কংগ্রেছ-এআইয়ুডিএফৰ পৰা টকা লোৱাৰ অভিযোগ অস্বীকাৰ : পুনৰ বিজেপিক ভোট নিদিবলৈ আহ্বান অখিল গগৈৰ

দেওবাৰে গুৱাহাটীৰ বাসগৃহত কৃষক নেতা অখিল গগৈৰ সংবাদমেল। ফটো : নৰ্থইষ্ট নাও

কংগ্ৰেছ আৰু এ আই য়ু ডি এফৰ পৰা টকা লোৱাৰ অভিযোগ অস্বীকাৰ কৰিছে কৃষক নেতা অখিল গগৈয়ে। দেওবাৰে নিজ বাসগৃহত সংবাদমেল অনুষ্ঠিত কৰি হিৰণ্য পাঠৰিক গগৈয়ে অভিযোগ প্ৰমান কৰিবলৈ আহ্বান জনায়।

কোনো কাৰণতে দুইটা দলৰ মাজত মধ্যস্থতা কৰাৰ কথা আহিব নোৱাৰে বুলি উল্লেখ কৰি সংবাদমেলত অখিল গগৈয়ে জানিবলৈ দিয়ে যে গণতন্ত্ৰক ৰক্ষা কৰাৰ হেতুকে এ আই য়ু ডি এফ আৰু বিজেপিক বৰ্জন কৰিবলৈ হে তেওঁ কৈছিল।

সংবাদমেলত অখিল গগৈয়ে প্ৰত্যাহ্বান জনাই কয়, “যদি ৩ কোটি, বা ১ কোটি টকা লোৱা বুলি কোনোবাই প্ৰমাণ কৰিব পাৰে তেতিয়াহ’লে মই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে ৰাজহুৱা জীৱন ত্যাগ কৰিম।”

তেওঁ লগতে কয়, “এয়া বিজেপি আৰু আৰ এছ এছৰ বাবে এক সুবর্ণ সুযোগ, মই টকা লোৱা বুলি প্ৰমাণ কৰি দিয়ক। ৰঞ্জিত দাস আৰু সোণোৱালে মোৰ এই প্ৰত্যাহ্বান গ্ৰহণ কৰক।”

ইপিনে, ২০১৬ চনতো অখিলৰ সম্পত্তিৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰিছিল মুখ্য মন্ত্ৰী সোণোৱালে। এই কথা উল্লেখ কৰি অখিলে লগতে কয়, “কিন্তু এই তদন্তৰ প্ৰতিবেদন ৰাজহুৱা কৰা হোৱা নাই। গোটেই পৃথিৱীত নামে বেনামে যিমান সম্পত্তি আছে সেয়া ৰাজহুৱা কৰক। এয়া মুখ্য মন্ত্ৰীৰ প্ৰতি মোৰ প্ৰত্যাহ্বান।”

তদুপৰি, বিজেপিক বিৰোধ কৰাটো তেওঁলোকৰ আদর্শগত কথা বুলি সংবাদমেলত ব্যক্ত কৰে গগৈয়ে।

“সকলো ভাৰতীয় বা অসমীয়াই বিজেপি আৰু এ আই য়ু ডি এফক বৰ্জন কৰিব লাগে। বিজেপি আৰু আৰ এছ এছ গণতন্ত্ৰৰ শত্ৰু,”-গগৈৰ মন্তব্য।

আনহাতে, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা জনক অখিল গগৈয়ে ভালদৰে নাজানে বুলি কয়। যোৱা ১০ মাৰ্চ তাৰিখে কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ যৌথ বৈঠকত ছাত্ৰ নেতা পাঠৰিক বাহিস্কাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল বুলিও গগৈয়ে জানিবলৈ দিয়ে।

ইয়াৰোপৰি, জাতীয় সংগঠনৰ নেতাই বিজেপিত যোগদান কৰাটো অসমীয়া জাতিৰ বাবেই অশনি সংকেত বুলি গগৈয়ে সদৰী কৰে।

ছচিয়েল মিডিয়াত বিজেপি আৰু আৰ এছ এছে চলোৱা অপ প্ৰচাৰৰ আজিলৈকে উত্তৰ দিয়া হোৱা নাছিল বুলি উল্লেখ কৰি গগৈয়ে লগতে বিজেপি আৰু আৰ এছ এছে অখিলৰ বিৰুদ্ধে মিছাই অভিযোগ আনে আৰু তাক প্ৰমাণ কৰিব নোৱাৰে বুলি কয়।

বিজেপিক পুঁজিপুতিৰ দালাল বুলি অভিহিত কৰি বিজেপি দলক পুনৰবাৰ ভোট নিদিবলৈ আহ্বান জনাই অখিল গগৈয়ে কয় যে বিজেপি আৰু আৰ এছ এছক সমাজৰ পৰা উৎখাত কৰিব নোৱাৰা পৰ্যন্ত অবিৰত সংগ্ৰাম চলি থাকিব।