• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২০% বোনাচত আপোচ নহ’ব, সকলো বাগিচাতে দিব লাগিব : অখিল ভাৰতীয় চাহ মজদুৰ সংঘ

বাগিচাবোৰত লাভ হোৱা বুলি চাহ মালিকে কোনো দিনেই স্বীকাৰ কৰা নাই

শান্তনু শইকীয়া by শান্তনু শইকীয়া
September 10, 2019 10:28 pm
Akhil Bharatiya Chah Mazdoor Sangha

অখিল ভাৰতীয় চাহ মজদুৰ সংঘৰ অসম শাখাৰ সম্পাদকৰ সংবাদমেল।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সকলো বাগিচাতে ২০ শতাংশ বোনাচ দিবই লাগিব আৰু চাহ উদ্যোগত লোকচান হোৱাৰ দোহাই দি সৰ্বনিম্ন ৮.৩৩ শতাংশ বোনাচ দিয়াটো কোনোপধ্যে মানি লোৱা নহ’ব, এই কথা আজি স্পষ্ট ভাষাত জনাই দিছে অখিল ভাৰতীয় চাহ মজদুৰ সংঘই।

চৰকাৰে কেৱল অসম চাহ নিগমৰ অধীন বাগিচাবোৰত ২০ ঘোষণা কৰাক আভুৱা ভাঁৰা কাৰ্য্য বুলি কয় সংঘই।

Apply Now

আজি অখিল ভাৰতীয় চাহ মজদুৰ সংঘৰ অসম শাখাৰ সম্পাদক দীনেশ নায়কে গুৱাহাটীস্থিত সংঘৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সন্মোধন কৰে।

কিছুদিনৰ পূৰ্বে অসমৰ উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে চাহ উদ্যোগৰ লোকচানৰ দোহাই দি শ্ৰমিকসকলক এইবাৰ পূজাৰ বোনাচ ৮.৩৩ শতাংশকৈহে দিয়াৰ কথা ঘোষণা কৰিছিল। কিন্তু চাহ শ্ৰমিকসকল আৰু তেওঁলোকৰ বিভিন্ন সংগঠনবোৰৰ তীব্ৰ অসন্তুষ্টিৰ পাছত মুখ্য মন্ত্ৰীয়ে অসম চাহ নিগমৰ অন্তৰ্গত বাগিচাসমূহত আগৰ দৰেই ২০ শতাংশ হাৰত বোনাচ দিয়া হ’ব বুলি ঘোষণা কৰে।

দীনেশ নায়কে ইয়াক তথাকথিত ঘোষণা আৰু এক প্ৰহসন আখ্যা দি সকলো বাগিচাতে এই ২০ শতাংশ বোনাছ আগ বঢ়াবলৈ দাবী জনায়।

কেৱল অসম চাহ নিগমৰ অধীনৰ বাগানত দিলে কেইজনে পাব বুলি প্ৰশ্ন কৰি তেওঁ কয়, “অসমত থকা ৮৫৯খন বাগনৰ ১৪খন বাগান হে অসম চাহ নিগমৰ অন্তৰ্গত। বাকী ৮৪৫খন বাগানেই কোম্পানীৰ অন্তৰ্গত”।

বাগিচাবোৰত লোকচান হোৱাৰ কথাটো গোকাট মিছা বুলি দাবী কৰি নায়কে কয়, লোকচানৰ প্ৰশ্নই থাকিব নোৱাৰে। লাভৰ অংশ কম-বেছি হ’ব পাৰে।

“বাগিচাবোৰত লাভ হোৱা বুলি চাহ মালিকে কোনো দিনেই স্বীকাৰ কৰা নাই। তেওঁলোক ইমান দয়ালু যে ঘৰৰ পৰা পইচা আনি শ্ৰমিকক দি আছে। কিন্তু উদ্যোগটোত কোনো প্ৰভাৱ পৰা নাই”, কটাক্ষপূৰ্ণ নায়কৰ মন্তব্য। তেওঁ ইয়াক আভুৱা ভাঁৰা কথা আখ্যা দিয়ে।

ইতিমধ্যে অখিল ভাৰত চাহ মজদুৰ সংঘৰ সপ্তদশ সন্মিলনত কেইবাটাও গুৰুত্বপূৰ্ণ ইচ্ছ্যু হাতত লোৱা বুলি জানিবলৈ দি নায়কে সংবাদমেলত কয় “এই প্ৰথম কথাটো হ’ল মাটিৰ পট্টা দিয়াৰ দাবী। ২০০ বছৰ বাগানবোৰত বাস কৰি অহাৰ পিছতো মাটিৰ অধিকাৰ নহ’ল। চাহ শ্ৰমিকসকলৰ এটা ঘৰ বনাবলৈ একঠা মাটি নাই।“

“প্ৰথমে আমি ভাৰতীয় নাগৰিক। আমাক শ্ৰমিক বুলি ধৰা হয়। কিন্তু আমি প্ৰথমে নাগৰিক। নাগৰিক হিচাপে মাটিৰ অধিকাৰ, শিক্ষাৰ অধিকাৰ এইবোৰ আমাৰ প্ৰাপ্য। কিন্তু আমাক এইবোৰৰ পৰা যুগ যুগ ধৰি বঞ্চিত কৰা হৈছে। চাহ শ্ৰমিকসকলক মানুহ হিচাপে গণ্য কৰা নাই” নায়কে আক্ষেপেৰ কয়।

কংগ্ৰেছ-বিজেপি কোনো চৰকাৰেই তেওঁলোকৰ বাবে একো কৰা নাই বুলি অভিযোগ নায়কৰ।

“চৰকাৰৰ শ্ৰম বিভাগে বিভিন্ন দিশ বিবেচনা কৰি ৩৫১ টকা দৈনিক ন্যূনতম মজুৰি নিৰ্ধাৰণৰ প্ৰস্তাৱ চৰকাৰৰ অনুমোদনৰ বাবে প্ৰেৰণ কৰিছিল। কিন্তু প্ৰায় দুবছৰ পাৰ হৈ যোৱাৰ পাছতো বৰ্তমানেও মুখ্য মন্ত্ৰীগৰাকীয়ে কোনো ব্যৱস্হা গ্ৰহণ নকৰিলে”, নায়কে চৰকাৰখনৰ নিস্পৃহতা উদঙাই কয়।

তেওঁ কয় যে ২০ শতাংশ বোনাছ, ন্যূনতম মজুৰি, মাটিৰ পট্টা এই ইচ্ছ্যুবোৰ লৈ অহা ১২ ছেপ্টেম্বৰত সমগ্ৰ অসমত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব।

অহা নৱেম্বৰৰ ভিতৰত যদি ন্যূনতম মজুৰি কাৰ্যকৰী নহ’লে পৰৱৰ্তী সময়ত অসম বন্ধ, ধৰ্মঘট, ঘেৰাও আদিৰ জৰিয়তে জোৰদাৰ আন্দোলন কৰা হ’ব বুলি সম্পাদকজনে জানিবলৈ দিয়ে।

শান্তনু শইকীয়া

শান্তনু শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

October 17, 2026 8:42 pm
জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

October 17, 2026 7:14 pm
পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

October 17, 2026 5:49 pm
পৰীক্ষাগাৰত পোহৰলৈ আহিল ভয়াৱহ তথ্য: প্ৰিয়াগ’ল্ড বিস্কুট নিৰ্মাতা, ড’ডলা ডেইৰী আৰু ইউ ই আই আৰ অৰ্গেনিক ফুডছৰ বিৰুদ্ধে এফ এছ এছ এ আইৰ আইনী ব্যৱস্থা

পৰীক্ষাগাৰত পোহৰলৈ আহিল ভয়াৱহ তথ্য: প্ৰিয়াগ’ল্ড বিস্কুট নিৰ্মাতা, ড’ডলা ডেইৰী আৰু ইউ ই আই আৰ অৰ্গেনিক ফুডছৰ বিৰুদ্ধে এফ এছ এছ এ আইৰ আইনী ব্যৱস্থা

October 17, 2026 4:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

October 17, 2026 8:42 pm
জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

October 17, 2026 7:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd