• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰক: আক্ৰাছু

কমতাপুৰ স্বায়ত্ত্ব শাসিত পৰিষদৰ শীঘ্ৰে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ দাবী

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
May 16, 2022 9:31 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ ভূমিপুত্ৰ কোচ ৰাজবংশী জনগোষ্ঠীক অতিশীঘ্ৰে জনজাতিকৰণ কৰিবলৈ চৰকাৰক দাবী জনাইছে কোচ ৰাজবংশী ছাত্ৰ সন্থা ( আক্ৰাছু) ই ৷ লগতে ঐতিহাসিক কমতাপুৰ ৰাজ্য পুনৰ গঠনৰ বাবে অতি সোনকালে আক্ৰাছু, অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ মাজত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰিবলৈকো সংগঠনটোৰ নেতৃত্বই দাবী জনাইছে ৷ সোমবাৰে বঙাইগাঁও চহৰৰ চি কে হোটেলত অনুষ্ঠিত এখন সংবাদ মেলত আক্ৰাছুৰ নেতৃত্বই এই দাবী জনায় ৷ লগতে আন্দোলনৰ কাৰ্যসূচীও ঘোষণা কৰে ৷

আক্ৰাছুৰ সভাপতি পুৰেণ ৰায়কে ধৰি সংগঠনটোৰ কেন্দ্ৰীয় নেতৃত্ব উপস্থিত থকা সংবাদ মেলত আক্ৰাছুৰ সাধাৰণ সম্পাদক দিব্যজ্যোতি কুমাৰ ডেকাই ক্ষোভেৰে কয় যে অসমৰ বিজেপি চৰকাৰৰ এবছৰীয়া বৰ্ষপূৰ্তি ইতিমধ্যে ৰাজ্য চৰকাৰে মহা ধুম ধামেৰে কৌটি টকা খৰচ কৰি পালন কৰিলে ৷ কিন্তু তেওঁলোকে ভৱিষ্যতৰ কাৰ্যসূচীত অসমৰ ভূমিপুত্ৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ লগতে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ সমস্যা সমাধান কৰিব নে নকৰে বা সেই সন্দৰ্ভত কি পদক্ষেপ গ্ৰহণ কৰিছে সেই কথা এবাৰো উল্লেখ নকৰিলে ৷ পূৰ্বৰ কংগ্ৰেছ চৰকাৰে যেনেকৈ কোচ ৰাজবংশী জাতিটোক প্ৰতাৰণা কৰিলে, এতিয়া পুনৰ বিজেপি চৰকাৰেও সেই একে পন্থা হাতত লৈছে ৷ লগতে কোচ ৰাজবংশী জনগোষ্ঠীক নিঃ শেষ কৰাৰ পৰিকল্পনা হাতত লোৱা বুলিও অভিযোগ কৰে ৷

Apply Now

সাধাৰণ সম্পাদকগৰাকীয়ে লগতে কয় যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে বাৰে বাৰে ৰাজহুৱা সভাত কোচ ৰাজবংশী জনগোষ্ঠীক অতিশীঘ্ৰে জনজাতিকৰণ কৰা হ’ব বুলি ভাষণ প্ৰদান কৰে ৷ কিন্তু বাস্তৱত তেওঁলোকৰ এই প্ৰতিশ্ৰুতি গোকাট মিছাত পৰিণত হৈছে বুলিও কয় ৷ সেয়ে জুন মাহৰ পৰা ধাৰাবাহিকভাৱে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও উল্লেখ কৰে ৷ সাধাৰণ সম্পাদকগৰাকীয়ে কয় যে আন্দোলনৰ কাৰ্যসূচীৰ অংশ হিচাপে গুৱাহাটীত এক যজ্ঞ অনুষ্ঠানৰ আয়োজন কৰা হ’ব ৷ ৰাজ্য চৰকাৰখনৰ এবছৰীয়া বৰ্ষপূৰ্তি হৈ গ’ল যদিও তাত জনজাতিকৰণৰ বিষয়ে কোনো মন্তব্য কৰা দেখা নগ’ল ৷ গতিকে আগন্তুক দিনত চৰকাৰৰ যাতে শুভ বুদ্ধি উদয় হয় আৰু কোচ ৰাজবংশী জনসাধাৰণক দিয়া জনজাতিকৰণৰ প্ৰতিশ্ৰুতি যাতে মনত পৰে তথা জনগোষ্ঠীটোৰ সমস্যাসমূহ সমাধান কৰাৰ বাবে জগাই দিয়াৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিচ্ছি আগত ৰাখি এই হোম যজ্ঞ আয়োজন কৰা হ’ব ৷ ইয়াৰ পৰৱৰ্তী সময়ত অসমৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ বুদ্ধিজীৱী সকলক লৈ জনগোষ্ঠীটোৰ সমস্যাসমূহ সমাধানৰ বাবে পৰামৰ্শ বিচাৰি গুৱাহাটীত নাগৰিক সভা তথা আলোচনা অনুষ্ঠিত কৰিব ৷ ইয়াৰ পিচতো যদি চৰকাৰে জনজাতিকৰণ আৰু কমতাপুৰ ৰাজ্যৰ দাবী সন্দৰ্ভত কোনো পদক্ষেপ গ্ৰহণ নকৰে, তেতিয়াহ’লে জুলাই মাহত আমৰণ অনশন কাৰ্যসূচী ৰূপায়ণ কৰিব বুলিও উল্লেখ কৰে ৷

আনহাতে অসমৰ কোচ ৰাজবংশী ৰাইজক বিনম্ৰ অনুৰোধ জনাই সাধাৰণ সম্পাদক গৰাকীয়ে কয় যে কোচ ৰাজবংশী জাতিৰ একমাত্ৰ অৰাজনৈতিক ছাত্ৰ সংগঠন আক্ৰাছু বহুধা বিভক্ত হৈ আছে ৷ গতিকে ৰাইজ আৰু কোচ ৰাজবংশী বুদ্ধিজীৱীসকলে আক্ৰাছুৰ একত্ৰিকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰি এক গুৰুত্বপূৰ্ণ পদক্ষেপ ল’ব লাগে ৷ কাৰণ তৃতীয় শক্তিয়ে বাৰে বাৰে আক্ৰাছুক বিভাজিত কৰি আহিছে ৷ কোচ ৰাজবংশী ৰাইজেও অন্তঃকৰণেৰে বহুধা বিভক্ত আক্ৰাছুক একগোট হোৱাটো বিচাৰে ৷ সেয়ে আমি আক্ৰাছুই ঐতিহাসিক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু কোচ ৰাজবংশী জনগোষ্ঠীৰ যি মূল দাবী জনজাতিকৰণ এই দাবীক সন্মান জনোৱা প্ৰতিটো কোচ ৰাজবংশী ছাত্ৰ সংগঠন আৰু কোচ ৰাজবংশী জাতীয় সত্বাক একত্ৰিত হোৱাৰ বাবে নিঃচৰ্তভাৱে মুকলি আহ্বান জনায় ৷

লগতে এই একত্ৰিকৰণৰ ক্ষেত্ৰত আক্ৰাছুই সম্পূৰ্ণ সহযোগিতা কৰিব বুলিও উল্লেখ কৰে ৷ বঙাইগাঁৱত অনুষ্ঠিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত সংগঠনটোৱে এই সিদ্ধান্ত গ্ৰহণ কৰে ৷ সংবাদ মেলত মুখ্য উপদেষ্টা ডাঃ প্ৰণৱজ্যোতি দাস ৰাজবংশীয়ে কয় যে কাৰ্যনিৰ্বাহক সভাত আমি নিঃচৰ্তভাৱে বহুধা বিভক্ত আক্ৰাছুৰ গোটসমূহক একত্ৰিতকৰণৰ বাবে আহ্বান জনাইছো ৷ আমি সকলোকে একেখন পতাকাৰ তলতে আহি জনগোষ্ঠীটোৰ আন্দোলনটোক আগুৱাই নিবলৈ আহ্বান জনাইছো ৷ এইক্ষেত্ৰত আমি ৰাইজক পদক্ষেপ গ্ৰহণ কৰিবলৈকো আহ্বান জনাইছো ৷

আনহাতে চৰকাৰে যদি আমাৰ আন্দোলনক কোনো গুৰুত্ব প্ৰদান নকৰে, তেতিয়াহলে আগলৈ বন্ধৰ দৰে কাৰ্যসূচীও গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলিও কয় ৷ ইপিনে সংবাদ মেলত যুটীয়া সম্পাদক কমল সৰকাৰে কয় যে ৰাজ্য চৰকাৰৰ এবছৰ সম্পূৰ্ণ হ’ল যদিও জনজাতিকৰণৰ সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত কোনো বাস্তৱ পদক্ষেপ গ্ৰহণ কৰা দেখা নগ’ল ৷ আনহাতে নিৰ্বাচনৰ দিন চমু চাপি আহিলে চৰকাৰে বিভিন্ন নেতাক আলোচনালৈ মাতি নি জনজাতিকৰণৰ ক্ষেত্ৰত নানা সমস্যাই দেখা দিয়া বুলি কৈ নানা প্ৰতিশ্ৰুতি প্ৰদান কৰি বিষয়টো সামৰি থয় ৷

গতিকে মুখ্যমন্ত্ৰীয়ে জাতি – জনগোষ্ঠীকলৈ আগবাঢ়িব বুলি কৈ আহিছে যদিও কোচ ৰাজবংশীকে ধৰি ছয় জনগোষ্ঠীৰ সমস্যা সমাধা নোহোৱাকৈ কেনেকৈ আগবাঢ়িব বুলি প্ৰশ্ন উত্থাপন কৰে ৷ লগতে অসমৰ উন্নয়ন হোৱা বুলি ক’ব নোৱাৰি বুলি মন্তব্য কৰি অতিশীঘ্ৰে জনজাতিকৰণৰ সমস্যাটো সমাধান কৰিবলৈ দাবী জনায় ৷ সেইদৰে কমতাপুৰ স্বায়ত্ত্ব শাসিত পৰিষদৰ অতিশীঘ্ৰে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈকো চৰকাৰক দাবী জনায় ৷ পৰিষদখনৰ জৰিয়তে জনগোষ্ঠীটোৰ কি উন্নয়ন হ’ব, কেনেকৈ উন্নয়ন হ’ব আৰু কিমান পুঁজি আৱণ্টন দিছে তাৰ সবিশেষ পাৰিষদসকলোক জনগোষ্ঠীটোৰ ৰাইজক অৱগত কৰিবলৈকো আহ্বান জনায় ৷

সংবাদ মেলত সংগঠনটোৰ উপদেষ্টা গৌতম চহৰীয়া ,যুটীয়া সম্পাদক দীপক বৰা, মুখ্য প্ৰচাৰ সম্পাদক হেমন্ত বড়া কোচ , প্ৰচাৰ সম্পাদক অপূৰ্ব বৰুৱা আদি উপস্থিত আছিল ৷

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd