‘বিজেপিক যদি কোনোবাই জিকাই পঠিয়াব খুজিছে তেন্তে দহটা দল গঠন কৰক’-অখিল গগৈ

‘কোনো ৰাজ্যতে এটা দল, দুটা দল বা তিনিটা দল বুলি কথা নাই, বহু দল হ’ব পাৰে’ দীপাংক নাথ

28304c47-5fc1-4d46-8801-4c392870bf47

অখিল গগৈ। ফাইল ফটো

‘বিজেপিক যদি কোনোবাই ৱাক অভাৰ দিব বিচাৰিছে তেন্তে বেলেগ কথা। বিজেপিক যদি কোনোবাই জিকাই পঠিয়াব খুজিছে তেন্তে দহটা দল গঠন কৰক।‘ জিএমচিএইচত স্বাস্থ্য পৰীক্ষাৰ বাবে উপস্থিত হৈ এই মন্তব্য কৰিছে অখিল গগৈয়ে।

উল্লেখযোগ্য যে, ৭০ জাতীয় সংগঠনৰ তৰফৰ পৰা একত্ৰিত হৈ ৰাজনৈতিক দল গঠন কৰাৰ আহ্বান জনাই সদৌ অসম ছাত্ৰ সন্থা আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল।

পত্ৰখন লাভ কৰাৰ পাছত সদৌ আসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথক কৃষক মুক্তিৰে একত্ৰিত হৈ ৰাজনৈতিক বিকল্প গঠন নকৰিলে ভোট বিভাজন হ’ব নেকি বা ৰাইজে কাক ভোট দিব সেইটো বিপাঙত পৰি পুনৰ এবাৰ বিজেপিকে চৰকাৰ গঠনৰ সুযোগ দিয়া হ’ব নেকি বুলি সংবাদমেলত সাংবাদিকে প্ৰশ্ন কৰিছিল।

উত্তৰত দীপাংক নাথে কয়, ‘মানুহভেদে দৃষ্টিভংগী বেলেগ বেলেগ। কোনো ৰাজ্যতে এটা দল, দুটা দল বা তিনিটা দল বুলি কথা নাই, বহু দল হ’ব পাৰে। মানুহে নিজৰ দৃষ্টিভংগী লৈ আগবাঢ়ি যাব পাৰে। আদৰ্শ বা পন্থা লৈ আগবাঢ়ি যাব পাৰে। দল গঠন হ’লেহে ক্ষমতা কেনেকৈ হস্তগত কৰিব সেই সন্দৰ্ভত সিদ্ধান্ত ল’ব পাৰিব। আমি অৰাজনৈতিক সংগঠন, কিন্তু ৰাজনৈতিকভাৱে আদৰ্শ থাকিব পাৰে আৰু সেইদৰে আগবাঢ়ি যাম।‘

আছুৰ সভাপতিগৰাকীৰ এই মন্তব্যৰ পাছতেই পুনৰবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অখিল গগৈয়ে।

তেওঁ সংবাদ মাধ্যমৰ আগত কয়, ‘বিজেপিক প্ৰতিহত কৰিব খুজিলে সকলো একেলগ হ’ব লাগিব তথা সকলো অজুহাতেই এৰি দিব লাগিব।‘

‘কোনোবাই কৈ আছে যে মতাদৰ্শৰ প্ৰশ্ন, কোনোবাই কৈ আছে যে কৰ্ম পন্থা বেলেগ। এটা ৰাজনৈতিক দল হ’লে এখন সংবিধান আৰু এখন কৰ্মসুচী থাকিব সেই মতৰেই আগবাঢ়ি যাব লাগিব।‘ গগৈয়ে লগতে কয়।

অখিল গগৈৰ প্ৰশ্ন ‘সদৌ অসম ছাত্ৰ সন্থা আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কিয় স্পষ্টকৈ কোৱা নাই যে সকলো একেলগ হ’ব লাগে?’

অৱশ্যে, সকলো একেলগ হ’ব আৰু সকলোৱে বিজেপিক প্ৰতিহত কৰিব বুলি কৃষক নেতাগৰাকীয়ে আশ্বাস দিয়ে।

তেওঁ লগতে কয়, ‘এটা সাম্প্ৰদায়িক ফেচিবাদক কেৱল জাতীয়তাবাদেহে প্ৰতিহত কৰিব পাৰিব। সেইকাৰণে বাৰম্বাৰ কৈছো সকলো ঐক্যবদ্ধ হ’ব লাগে। কিন্তু মানুহবিলাকৰ কথাবিলাক দেখিছে যে বেকা-বেকি।‘