ৰাজ্যৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ প্ৰতিবাদ আক্ৰাছুৰ

ইংৰাজী নৱ বৰ্ষৰ প্ৰথম দিনটোত এ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ই ৰাজ্যৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰক্ৰিয়া বৰ্তমানৰ জনজাতি সকলৰ বিৰোধিতাৰ বাবেই সম্ভৱপৰ হোৱা নাই বুলি কৰা মন্তব্যক সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা(আক্ৰাছু)ই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা(আক্ৰাছু)ৰ সভাপতি পুৰেন ৰায়,সাধাৰণ সম্পাদক দিব্যজ্যোতি কুমাৰ ডেকাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে অসমৰ ভূমিপুত্ৰ ৰাজ্যৰ ছয় জনগোষ্টী ক্ৰমে কোচ ৰাজবংশী, মৰাণ, মটক, চুতীয়া, টাই আহোম, আৰু আদিবাসী সকলে জনজাতিকৰণৰ দাবীত ধাৰাবাহিক ভাৱে আন্দোলন চলাই আহিছে।

আন ৰাজনৈতিক দলৰ সমান্তৰাল কৈ বৰ্তমান এ শাসনৰ গাদীত অধিস্থিত বি জে পি দলেও নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত এই ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ সপক্ষে মত পোষণ কৰি নিৰ্বাচনী বৈতৰণী অতিক্ৰম কৰি শাসন ত অধিস্থিত হৈছে।কিন্তু পৰিতাপৰ কথা জনগোষ্ঠী কেইটাৰ জনজাতিকৰণৰ সকলো বৈশিষ্ট্য অটুট থকাৰ পিছত ও কেৱল ৰাজনৈতিক মুনাফা লাভ কৰাৰ স্বাৰ্থত জনজাতিকৰণ সন্দৰ্ভত চৰকাৰ খনে দাখিল কৰিব লগীয়া প্ৰতিবেদন প্ৰস্তুত কৰিও দাখিল কৰাৰ পৰা বিৰত আছে।

বৰ্তমান ৰ জনজাতি সকলৰ বিভিন্ন সংগঠনে উপৰোক্ত ছয় জনগোষ্ঠীৰ জনজাতিকৰণত আপোচ মীমাংসাৰে সন্মতি জনাই অহাৰ সময়তে খোদ মুখ্যমন্ত্ৰী জনে বছৰৰ প্ৰথম দিনটোত এ প্ৰস্তুত কৰা প্ৰতিবেদন দাখিল কৰিলে ৰক্তাক্ত পৰিস্থিতিৰ সৃষ্টি হব বুলি ঘোষণা কৰি প্ৰকাৰণতে ছয় জনগোষ্ঠীৰ জনজাতিকৰণত সহমত প্ৰকাশ কৰা বৰ্তমানৰ জনজাতি সকলৰ সৈতে ছয় জনগোষ্ঠীৰ সংঘাত সৃষ্টি ত উদগনি জনোৱা এই বক্তব্য ক আমি আক্ৰাছু এ তীব্ৰ বিৰোধিতা কৰিছোঁ ।

আকৌ একে গৰাকী মুখ্যমন্ত্ৰী এ ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ বৰ্তমান ৰ জনজাতি সকলৰ সৈতে হোৱা আলোচনাত মৰাণ আৰু মটকসকলক জনজাতিৰ মৰ্য্যদা দিয়াত আপত্তি নথকা, চুতীয়া সকলৰ ক্ষেত্ৰত ৭০% মানি লোৱা আৰু কোচ ৰাজবংশী ৰ জনজাতিকৰণৰ ক্ষেত্ৰত বৰ্তমানৰ জনজাতি সকলে কিছু কথা মানি লোৱা বুলি বক্তব্যত উল্লেখ কৰি জনজাতিকৰণৰ ন্যায দাবীত ছয় জনগোষ্ঠীৰ মাজত বিভেদৰ বীজ চটিয়াব বিচাৰিছে বুলি আক্ৰাছুৱে কয়।

মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মা ক এনে কৌশলী বক্তব্য প্ৰদানেৰে সহজ সৰল কোচ ৰাজবংশী ৰাইজক বিভ্ৰান্ত নকৰিবলৈ দাবী জনোৱাৰ লগতে ৰাইজক এনে চতুৰালিত ভোল নাযাবলৈ আক্ৰাছু য়ে আহ্বান জনাইছে।