সামান্য সকাহ! পোহৰলৈ আহিল উত্তৰকাশীৰ সুৰংগত আৱদ্ধ হৈ থকা শ্ৰমিকসকলৰ প্ৰথম ছবি

সামান্য সকাহ! অৱশেষত উত্তৰকাশীৰ নিৰ্মাণাধীন সুৰংগত আৱদ্ধ হৈ থকা শ্ৰমিকসকলৰ ছবি আৰু ভিডিঅ’ পোহৰলৈ আহিছে। ১০ দিন সুৰংগটোত আৱদ্ধ হৈ থকাৰ পিছত মঙলবাৰে পুৱা পোহৰলৈ আহে আৱদ্ধ শ্ৰমিকসকলৰ প্ৰথম ছবি। যিটোৱে যথেষ্ট সকাহ দিছে।

উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে টুইটাৰযোগে কয় যে শ্রমিকসকলক নিৰাপদে উদ্ধাৰৰ বাবে যুদ্ধকালীন অভিযান অব্যাহত আছে আৰু শ্রমিকসকল নিৰাপদে আছে৷

সুৰংগৰ ভিতৰত আৱদ্ধ হৈ থকা শ্ৰমিকসকলৰ ভিডিঅ’ পাইপলাইনেৰে প্ৰেৰণ কৰা কেমেৰাটোৱে প্ৰকাশ কৰিছে। সেই ভিডিঅ’টোত দেখা গৈছে যে সুৰংগটোৰ ভিতৰত শ্ৰমিকসকলে হাত মিলাইছে। ইজনে সিজনৰ লগত কথা পাতিছে। সকলোৰে মূৰত হালধীয়া ৰঙৰ হেলমেট। দেখাত বৰ্তমান শ্ৰমিকসকল সুস্থ।

লগতে পঢ়কঃ উত্তৰকাশীত উদ্ধাৰৰ নৱম দিনা আৱদ্ধ শ্ৰমিকলৈ পাইপেৰে পঠোৱা হ’ল গৰম খিচুৰি

সোমবাৰে নিশাই সুৰংগটোত ৬ ইঞ্চি ব্যাসৰ পাইপ সুমুৱাই দিয়া হয়। তাৰ পিছত ৰাতিয়েই সেই পাইপেৰে বটলত গৰম খিচিৰি ভৰাই শ্ৰমিকসকললৈ পঠিয়াই দিয়া হয়। ইয়াৰ জৰিয়তে খাদ্য, ৱাকি-টকি, ফোন চাৰ্জাৰৰ সৈতে এটা কেমেৰা পঠিওৱা হৈছে। পাইপ লাইনৰ মাজেৰে এণ্ড’স্কপিক ফ্লেক্সি কেমেৰা সুমুৱাই দিয়া হয়।

আজি পুৱাই কেমেৰাত ধৰা পৰে সুৰংগটোত আৱদ্ধ হৈ থকা শ্ৰমিকসকলৰ ছবি আৰু ভিডিঅ’। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেই সমগ্ৰ বিষয়টোৰ ওপৰত চকু ৰাখিছে। উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীকো ফোন কৰি উদ্ধাৰ কামৰ সন্দৰ্ভত সোধা-পোছা কৰে। তাৰ পিছত উদ্ধাৰ অভিযানৰ গতি বৃদ্ধি পায়।

আৱদ্ধ শ্ৰমিকক উদ্ধাৰ কৰিবলৈ পঞ্চবাণ পৰিকল্পনা আৰম্ভ হয়। অৰ্থাৎ ৫টা বিকল্প উপায়েৰে শ্ৰমিকসকলক উদ্ধাৰৰ চেষ্টা কৰা হয়। ইয়াৰে ভিতৰত আজি বিয়লি ২ বজাৰ পৰা উলম্ব ড্ৰিলিঙৰ কাম আৰম্ভ হ’ব।

লগতে পঢ়কঃ অশনি সংকেত! শেষ হৈ আহিব অক্সিজেন; ‘শ্বাসৰুদ্ধ’ হব পৃথিৱীৰ! ভয়াৱহ ভৱিষ্যতৰ কথা জনালে বিজ্ঞানীসকলে

মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে টুইটযোগে কয় যে সুৰংগটোত আৱদ্ধ হৈ থকা শ্ৰমিকসকলক উদ্ধাৰৰ বাবে যুদ্ধকালীন অভিযান চলি আছে। তেওঁ লিখিছে, “উত্তৰকাশীত নির্মাণীয় ছিলকিয়াৰা সুৰংগৰ ভিতৰত আৱদ্ধ হৈ থকা শ্ৰমিকসকলৰ উদ্ধাৰৰ কাম চলি আছে, ধ্বংসাৱশেষৰ মাজেৰে ৬ ইঞ্চি ব্যাসৰ পাইপলাইন এটা সুৰংগলৈ প্ৰেৰণ কৰা হৈছে। এতিয়া ইয়াৰ জৰিয়তে খাদ্য, ঔষধ আৰু অন্যান্য সামগ্ৰী শ্ৰমিকসকললৈ সহজে প্ৰেৰণ কৰিব পৰা যাব।”

কেন্দ্ৰীয় সংস্থাসমূহৰ লগতে ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী আৰু ৰাজ্য প্ৰশাসনৰ উদ্ধাৰকাৰী দলে অক্লান্তভাৱে উদ্ধাৰ অভিযান চলাই আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে আমি সকলো শ্ৰমিকক নিৰাপদে উদ্ধাৰৰ বাবে যুদ্ধকালীন গতিৰে কাম কৰি আছো।