• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইস্তাহাৰ উন্মোচন : উত্তৰ-পূবৰ ৰাজ্যসমূহক বিশেষ ৰাজ্যৰ মৰ্যাদা ঘুৰাই দিয়াৰ প্ৰতিশ্ৰুতি দোহাৰিলে কংগ্ৰেছে

অনির্বান পাঠক by অনির্বান পাঠক
April 5, 2019 4:34 pm
congress manifesto release, guwahati

গুৱাহাটীৰ ৰাজীৱ ভৱনত বৃহস্পতিবাৰে কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ উন্মোচন। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লোক সভা নিৰ্বাচনৰ বাবে কংগ্ৰেছে প্ৰকাশ কৰা ইস্তাহাৰখন বৃহস্পতিবাৰে অসমত উন্মোচন কৰা হয়। গুৱাহাটীৰ ৰাজীৱ ভৱনত ইস্তাহাৰখন অসমৰ বাবে উন্মোচন কৰে দলটোৰ ৰাষ্ট্ৰীয় নেতা তথা পঞ্জাৱৰ বিত্ত মন্ত্ৰী মনপ্ৰীত সিং বাদলে।

উক্ত অনুষ্ঠানতে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই “আমাৰ লক্ষ্য আমাৰ পণ” শীৰ্ষক প্ৰদেশ কংগ্ৰেছে প্ৰকাশ কৰা এখন পুস্তিকাও উন্মোচন কৰে।

Apply Now

পুস্তিকাখনৰ যোগেদি কংগ্ৰেছ দল চৰকাৰলৈ আহিলে ল’বলগীয়া কৰ্মসূচী সম্পৰ্কে ৰাইজক অৱগত কৰে।

ৰিপুন বৰাই ইয়াৰ কৰ্মসূচীত অন্তৰ্ভূক্ত বিষয় সমুহ দাঙি ধৰে। ইয়াত অন্তৰ্ভুক্ত কৰা বিষয়সমূহৰ ভিতৰত এন আৰ চিক ক্ৰটিমুক্ত কৰা আৰু কোনো প্ৰকৃত ভাৰতীয়ৰ নাম এন আৰ চিত বাদ নপৰাটো নিশ্চিত কৰা, ডি ভোটাৰৰ নামত প্ৰকৃত ভাৰতীয় নাগৰিকৰ হাৰাশাস্তি বন্ধ কৰা বিষয়টোও আছে।

তদুপৰি, বিজেপিয়ে ক্ষমতাহীন কৰা উত্তৰ-পূব পৰিষদৰ ক্ষমতা পুনৰ ঘুৰাই অনা, ড’নাৰ মন্ত্ৰালয়ক অধিক ক্ষমতা সম্পন্ন কৰাৰ কথাও কৰ্মসূচীত অন্তৰ্ভুক্ত কৰা হৈছে।

ৱেজ ব’ৰ্ডে অনুমোদন জনোৱা চাহ শ্ৰমিকৰ মজুৰি ৩৫০ টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত কেৱল বাগিচাৰ মালিক পক্ষৰ আপত্তিৰ বাবেই বিজেপি চৰকাৰে বলৱৎ কৰা নাই বুলি মন্তব্য কৰি ৰিপুন বৰাই কয় যে কংগ্ৰেছৰ চৰকাৰ আহিলে এই সিদ্ধান্ত কাৰ্যকৰী কৰা হ’ব।

আনহাতে, বনাঞ্চলত বসতি কৰি অহা লোকৰ বাবে বন Scheduled Tribes and Other Traditional Forest Dwellers (Recognition of Forest Rights) Act, 2006 কাৰ্যকৰী কৰা, স্বায়ত্ব শাসিত পৰিষদ সমুহক অধিক ক্ষমতা দিয়া, চাহ উদ্যোগলৈ বিশেষ ৰাষ্ট্ৰীয় পেকেজ আগবঢ়োৱাৰ কথাও ইয়াৰ কৰ্মসূচীত ঘোষণা কৰা হৈছে।

ইপিনে, কৰ্মসূচীত অন্তৰ্ভুক্ত হোৱা আন গুৰুত্বপূৰ্ণ বিষয়ৰ ভিতৰত আছে কাছাৰ আৰু নগাঁও কাগজ কল পুনৰুজ্জীৱিত কৰা,অসমৰ থলুৱা জনসাধাৰণৰ ভাষা-সংস্কৃতি, অস্তিত্ব সুনিশ্চিত কৰাৰ লগতে গুৱাহাটীক কাৰিকৰী শিক্ষাৰ কেন্দ্ৰ হিচাপে গঢ় দিয়াৰ প্ৰতিশ্ৰুতি।

অনুষ্ঠানটোত পঞ্জাৱৰ বিত্ত মন্ত্ৰী মনপ্ৰীত সিং বাদলে কয় যে কেন্দ্ৰত কংগ্ৰেছৰ চৰকাৰ হ’লে নাগৰিকত্ব সংশোধনী বিধেয়ক সম্পূৰ্ণৰূপে বাতিল কৰিব। তদুপৰি,বাংলাদেশ আৰু ম্যানমাৰৰ পৰা হোৱা অনুপ্ৰৱেশ ৰোধ কৰাৰ বাবে দুই দেশৰ চৰকাৰৰ সৈতে আলোচনা কৰি ব্যৱস্থা ল’ব।

উত্তৰ-পূবৰ ৰাজ্যসমুহক বিশেষ ৰাজ্যৰ মৰ্যদা ঘুৰাই দিব বুলি উল্লেখ কৰি বাদলে লগতে কয় যে কংগ্ৰেছে সংসদ আৰু বিধান সভা সমুহত ৩৩% মহিলাৰ সংৰক্ষণ  নিশ্চিত কৰিব। লগতে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ চাকৰিৰ ক্ষেত্ৰতো ৩৩% মহিলাৰ বাবে সংৰক্ষণ নিশ্চিত হ’ব।

প্ৰাক-প্ৰাথমিক স্তৰৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈ গুণগত শিক্ষা সমগ্ৰ দেশতে নিশ্চিত কৰাৰ আশ্বাস দিয়াৰ উপৰি কংগ্ৰেছ ক্ষমতালৈ আহিলে অনুসূচীত জাতি/অনুসূচীত জনজাতি আৰু দুৰ্বল শ্ৰেণীৰ প্ৰতি ভেদা-ভেদ ভাৱ প্ৰতিৰোধ আইন প্ৰস্তুত কৰিব।

ৰাষ্ট্ৰীয় নিৰাপত্তাৰ নামত বছৰি ১ লাখ কোটি টকা ব্যয় কৰাৰ আশ্বাস দিয়াৰ উপৰি বৰ্তমানৰ জি এছ টি বন্ধ কৰি নতুন জি এছ টি প্ৰৱৰ্তন কৰাৰ লগতে এই নতুন জি এছ টিত পেট্ৰ’লিয়ামজাত সামগ্ৰী, বিদ্যুত আৰু মাটিও অন্তৰ্ভুক্ত হ’ব বুলি জানিবলৈ দিয়ে মনপ্ৰীত সিং বাদলে।

তদুপৰি, কংগ্ৰেছৰ ইস্তাহাৰত প্ৰকাশ পোৱা প্ৰতিগৰাকী নাগৰিকৰ নূন্যতম আয়, কৃষকক ঋণমুক্ত কৰা আদি বিষয়ো বাদলে দোহাৰে।

ইপিনে, অনুষ্ঠানত উপস্থিত থাকি সাংসদ তথা প্ৰদেশ কংগ্ৰেছৰ ইস্তাহাৰ সমিতিৰ অধ্যক্ষ ভুৱনেশ্বৰ কলিতাই কয় যে কংগ্ৰেছে উত্তৰ-পূব ঔদ্যোগিক নীতি পুনৰ বলৱৎ কৰিব। বিজেপিয়ে এই নীতি বন্ধ কৰি দিয়াৰ বাবেই উত্তৰ-পূবত ঔদ্যোগিকৰণ স্তব্ধ হৈ গৈছে বুলিও কয় কলিতাই।

আনহাতে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰো সুনিশ্চিত ব্যৱস্থা ল’ব বুলি উল্লেখ কৰাৰ লগতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কংগ্ৰেছ দৃঢ় বুলি মন্তব্য কৰি কলিতাই কয়, ” নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে বিজেপিয়ে সাম্প্ৰদায়িক, জাতিগত আৰু ভাষাগত বিভাজন আনিব চেষ্টা কৰি আছে।‘’

Tags: নিৰ্বাচন ২০১৯
অনির্বান পাঠক

অনির্বান পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গাৰ্ডেনত মোহন ভাগৱতৰ ভাষণ: অনুষ্ঠানক লৈ অসন্তুষ্টি প্ৰকাশ মেয়ৰ জোহৰান মামদানীৰ

নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গাৰ্ডেনত মোহন ভাগৱতৰ ভাষণ: অনুষ্ঠানক লৈ অসন্তুষ্টি প্ৰকাশ মেয়ৰ জোহৰান মামদানীৰ

August 26, 2026 12:51 pm
দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

August 26, 2026 11:13 am
‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

August 26, 2026 9:33 am
মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

August 26, 2026 8:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গাৰ্ডেনত মোহন ভাগৱতৰ ভাষণ: অনুষ্ঠানক লৈ অসন্তুষ্টি প্ৰকাশ মেয়ৰ জোহৰান মামদানীৰ

নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গাৰ্ডেনত মোহন ভাগৱতৰ ভাষণ: অনুষ্ঠানক লৈ অসন্তুষ্টি প্ৰকাশ মেয়ৰ জোহৰান মামদানীৰ

August 26, 2026 12:51 pm
দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

August 26, 2026 11:13 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd