• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নাইট্ৰজেন গেছ ব্যৱহাৰ কৰি কাৰ্যকৰী মৃত্যুদণ্ড; অন্তিম ২২ মিনিট ধৰি ছটফটাইছিল অপৰাধী!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 28, 2024 8:11 am
অপৰাধী কেনেথ স্মিথ। ফাইল ফটোঃ সংগ্ৰহীত।

অপৰাধী কেনেথ স্মিথ। ফাইল ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ আমেৰিকাৰ আলাবামা ৰাজ্যত নাইট্ৰ’জেন গেছ ব্যৱহাৰ কৰি মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছে কেনেথ স্মিথ নামৰ এজন হত্যাকাৰীক।

উল্লেখ্য যে ২০২২ চনত সংশ্লিষ্ট কৰ্তৃপক্ষই কেনেথৰ মৃত্যুদণ্ড প্ৰথম পৰ্যায়ত প্ৰাণনাশী বেজীৰে সম্পন্ন কৰিবলৈ চেষ্টা কৰিছিল। পিছলৈ অৱশ্যে বেজী দি মৃত্যুদণ্ড দিয়াৰ ক্ষেত্ৰত স্থগিতাদেশ আহে। তাৰ পিছত আলোচনাৰ জৰিয়তে কেনেথ স্মিথক নাইট্ৰজেন গেছৰ দ্বাৰা মৃত্যুদণ্ড দিয়াৰ সিদ্ধান্ত হয়। কেনেথে এগৰাকী মহিলাক তেওঁৰ স্বামীৰ নিৰ্দেশত হত্যা কৰিছিল।

এই সন্দৰ্ভত কাৰাগাৰৰ বিষয়াসকলে জনোৱা মতে, ২৫ জানুৱাৰীৰ নিশা ৮:২৫ বজাত কেনেথক মৃত ঘোষণা কৰা হৈছে। ফাঁচীৰ দায়িত্বত আছিল দুজন কৰ্মী। ষ্ট্ৰেচাৰত শুৱাই কেনেথক বিশেষ মাস্ক পিন্ধাই দিয়া হৈছিল। এই মাস্ক পিন্ধি থকা অৱস্থাত অক্সিজেন চলাচলৰ কোনো সুযোগ নাছিল।

লগতে পঢ়কঃ কাজিৰঙাৰ গঁড় হত্যাৰ বাবে মণিপুৰৰ পৰা অনা হৈছিল শ্বুটাৰ! পোহৰলৈ চাঞ্চল্যকৰ তথ্য

মৃত্যুদণ্ড প্ৰক্ৰিয়াৰ সাক্ষী হিচাপে পাঁচজন সাংবাদিকে নিজ চকুৰে এই ঘটনা প্ৰত্যক্ষ কৰে। কাঁচৰ বেৰৰ সিটো ফালৰ পৰাই তেওঁলোকে সমগ্ৰ প্ৰক্ৰিয়াটো চাই থাকে।

এগৰাকী সাংবাদিকে কয়, “নাইট্ৰ’জেন প্ৰয়োগ কৰাৰ পিছতো মৃতক কেইমিনিটমান সজ্ঞান হৈ আছিল। তাৰ পিছত তেওঁ লৰচৰ কৰিবলৈ ধৰিলে আৰু দুমিনিটমান ষ্ট্ৰেচাৰত ছটফটাই থাকিল। তাৰ পিছত তেওঁক কেইমিনিটমান দীঘলকৈ উশাহ লোৱা দেখা গ’ল। তেওঁৰ উশাহ-নিশাহ লাহে লাহে লেহেমীয়া হৈ আহে আৰু তেওঁ নিথৰ হৈ পৰিল।”

প্ৰত্যক্ষদৰ্শীয়ে লগতে কয় যে মাস্কৰ জৰিয়তে দেহত নাইট্ৰ’জেন সৰবৰাহ আৰম্ভ কৰাৰ পূৰ্বে স্মিথে শেষবাৰৰ বাবে বক্তৱ্য ৰাখিছিল। কেনেথে কয় যে `আলাবামা কৰ্তৃপক্ষই আজি ৰাতি মানৱতাৰ পাঠ অস্বীকাৰ কৰিলে।‘ স্মিথৰ পত্নী আৰু অন্যান্য আত্মীয় ঘটনাস্থলীত উপস্থিত আছিল। তেওঁলোকক উদ্দেশ্যি স্মিথে কয়, ‘মই প্ৰেম, শান্তি আৰু আনন্দৰে পৃথিৱী এৰি যাওঁ। তোমালোক সকলোলৈকে ভালপোৱা থাকিল।’

লগতে পঢ়কঃ অনন্য, অনবদ্য! ইতিহাস ৰচি অষ্ট্ৰেলিয়ান অ’পেনৰ ডাবলছ্ খিতাপ জয় বোপান্নাৰ

মৃত্যুদণ্ডৰ পিছত আলাবামাৰ কাৰেকচনছ আয়ুক্ত জন হামে এখন সংবাদমেলত অংশগ্ৰহণ কৰে। তাত তেওঁক সোধা হৈছিল যে স্মিথে যিদৰে ষ্ট্ৰেচাৰত ছটফটাই আছিল, সেইটো মানৱীয় আছিল নেকি? এই প্ৰশ্নৰ উত্তৰত হামে কয়, ‘স্মিথে যেন যিমান পাৰি সিমান সময় উশাহ বন্ধ কৰি ৰাখিব বিচাৰিছিল। সীমাবদ্ধতাসমূহৰ বিৰুদ্ধে তেওঁ কিছু সময় যুঁজিছিল। কিন্তু যিহেতু ই এক অনাকাংক্ষিত প্ৰক্ৰিয়া আৰু উশাহ লোৱাটো কঠিন, গতিকে এই সকলোবোৰ প্ৰত্যাশিতই আছিল।’

কিন্তু স্মিথৰ পৰিয়াল আৰু অধিবক্তাসকলে দাবী কৰে যে আচলতে তেওঁ গেছ চেম্বাৰত ২২ মিনিট জীয়াই আছিল। কোৱা হৈছিল যে কেইমুহূৰ্ততে চেতনা হেৰুৱাই কেইমিনিটমানৰ ভিতৰতে তেওঁ মৃত্যুবৰণ কৰিব। কিন্তু তেওঁলোকে দাবী কৰে যে বাস্তৱত সেয়া হোৱা নাছিল।

লগতে পঢ়কঃ নীতিশ বাবুৰ ওলোটাখৰ! INDIAৰ মতানৈক্য দূৰৰ বাবে চলোৱা হৈছে যৎপৰোনাস্তি চেষ্টা, খৰ্গেৰ অসহায় স্বীকাৰোক্তি

কিন্তু এইবাৰেই নাইট্ৰজেনৰ সহায়ত মৃত্যুদণ্ডৰ প্ৰথম সাক্ষী হৈছে বিশ্ব। ভৱিষ্যতে আৰু এনে অধিক মৃত্যুদণ্ড দিয়া হ’ব নেকি সেয়া লক্ষণীয়। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd