NORTHEAST NOW (Assamese)

২৯ ডিচেম্বৰৰ পৰা তিনিচুকীয়াত আন্তঃজিলা মহিলা হকী প্ৰতিযোগিতা

December 27, 2018 9:39 am · এন ই নাও নিউজ
ইণ্টাৰনেটৰ পৰা সংগৃহীত প্ৰতিনিধিত্বমূলক চিত্ৰ

অহা ২৯ ডিচেম্বৰৰ পৰা ৩১ ডিচেম্বৰলৈ তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব সদৌ অসম আন্তঃজিলা মহিলা হকী প্ৰতিযোগিতাৰ। অসম হকী আৰু সমন্বয় সংঘৰ যৌথ উদ্যোগত তিনিচুকীয়া জিলা ক্ৰীড়া সন্থাৰ কছুজান খেলপথাৰত এই হকী প্ৰতিযোগিতাখন অনুষ্ঠিত হ’ব।

আয়োজকৰ ফালৰ পৰা জানিব পৰা মতে মুঠ ২০টা দলে প্ৰতিযোগিতাখনত অংশ ল’ব। দলকেইটা হৈছে নগাঁও, টিংৰাই, শিলচৰ, শিৱসাগৰ সমন্বয় একাডেমি, তিনিচুকীয়া, হোজাই, হাইলাকান্দি, তেজপুৰ, কলিয়াবৰ, গুৱাহাটী, মাকুম, কোকৰাঝাৰ ছাই, মৰাণ, চেৰেকাপাৰ, নাহৰকটীয়া, মৰিগাঁও, বঙাইগাঁও, কাৰ্বি আংলং, চৰাইদেউ আৰু সোণাৰী।

ইফালে প্ৰতিযোগিতাখনা যাতে সুকলমে অনুষ্ঠিত হৈ যায় তাৰ প্ৰতি লক্ষ্য ৰাখি এখন অভ্যৰ্থনা সমিতিও গঠন কৰা হৈছে।

প্ৰতিযোগিতা পৰিচালনাৰ বাবে প্ৰবীণ দত্তক সভাপতি, পুলক চেতিয়াক কাৰ্যকৰী সভাপতি, সুপ্ৰিয় দে’, প্ৰেমানন্দ খনিকৰ, শৰৎ দাস আৰু ভূপেন ফুকনক উপ-সভাপতি, মানৱ চেতিয়া আৰু বিকাশ কুমাৰ বৰাক যুটীয়া সাধাৰণ সম্পাদক, কৃষ্ণ নেওগ, প্ৰতাপ দে’ক সহকাৰী সম্পাদক, অজয় সিং, স্বপন দে’ক ক্ৰীড়া সম্পাদক হিচাপে লৈ উক্ত অভ্যৰ্থনা সমিতিখন গঠন কৰিছে।

Related News