নিশাৰ ভিতৰতে সন্ধান ওলাল ২৬ গৰাকী নিৰুদ্দিষ্ট কিশোৰীৰ; চহৰৰ বিভিন্ন প্ৰান্তত কি কৰি আছিল? তদন্তত আৰক্ষী

ফটোঃ সংগ্ৰহীত।

ৰাষ্ট্ৰীয় শিশু সুৰক্ষা আয়োগৰ হস্তক্ষেপৰ পিছতে ওৰহীৰ ওৰ ওলাল! ২৪ ঘন্টাৰ ভিতৰতে ২৬ গৰাকী নিৰুদ্দিষ্ট হোৱা কিশোৰীক উদ্ধাৰ কৰা হয়। মধ্য প্ৰদেশৰ ভূপালৰ এটা আশ্ৰয় গৃহৰ পৰা নিৰুদ্দেশ হৈছিল ২৬ গৰাকী কিশোৰী।

শিশু সুৰক্ষা আয়োগে বিষয়টো পোহৰলৈ অনাৰ পিছতে তোলপাৰ লাগে। ৰাজনৈতিক হেঁচাও আৰম্ভ হ’ল। ঘটনাৰ ২৪ ঘণ্টাৰ ভিতৰত মধ্যপ্ৰদেশ আৰক্ষীয়ে শনিবাৰে নিৰুদ্দেশ হোৱা ২৬ গৰাকী কিশোৰীক উদ্ধাৰ হোৱা বুলি অৱগত কৰে। শিশু উন্নয়ন প্ৰকল্পৰ দুগৰাকী বিষয়াক নিলম্বন কৰা হৈছে। লগতে আন দুজন বিষয়াক কাৰণ দেখুওৱাৰ জাননী জাৰি কৰা হৈছে।

যিসকল শিশু আৰু নাবালিকাৰ থাকিবলৈ কোনো আশ্ৰয় নাছিল তেওঁলোকৰ বাবে এই গৃহটোৱে আছিল ঠিকনা। কিন্তু হঠাৎ এদিন চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহে। আশ্ৰয় গৃহটোৰ পৰা দাবী কৰা হৈছিল যে এই ঘৰটোত বিভিন্ন ৰাজ্যৰ মুঠ ৬৮ গৰাকী কিশোৰী বাস কৰে।

লগতে পঢ়কঃ আকাশমাৰ্গতে খুলি পৰিল বিমানৰ দুৱাৰঃ যাত্ৰীৰ হাহাকাৰৰ মাজতে জৰুৰী অৱতৰণ

কিন্তু শিশু সুৰক্ষা আয়োগে অভিযান চলাই দেখা পায় যে গৃহটোত মাত্ৰ ৪২ গৰাকী নাবালিকাহে আছে, ২৬ গৰাকী কিশোৰীৰ সন্ধান নাই। ইয়াৰ পিছতে আৰক্ষীক অভিযোগ দিয়া হয়। সন্ধানহীন হোৱা কিশোৰীকেইগৰাকীৰ সন্ধানত অভিযান আৰম্ভ কৰা হয়।

শনিবাৰে আৰক্ষীয়ে অৱগত কৰে যে নিৰুদ্দেশ হোৱা ২৬ গৰাকী কিশোৰীক উদ্ধাৰ কৰা হৈছে। আদমপুৰ চাউনি অঞ্চলৰ পৰা উদ্ধাৰ কৰা হৈছে ১০ গৰাকী কিশোৰীক। ১৩ গৰাকী কিশোৰী এটা বস্তিত আছিল আৰু দুগৰাকীক উদ্ধাৰ কৰা হয় টপ নগৰৰ পৰা। উদ্ধাৰ হোৱা কিশোৰীকেইগৰাকী গুজৰাট, ঝাৰখণ্ড, ৰাজস্থান আৰু মধ্যপ্ৰদেশৰ বিভিন্ন জিলাৰ। কিশোৰীকেইগৰাকীয়ে কেনেকৈ মহানগৰীৰ বিভিন্ন প্ৰান্তত উপস্থিত হৈছিল আৰু তাত কি কৰি আছিল তাৰ তদন্ত চলি আছে।

ৰাষ্ট্ৰীয় শিশু সুৰক্ষা আয়োগৰ অধ্যক্ষ প্ৰিয়ংক কানুংগোৱে চলিত সপ্তাহৰ বৃহস্পতিবাৰে আঁচল বালিকা হোষ্টেল নামৰ সেই গৃহটোত আকস্মিকভাৱে পৰিদৰ্শন কৰে। তেওঁ দেখিলে যে গৃহটোৰ ৰেজিষ্টাৰত ৬৮ গৰাকী কিশোৰীৰ নাম উল্লেখ আছে যদিও ২৬ গৰাকী কিশোৰী নিৰুদ্দেশ হৈ আছে।

লগতে পঢ়কঃ দ্ৰুত গতিত বাহন চলাই তিনিবাৰকৈ জৰিমনাৰ চালান পালে খোদ কেন্দ্ৰীয় পথ পৰিবহণ সচিবে

শিশু সুৰক্ষা আয়োগে অভিযোগ কৰে যে গৃহটোৰ কোনো বৈধ অনুজ্ঞাপত্ৰ নাই। লগতে তেওঁলোকক বলপূৰ্বক ধৰ্মান্তৰিত কৰা বুলিও অভিযোগ উত্থাপন হৈছে। কালি ২৬ গৰাকী কিশোৰীক উদ্ধাৰ কৰাৰ পিছত শিশু উন্নয়ন প্ৰকল্পৰ দুগৰাকী বিষয়াক গাফিলতিৰ অভিযোগত নিলম্বন কৰা হয়। আৰু দুজন বিষয়াক কাৰণ দেখুওৱাৰ জাননী প্ৰদান কৰা হৈছে।