলৰ আধাৰশিলা স্থাপন অনুষ্ঠানত ভাষণ দিয়া মুহূৰ্তত মুখ্য মন্ত্ৰী সোণোৱাল। ফটো : ইউ বি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত নীৰৱতা অৱলম্বন কৰি থকা অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল যোৱা কেইদিনমানৰ ভিতৰত হঠাৎ বিধেয়কখনৰ সপক্ষে সৰৱ হ’ল। বিধেয়কখন সম্পৰ্কে যোৱা দুদিনমানত কেইবাখনো সভাত তেওঁক বাখ্যাও দাঙি ধৰা দেখা গ’ল। কিন্তু মুখ্য মন্ত্ৰীৰ এই ব্যাখ্যা কিমান শুদ্ধ?

মুখ্য মন্ত্ৰী সোণোৱালে মঙলদৈত অনুষ্ঠিত শিল্পী দিৱসৰ কাৰ্যসূচীৰ পৰা আৰম্ভ কৰি জোনবিল মেলা, বান্দৰদেৱাত অনুষ্ঠিত আউনিআটী সত্ৰৰ শাখা সত্ৰৰ সভাতো নাগৰিকত্ব সংশোধনী বিধেয়ক সম্পৰ্কে ৰাইজক বুজনি দিয়া দেখিবলৈ পোৱা গ’ল।

Apply Now

“এই বিধেয়কখনক লৈ ভুল বাখ্যা হৈ আছে।” এখন সভাত বিধেয়কখনৰ শুদ্ধ ব্যাখ্যা দিবলৈ খুজি ৰাইজক সম্বোধন কৰি মুখ্য মন্ত্ৰীয়ে কয়।

তাৰ পিছত তেওঁ এক অদ্ভুত ব্যাখ্যাৰে বুজায়, “এই বিধেয়কখন আইনত পৰিণত হোৱাৰ লগে লগে বাংলাদেশী আহি অসমত সোমাই যাব তেনে নহয়। ইয়াত ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ সময়সীমা বান্ধি দিয়া হৈছে। কোনোবাই এই সংশোধিত আইন অনুসৰি নাগৰিকত্ব পাবলৈ হ’লে নূন্যতম ৭ বছৰ ভাৰতত থাকিব লাগিব। অৰ্থাৎ তেওঁ ২০০৭ চনত আহিলেহে নাগৰিকত্বৰ বাবে আৱেদনহে কৰিব পাৰিব”।

মুখ্য মন্ত্ৰীয়ে লগতে কৈছে যে নাগৰিকত্বৰ বাবে কৰা আৱেদন জিলা উপায়ুক্তই পৰীক্ষা-নিৰীক্ষা কৰি ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰিব।

গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ’ল, যিহেতু বিধেয়কখনত কোনো সময়সীমাৰ কথা উল্লেখেই নাই তেনেক্ষেত্ৰত অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ পৰা ৭ বছৰৰ আগতে ভাৰতলৈ অহা লোকেহে আবেদন কৰিব পাৰিব বুলি কেনেকৈ ক’লে? প্ৰকৃততে ৬ বছৰ ভাৰতত কটোৱা উক্ত সম্প্ৰদায়কেইটাৰ যিকোনো লোকেই নাগৰিকত্বৰ বাবে আৱেদন কৰিব পাৰিব, কিয়নো এই গেজেট নটিফিকেশ্যনত উল্লেখ কৰা ২০১৪ চনৰ ৩১ ডিচেম্বৰ সময়সীমা চৰকাৰে যিকোনো সময়ত সলনি কৰিব পাৰে।

মুখ্য মন্ত্ৰীজনৰ এই বিভ্ৰান্তিকৰ ব্যাখ্যা শুনাৰ পিছত অসমৰ মুখ্য মন্ত্ৰীজনে নাগৰিকত্ব সংশোধনী বিধেয়কখন বুজিয়েই পোৱা নাই বুলি মন্তব্য কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে।

তেওঁ কয়, “এয়া সম্পূৰ্ণ ভুল কথা। বিধেয়কখনত ক’তো সময়সীমাৰ কথা নাই। ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ সময়সীমা আছে জাননীখনতহে। মুখ্য মন্ত্ৰীয়ে তাৰ পৰা ৭ বছৰ আগতে অহা লোকেহে আবেদন কৰিব পাৰিব বুলি ক’ত পালে?”

“সৰ্বানন্দ সোণোৱালক কোনোবাই তেনেকৈ ক’বলৈ শিকাই দিছে আৰু সেইমতে বিধেয়কখনৰ কথা তেওঁ ৰাইজক কৈ আছে”, অখিল গগৈৰ কটাক্ষ।

‘বিধেয়কখনৰ ভুল বাখ্যা হৈছে’ বুলি সোণোৱালে য’তে-ত’তে দাবী কৰি থকাৰ পিছত তেওঁৰ বিধেয়কখন সম্পৰ্কত দিয়া ব্যাখ্যা শুনি হতবাক হৈছে বহু সচেতন নাগৰিক।

আনহাতে এই কথাও কোৱা প্ৰয়োজন যে অসমৰ মুখ্য মন্ত্ৰীজনৰ বিপৰীতে তেওঁৰ সমপদীয়া মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমা, মিজোৰামৰ মুখ্য মন্ত্ৰী জোৰামথাংগাকে ধৰি উত্তৰ-পূবৰ কেইবাজনো মুখ্য মন্ত্ৰীয়ে বিধেয়কখনৰ ক্ষতিকৰ দিশবোৰ বুজি লৈ ইয়াৰ বিৰোধিতা কৰিছে। এতিয়া প্ৰশ্ন হয়, প্ৰকৃততে বিধেয়কখন বুজি পোৱা নাই কোনে? অসমৰ মুখ্য মন্ত্ৰীয়ে নে মেঘালয়, মিজোৰাম, মণিপুৰ আদিৰ মুখ্য মন্ত্ৰীয়ে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

পশ্চিমবংগত ফুটবল খেলক লৈ ভয়ংকৰ সংঘাত : ১৭ বছৰীয়া কিশোৰক হত্যা, ৩ জন আটক

পশ্চিমবংগত ফুটবল খেলক লৈ ভয়ংকৰ সংঘাত : ১৭ বছৰীয়া কিশোৰক হত্যা, ৩ জন আটক

July 7, 2026 7:13 pm
খামেনেইৰ শেষকৃত্যত ভাৰতীয় প্ৰতিনিধি: নতুন দিল্লীক কৃতজ্ঞতা ইৰানৰ , আমেৰিকাৰ ভাবুকিৰ বাবে আঁতৰি থাকিল ১৩খন দেশ   

খামেনেইৰ শেষকৃত্যত ভাৰতীয় প্ৰতিনিধি: নতুন দিল্লীক কৃতজ্ঞতা ইৰানৰ , আমেৰিকাৰ ভাবুকিৰ বাবে আঁতৰি থাকিল ১৩খন দেশ  

July 7, 2026 6:46 pm
২০ বছৰৰ পাছত প্ৰথমবাৰলৈ তামিলনাডুত সুৰা বিপণীৰ কৰ্মচাৰীৰ ২৫ শতাংশ দৰমহা বৃদ্ধি, অতিৰিক্ত মূল্য লোৱা বন্ধ কৰাৰ লক্ষ্য

২০ বছৰৰ পাছত প্ৰথমবাৰলৈ তামিলনাডুত সুৰা বিপণীৰ কৰ্মচাৰীৰ ২৫ শতাংশ দৰমহা বৃদ্ধি, অতিৰিক্ত মূল্য লোৱা বন্ধ কৰাৰ লক্ষ্য

July 7, 2026 6:26 pm
আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

July 7, 2026 4:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পশ্চিমবংগত ফুটবল খেলক লৈ ভয়ংকৰ সংঘাত : ১৭ বছৰীয়া কিশোৰক হত্যা, ৩ জন আটক

পশ্চিমবংগত ফুটবল খেলক লৈ ভয়ংকৰ সংঘাত : ১৭ বছৰীয়া কিশোৰক হত্যা, ৩ জন আটক

July 7, 2026 7:13 pm
খামেনেইৰ শেষকৃত্যত ভাৰতীয় প্ৰতিনিধি: নতুন দিল্লীক কৃতজ্ঞতা ইৰানৰ , আমেৰিকাৰ ভাবুকিৰ বাবে আঁতৰি থাকিল ১৩খন দেশ   

খামেনেইৰ শেষকৃত্যত ভাৰতীয় প্ৰতিনিধি: নতুন দিল্লীক কৃতজ্ঞতা ইৰানৰ , আমেৰিকাৰ ভাবুকিৰ বাবে আঁতৰি থাকিল ১৩খন দেশ  

July 7, 2026 6:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd