NORTHEAST NOW (Assamese)

বিজেপিত যোগদান কৰিব নাগৰিকত্ব বিধেয়কৰ সমৰ্থক সুকুমাৰ বিশ্বাসে

April 4, 2019 3:02 pm · কল্পজ্যোতি শইকীয়া
Updated: April 5, 2019 4:32 pm
সুকুমাৰ বিশ্বাসৰ সংবাদমেল দিছপুৰ প্ৰেছ ক্লাৱত

কাইলৈ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিব সদৌ অসম বাঙালী যুৱ ফেডাৰেছনৰ উপদেষ্টা সুকুমাৰ বিশ্বাসে। বৃহস্পতিবাৰে দিছপুৰ প্ৰেছ ক্লাৱত সংবাদ মেলযোগে এই কথা ঘোষণা কৰে বিশ্বাসে।ভাৰতীয় জনতা পাৰ্টীৰ হেঙেৰাবাৰীৰ মুখ্য কাৰ্যালয়ত আনুষ্ঠানিকভাৱে দলটোত যোগদান কৰিব বাঙালী নেতাজনে।

উল্লেখযোগ্য যে, সুযোগ সন্ধানী নেতা জনে ইয়াৰ পূৰ্বে ২০১৬ চনত ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰি ২০১৭ চনত পদত্যাগ কৰিছিল।নির্বাচনৰ পূৰ্বে সুযোগৰ সন্ধানত দল বাগৰি ফুৰা নেতাজনে বিজেপিত যোগদান কৰা বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে।

সংবাদ মেলত বিশ্বাসে পূৰ্বতে কংগ্ৰেছত আছিল যদিও কাইলৈৰ পৰাহে আনুষ্ঠানিক ভাবে সক্ৰিয় ৰাজনীতিত যোগদান কৰিব বুলি উল্লেখ কৰে। ৰাজ্যজুৰি চলা নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ আন্দোলনৰ সময়ত বঙালী নেতাজনে মুকলিকৈ নাগৰিকত্ব বিধেয়কৰ প্ৰতি নিজৰ সমৰ্থন আগবঢ়াইছিল।

সুকুমাৰ বিশ্বাসৰ লগত বঙালী যুৱ ফেডাৰছনৰ সাধাৰণ সম্পাদক সলিল দেয়ো বিজেপিত যোদদান কৰিব বুলি সংবাদ মেলত সদৰী কৰে বঙালী নেতাজনে।

আনহাতে, সদৌ অসম বঙালী যুৱ ফেডাৰেছনৰ লগত তেওঁ ২৪ বছৰ ধৰি জড়িত থকা বুলি দাবী কৰে।

Related News