Akhil Gogoi ৰাজ্য চৰকাৰৰ সীমা নিৰ্ধাৰণৰ নীতি চৰুক সুধি চাউল সিজোৱা লেখীয়া: অখিল গগৈ

Akhil-and-himanta(1)

Akhil Gogoi ‘নাগালেণ্ডে পূৰ্বৰে পৰা অসমৰ বহু ভুমি দখল কৰি আহিছে। অসমৰ সাংবিধানিক সীমাৰ ভিতৰত নাগালেণ্ডৰ গাওঁ এখন থাকিলে তেওঁলোকক চৰকাৰে সুধিলে ক’ব নেকি যে তেওঁলোক অসমৰ লগত থাকিব। চৰকাৰৰ এই নীতি চৰুক সুধি চাউল সিজোৱা লেখীয়া।‘ ৰাজ্য চৰকাৰৰ সীমা নিৰ্ধাৰণ নীতিৰ বিৰুদ্ধে ক্ষোভ উজাৰি সংবাদমেলত এইদৰে কয় বিধায়ক অখিল গগৈয়ে।

অখিল গগৈয়ে সংবাদমেলত প্ৰশ্ন কৰি কয়, ‘’অসমৰ সাংবিধানিক সীমাৰ মাটি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অন্য ৰাজ্যক গতাই দিব খুজিছে নেকি?’’

ইপিনে, উক্ত সংবাদমেলতে চলিত বৰ্ষৰ আগষ্ট মাহত বিধানসভাত গৃহ বিভাগে দিয়া তথ্য দাঙি ধৰি অখিলে কয়, ‘’নাগালেণ্ডে অসমৰ ৫৫,৩৯৬.১২৯৬ হেক্টৰ ভুমি বেদখল কৰি আছে। মিজোৰামে ১৫৭৭.৫৬ হেক্টৰ ভুমি, অৰুণাচল প্ৰদেশে ৮৩৯৫.২৫৪৫ হেক্টৰ ভুমি, মেঘালয়ে ৩৪৪১.৮৬০১ হেক্টৰ ভুমি বেদখল কৰি আছে।‘’

অসমৰ সৰ্বমুঠ ৬৯০১০.৮২৪২ হেক্টৰ ভুমি চুবুৰীয়া ৰাজ্যই দখল কৰি আছে বুলি অখিলে সংবাদমেলত জনায়।

ইপিনে, নাগালেণ্ডে নিজৰ মহকুমা অসমৰ মাটিৰ ভিতৰত স্থাপন কৰা বুলি উল্লেখ কৰি অখিলে লগতে কয়, ‘’এতিয়া যদি নাগালেণ্ডক গৈ সোধা যায় যে আপোনালোকে স্থাপন কৰা মহকুমাটো অসমে ৰাখিব নে নাগালেণ্ডে ৰাখিব? চৰুক সুধি চাউল সিজোৱা নিয়মৰ জৰিয়তে অসমৰ সাংবিধানিক সীমাৰ ক্ষেত্ৰত আপোচ কৰিব খোজা হৈছে।‘’

চৰকাৰৰ এই নীতি অসমীয়া জাতিৰ বাবে ভয়াবহ ইংগিত বুলি অখিল গগৈয়ে উল্লেখ কৰে।

Also Read: ‘বেলেগৰ ইজ্জত লৈ আজি তেওঁ সাংসদ হৈছে, টকা-প‌ইচা গোটাইছে’; কোনে কাক উদ্দেশ্যি ক’লে এই কথা?

ইপিনে, বিধানসভাৰ পৰা এই সন্দৰ্ভত চৰকাৰে কোনোধৰণৰ মতামত লোৱা নাই বুলি উল্লেখ কৰি অখিলে লগতে কয়, ‘’বিধানসভাত সীমা নিৰ্ধাৰণ সন্দৰ্ভত কোনোধৰণৰ প্ৰস্তাৱ লোৱা নাই। এই সন্দৰ্ভত কোনোধৰণৰ ৰাজহুৱা সভাও অনুষ্ঠিত কৰা হোৱা নাই। অথচ অসমৰ মন্ত্ৰীসকলে ঘোষণা কৰিছে যে চাৰি ৰাজ্যৰ সীমান্তৱৰ্তী অঞ্চলৰ জনতাৰ মতামত গ্ৰহণ কৰি সীমান্তৰ সীমা নিৰ্ধাৰণ কৰা হ’ব।‘’

আনহাতে, ১৯৮৮ চনৰ পৰা অসম আৰু নাগালেণ্ডৰ সীমাকেন্দ্ৰিক বিবাদৰ ওপৰত উচ্চতম ন্যায়ালয়ত গোচৰ চলি থকা বুলি উল্লেখ কৰি অখিলে আৰু কয়, ‘’১৯৮৯ চনৰ পৰা অৰুণাচলৰ লগত সীমাকেন্দ্ৰিক দুটা গোচৰ চলি আছে। গোচৰ চলি থকাৰ পাছতো যদি জনতাৰ মতামত লৈ অসমে পুনৰ আপোচ কৰে তেন্তে ই ইতিহাসত লিপিবদ্ধ হৈ ৰ’ব আৰু অসমৰ ৰাইজক চূড়ান্ত বিশ্বাসঘাটকতা কৰা হ’ব।‘’

Also Read: Anti-CAA Protest কৃষক আন্দোলনৰ সফলতাই দেখুৱাইছে বাট! ৰাজ্যত পুনৰ আৰম্ভ ‘কা’ বিৰোধী প্ৰতিবাদ

আনহাতে, উক্ত সংবাদমেলতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি তেওঁ কয়, ‘’হিমন্ত বিশ্ব শৰ্মাৰ মতে চৰকাৰ চলে। চৰকাৰখন কেৱল এজন মানুহৰ। তেওঁৰ কথাই চৰকাৰখনৰ শেষ কথা। বেলেগ কোনো মন্ত্ৰী বিধায়ক নাই, বিজেপিত কেৱল এজনেই মন্ত্ৰী এজনেই বিধায়ক আৰু সেইজন হিমন্ত বিশ্ব শৰ্মা।‘’

‘’অসমৰ ভুমি ওচৰ চুবুৰীয়া ৰাজ্যক গতাব খুজি চৰকাৰে এটা ঐতিহাসিক বিশ্বাসঘাতকতা কৰিবলৈ গৈ আছে,’’- অখিলে এইদৰে কয়।