DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 21, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিজেপিৰ পদুমৰ পাহিৰ ভিতৰত ফেঁটি সাপ ওলাল: পুনৰ ৰাজপথত নামিল অখিল গগৈ

কল্পজোতি শইকীয়া, গুৱাহাটী by কল্পজোতি শইকীয়া, গুৱাহাটী
May 6, 2022 4:31 pm
বিজেপিৰ পদুমৰ পাহিৰ ভিতৰত ফেঁটি সাপ ওলাল: পুনৰ ৰাজপথত নামিল অখিল গগৈ
149
VIEWS
Share on FacebookShare on Twitter

“বিজেপিৰ প্ৰত্যেকজন নেতাৰ মুখত চিলাই দি দিয়া হৈছে। এইকাৰণে চিলোৱা হৈছে যে তেওঁলোকে মুখখন মেলিলে অসমৰ ৰাইজে গৰ্ভ দেখা পায়। এতিয়া পদুম ফুলৰ পাহিৰ ভিতৰত ফেঁটি সাপ ওলাইছে। অসমৰ জনগণক তেওঁলোকে খুঁটি মাৰিব খুজিছে”। মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি বিজেপিৰ বিৰুদ্ধে এইদৰে সৰৱ হৈ পৰে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ।

উল্লেখযোগ্য যে, দীৰ্ঘদিন বিৰতিৰ মূৰত ৰাজপথত নামি প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গ’ল বিধায়ক অখিল গগৈক।

শুকুৰবাৰে ৰাইজৰ দলে অত্যাৱশ্যকীয় সামগ্ৰী, ঔষধ, পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে গুৱাহাটী ক্লাৱৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে।

বিজেপিয়ে আদানী-আম্বানীৰ হাতত দেশখন বিক্ৰী কৰি দিছে বুলি অভিযোগ কৰি অখিল গগৈয়ে লগতে কয়, “বিক্ৰী কৰি দিয়াৰ ফলত গোটেই দেশখনৰ জনসাধাৰণক মূল্যবৃদ্ধিয়ে দহি পেলাইছে। ৪৪১ টকীয়া গেছ চিলিণ্ডাৰৰ দাম আজি ১০০০ টকা হ’লগৈ, ৮০ টকাৰ মিঠাতেলৰ দাম ২২০ টকা হ’লগৈ, ৪৮ টকীয়া মচুৰ দাইলৰ দাম ১১০ টকা হ’লগৈ, ঔষধৰ দাম দুগুণ বৃদ্ধি পালে”।

আনহাতে, মূল্যবৃদ্ধি সন্দৰ্ভত বিজেপি নেতাই মুখ বন্ধ নাৰাখিলে ৰাইজে খেদি খেদি বিজেপি নেতা-কৰ্মীক পিটন দিব বুলি দাবী কৰে বিধায়ক অখিল গগৈয়ে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ বিধায়কগৰাকীয়ে কয়, “হিন্দু- মুছলমানৰ ৰাজনীতি কৰি কৰি মানুহক হিমন্ত বিশ্ব শৰ্মাই ঠগাব নোৱাৰিলে। তেওঁ এইবোৰ ৰাজনীতি কৰি জনগণৰ বিপক্ষে গৈছে। হয় বিজেপি চৰকাৰে পদত্যাগ কৰক অন্যথা সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰিব লাগিব”।

আকৌ অখিল গগৈৰ ৰাজপথৰ প্ৰতিবাদ আৰম্ভ হৈছে বুলি তেওঁ দাবী কৰে।

Recent News

চাপৰৰ ধীৰ বিলত ভয়ংকৰ নাওঁ দুৰ্ঘটনা, শিশুসহ মহিলাৰ মৃত্যু

চাপৰৰ ধীৰ বিলত ভয়ংকৰ নাওঁ দুৰ্ঘটনা, শিশুসহ মহিলাৰ মৃত্যু

শ্বীনা বৰা হত্যাকাণ্ড: সাত বছৰৰ মূৰত মুকলি আকাশৰ তললৈ ইন্দ্ৰাণী মুখাৰ্জী

শ্বীনা বৰা হত্যাকাণ্ড: সাত বছৰৰ মূৰত মুকলি আকাশৰ তললৈ ইন্দ্ৰাণী মুখাৰ্জী

NRC ৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ

NRC ৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ

ISI mark helmet

সাৱধান! পৰিধান কৰক আইএছআই মাৰ্কযুক্ত হেলমেট: নহ’লে সাজু হওক জৰিমনাৰ বাবে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd