NORTHEAST NOW (Assamese)

শিৱসাগৰত দৃষ্টিহীন সকললৈ স্মাৰ্টফোন, স্মাৰ্ট কে’ন আগবঢ়াব ‘এলিমক’ ইণ্ডিয়া’ই

May 18, 2019 7:32 pm · পার্শ্বজোতি গগৈ
Updated: May 18, 2019 7:34 pm

শিৱসাগৰৰ অসামৰিক চিকিৎসালয়ৰ গিৰীন্দ্ৰনাথ গগৈ সোঁৱৰণী প্ৰেক্ষাগৃহত উজনি অসম দৃষ্টিহীন ছাত্র সন্থাৰ উদ্যোগত তথা শিৱসাগৰ জিলা প্ৰশাসন, জিলা স্বাস্থ্য সমিতি আৰু জিলা অন্ধতা নিয়ন্ত্ৰণ সমিতিৰ সহযোগত আজি ‘এলিমক’ ইণ্ডিয়া’ই  উজনি অসমৰ দৃষ্টিহীন সকলৰ বাবে প্ৰয়োজনীয় সা-সঁজুলি (স্মাৰ্ট ফোন/ স্মাৰ্ট ৱাকিং কে’ন) বিতৰণৰ চিনাক্তকৰণ আৰু পঞ্জীয়নৰ এক শিবিৰ আয়োজন কৰে।

উক্ত শিবিৰটো বন্তি প্ৰজ্জ্বলনেৰে উদ্বোধন কৰে শিৱসাগৰ জিলাৰ উপায়ুক্ত এছ লক্ষ্মণনে। এই অনুষ্ঠানত জিলাখনৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ ৰিপুন বৰপূজাৰী, শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ ৰাজীৱ কুমাৰ বৰুৱা, মেট্ৰন যুতিকা গগৈ, উজনি অসম দৃষ্টিহীন ছাত্র সন্থাৰ সম্পাদক গোবিন্দ সোনাৰ লগতে জিলা অন্ধতা নিয়ন্ত্ৰণ সমিতিৰ বিষয়-ববীয়াসকল উপস্থিত থাকে।

উক্ত শিবিৰত প্ৰায় ডেৰশ লোকক পৰীক্ষা কৰা হয়। পৰৱৰ্তী পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া আন এক শিবিৰত সা-সঁজুলিসমূহ বিতৰণ কৰা হ’ব বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে।

Related News