NORTHEAST NOW (Assamese)

বলীউডত শীতল যুদ্ধৰ উকমুকনি! ‘ব্ৰেণ্ড ভেল্যু’ৰ ক্ষেত্ৰত দীপিকা পাডুকনক চেৰ পেলালে আলিয়া ভাটে

June 21, 2024 5:24 pm · এন ই নাও নিউজ, গুৱাহাটী

বৰ্তমান বলীউডৰ সৰ্বাধিক দৰমহা পোৱা অভিনেত্ৰী দীপিকা পাডুকন। অৱশ্যে দীপিকাক পাছ পেলাই বলীউডৰ আন এগৰাকী শীৰ্ষ অভিনেত্ৰী আলিয়া ভাট এইক্ষেত্ৰত আগুৱাই গৈছে। বিত্তীয় পৰামৰ্শদাতা প্ৰতিষ্ঠান ‘ক্ৰ’ল’ৰ এক প্ৰতিবেদনত এই কথা দাবী কৰা হৈছে।

দুয়োগৰাকী অভিনেত্ৰীয়ে বলীউডৰ লগতে দক্ষিণ ভাৰতীয় ছবিতো কাম কৰি আহিছে। দুয়োৰে ভৱিষ্যতে হলিউডৰ ছবি অহাৰো চৰ্চা চলি আছে। এই দুগৰাকী আগশাৰীৰ অভিনেত্ৰীৰ কেইবাখনো ছবি বক্স অফিচত সফল হৈছিল। কিন্তু ‘ব্ৰেণ্ড মূল্য’ৰ ক্ষেত্ৰত আলিয়া দীপিকাৰ ক্ষেত্ৰত আগবাঢ়ি আছে।

‘চেলিব্ৰিটি ব্ৰেণ্ড ভেলুৱেশ্যন ৰিপ’ৰ্ট ২০২৩’ অনুসৰি পঞ্চম স্থানত আলিয়া আৰু ষষ্ঠ স্থানত আছে দীপিকা। আলিয়াৰ ‘ব্ৰেণ্ড ভেলু’ এক কোটি ১১ লাখ ডলাৰ। আনহাতে দীপিকাৰ ‘ব্ৰেণ্ড ভেলু’ ৯৬ লাখ ডলাৰ। ২০২২ চনৰ প্ৰতিবেদনৰ পৰা কিছু পিছ পৰি আছে দুয়োগৰাকী অভিনেত্ৰী।

কিয়াৰা আদৱানীয়েও এই প্ৰতিবেদনৰ দৃষ্টি আকৰ্ষণ কৰে। ২০২২ চনৰ প্ৰতিবেদনত কিয়াৰাই ১৬ নম্বৰ স্থান লাভ কৰিছিল। ২০২৩ চনৰ প্ৰতিবেদনত তেওঁ ১২ নম্বৰলৈ উঠিছে। এই মুহূৰ্তত তেওঁৰ ‘ব্ৰেণ্ড মূল্য’ ৬ কোটি ডলাৰ। এই প্ৰতিবেদনৰ পৰা স্পষ্ট যে ভাৰতীয় বজাৰত ‘ব্ৰেণ্ড এণ্ডৰছমেণ্ট’ৰ ক্ষেত্ৰত কিয়াৰা বহু দূৰ আগবাঢ়িছে।

প্ৰতিবেদনত আলিয়া, দীপিকা, কিয়াৰাকে ধৰি মুঠ ২৫ গৰাকী তাৰকাৰ নাম উল্লেখ কৰা হৈছে, যিয়ে মুঠ ৩০০ ব্ৰেণ্ডৰ প্ৰচাৰ কৰিছে আৰু তেওঁলোকৰ পৰা বিপুল পাৰিশ্ৰমিক লাভ কৰিছে।

মন কৰিবলগীয়া যে বৰ্তমান দীপিকা নিজৰ আগন্তুক ছবি ‘দ্য কল্কী ২৮৯৮ বিচি’ৰ প্ৰচাৰত ব্যস্ত। আলিয়াৰ হাতত ‘জী লে জাৰা’কে ধৰি আন কেইবাখনো ছবিও আছে।

Related News