আৰক্ষীৰ সন্ত্ৰাস! তিনিচুকীয়াত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্যক ডিএছপিৰ প্ৰহাৰ

WhatsApp Image 2022-01-24 at 9.01.19 AM

প্রতিনিধিত্বমূলক ফটো।

নগাঁৱত ছাত্ৰ নেতাক গুলীওৱা ঘটনাৰ কেইঘন্টামান পাছতে তিনিচুকীয়াৰ কাকপথাৰত আৰক্ষীৰ এটা দলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এজন নেতাক বিনা কাৰণতে প্ৰহাৰ কৰাৰ অভিযোগ উঠিছে।

যুৱ ছাত্ৰ পৰিষদৰ সদস্য মনোজ তালুকদাৰে কয় যে তেওঁক এগৰাকী উপ আৰক্ষী অধীক্ষক পৰ্যায়ৰ বিষয়াৰ লগতে আন কেইজনমানে প্ৰহাৰ কৰে।

তালুকদাৰৰ ভাতৃয়ে অভিযোগ কৰা মতে আৰক্ষীয়ে  তেওঁক ৰাজপথতে প্ৰহাৰ কৰে আৰু তাৰ পাছত ‘পলাবলৈ’ নিৰ্দেশ দিয়ে। তেওঁ লগতে ইয়াত এক ষড়যন্ত্ৰ থকা বুলিও কয়।

লগতে পঢ়ক: নগাঁওৰ ঘটনাটো মুখ্যমন্ত্ৰীৰ অত্যাচাৰী ৰাজত্বৰ এটা প্ৰতিফলন: ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

সংবাদ মাধ্যমৰ আগত তালুকদাৰে কয় যে আৰক্ষীয়ে তেওঁক কিয় প্ৰহাৰ কৰে সেই বিষয়ে তেওঁ উৱাদিহ পোৱা নাই।

তেওঁ দাবী কৰা মতে সন্ধিয়া প্ৰায় ৬-৩০বজাত এটা পাৰ্টিৰ পৰা উভতি অহাৰ সময়ত তেওঁক আৰক্ষীয়ে বাধা দিয়ে।

‘’আৰক্ষীয়ে মোক সুধিছিল মই কিয় বেগাই গাড়ী চলাইছো যদিও মই চলোৱা নাছিলো। মই যেতিয়া সেই অভিযোগ অস্বীকাৰ কৰো, আৰক্ষীয়ে মোক প্ৰহাৰ কৰে আৰু পলাবলৈ কয়,’’-তেওঁ লগতে কয়।

তেওঁ লগতে কয়,’’মোক পলাবলৈ কোৱা হৈছিল সম্ভৱত: তেওঁলোকে মোকো কীৰ্তিকমল বৰাৰ দৰে গুলীয়াব বিচাৰিছিল।‘’

লগতে পঢ়ক: চুবুৰীয়াৰ বিস্ফোৰক অভিযোগ; বলীউদ তাৰকা চলমান খানৰ ফাৰ্মহাউছত তাৰকাসকলৰ কবৰ!

এই ঘটনাৰ পাছতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জিলা সমিতিৰ সদস্যসকলে ঘটনাত জড়িত আৰক্ষীৰ বিষয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে।