• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসমবাসীক মহাসংগ্ৰামৰ বাবে সাজু হ’বলৈ আহ্বান অখিল গগৈৰ

শান্তনু শইকীয়া by শান্তনু শইকীয়া
August 2, 2019 6:35 am
01-08-19 Guwahati- Akhil Gogoi press conference (2)

গুৱাহাটীত বৃহস্পতিবাৰে অখিল গগৈৰ সংবাদমেল। ফটো : য়ু বি

644
VIEWS
Share on FacebookShare on Twitter

‘’নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত অতি গোপনে ফ্ৰেছ এনভাইৰমেন্ট ক্লিয়েৰেন্স আৰু কম্পিটাৰ মডেলিং সামূহিক মূল্যায়নৰ নাটক কৰি প্ৰকল্পৰ কাম আগবঢ়াই নিবলৈ সাজু হৈ উঠিছে এন এইচ পি চি।’’ বৃহস্পতিবাৰে গুৱাহাটীত এক সংবাদমেলত এইদৰে দাবী কৰে কৃষক নেতা অখিল গগৈয়ে।

গগৈয়ে সম্পূৰ্ণ বিষয়তো এক ষড়যন্ত্ৰ আখ্যা দি ক’য়, ‘’অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন আৰু নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে অবৈধ বিদেশী জাপি দিয়াৰ বৃহৎ ষড়যন্ত্ৰ কৰাৰ পাছত এইবাৰ অসমৰ জলসম্পদ লুণ্ঠন কৰিবলৈ আন এক সৰ্ববৃহৎ ষড়যন্ত্ৰ ৰচনা কৰিছে কেন্দ্ৰীয় চৰকাৰে।‘’

তেওঁ লগতে উল্লেখ কৰে, ‘’সততে অসম প্ৰীতি প্ৰদৰ্শন কৰি থকা বিজেপি চৰকাৰ খনে অসমৰ বিৰুদ্ধে আৰম্ভ কৰিলে তৃতীয়টো সৰ্ববৃহৎ ষড়যন্ত্ৰ। এই ষড়যন্ত্ৰ অসমৰ জলসম্পদ লুণ্ঠনৰ, এই ষড়যন্ত্ৰ অসমক জলবোমাৰ ওপৰত তুলি দিয়াৰ।‘’

উল্লেখযোগ্য যে যোৱা ১৩ জুন তাৰিখে অতি গোপনভাৱে ফ্ৰেছ এনভাইৰমেন্ট ক্লিয়েৰেন্স বা নতুন পৰিৱেশ সেউজ সংকেত প্ৰদান কৰিছিল। এক্সপাৰ্ট এপ্ৰাইজেল কমিটি(ই এ চি) য়ে এন এইচ পি চিয়ে তৈয়াৰ কৰি দিয়া তিনিজনীয়া বিতৰ্কিত বিশেষজ্ঞ কমিটিৰ প্ৰতিবেদন পঢ়ি নতুনকৈ পৰিৱেশ সেউজ সংকেত দিব পাৰে বুলি অনুমোদন দিয়ে।

ইয়াৰ ভিত্তিতে ১৩ জুন তাৰিখে কেন্দ্ৰৰ বন আৰু পৰিৱেশ বিভাগে সৰ্বশেষ পৰিৱেশ সেউজ সংকেত (ফ্ৰেছ এনভাইৰমেন্ট ক্লিয়েৰেন্স) দিয়ে বুলি তেওঁ সদৰী কৰে।

সংবাদমেলত কৃষক নেতা গৰাকীয়ে ক’য় যে ৰাষ্ট্ৰীয় সেউজ ন্যায়ধীকৰণৰ ৩১ জুলাই তাৰিখৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প সম্পৰ্কীয় ৰায়টো কোনোপধ্যে গ্ৰহণযোগ্য নহয়।

অসমৰ ৰাইজে এই ৰায় কেতিয়াও মানি নলয় বুলিও তেওঁ উল্লেখ কৰে।

কৃষক নেতা গৰাকীয়ে অসমবাসীক মহাসংগ্ৰামৰ বাবে সাজু হ’বলৈ আহ্বান জনোৱাৰ লগতে বৃহৎ নদীবান্ধৰ বিৰুদ্ধে কৃষক মুক্তিয়ে মৰণপণ যুঁজ দিয়াৰ কথা ব্যক্ত কৰে।

কৃষক মুক্তিয়ে এই সংবাদমেলতে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কেন্দ্ৰীয় চৰকাৰক সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ সন্দৰ্ভত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰিবলৈ দাবী জনায়।

Recent News

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd