• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

লক্ষ্য লোকসভা নিৰ্বাচন : বিজেপিয়ে অসমৰ প্ৰভাৰীৰ দায়িত্ব দিলে মহেন্দ্ৰ সিঙক

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 27, 2018 8:31 am

2 min read

Mahendra Singh

ইণ্টাৰনেটৰ পৰা সংগৃহীত মহেন্দ্ৰ সিঙৰ ফটো

155
VIEWS
Share on FacebookShare on Twitter

অহা বছৰ হ’বলগীয়া সাধাৰণ নিৰ্বাচনৰ বাবে পূৰ্ণ ৰূপত প্ৰস্তুতি চলাইছে শাসকীয় দল বিজেপিয়ে। নৰেন্দ্ৰ মোদীৰ নেতৃত্বত যাতে দ্বিতীয়বাৰলৈ চৰকাৰ গঠন কৰিব পাৰে তাৰ বাবে দলটোৰ কেন্দ্ৰীয় নেতৃত্বই কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে। ২৬ ডিচেম্বৰ অৰ্থাৎ বুধবাৰে অসমৰ  লগতে দেশৰ আন ১৭খন ৰাজ্যত নিৰ্বাচনী কাম-কাজ চোৱা-চিতাৰ বাবে একোজনকৈ প্ৰভাৰী নিযুক্তি দিছে।

অসমৰ বাবে প্ৰভাৰী হিচাপে নিযুক্তি দিয়া হৈছে জ্যেষ্ঠ বিজেপি নেতা মহেন্দ্ৰ সিঙক। উল্লেখ্য যে ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সম্পাদক হিচাপে দায়িত্বত থকা মহেন্দ্ৰ সিঙে দীৰ্ঘদিনৰে পৰা অসমৰ প্ৰভাৰী  হিচাপে দায়িত্ব গ্ৰহণ কৰি আছে। মহেন্দ্ৰ সিঙৰ নেতৃত্বতে ২০১৬ৰ অসম বিধানসভা নিৰ্বাচনত বিজেপিয়ে অসমত চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল।

উল্লেখ্য যে ২৬ ডিচেম্বৰ অৰ্থাৎ বুধবাৰে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নতুন দিল্লীত প্ৰধান মন্ত্ৰী মোদী আৰু বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহৰ লগত এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে। উক্ত বৈঠকত আগন্তুক লোকসভা নিৰ্বাচন সম্পৰ্কে আলোচনা হ’লেও মূলতঃ অগপ-বিজেপিৰ মিত্ৰতা, এন আৰ চি আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক সম্পৰ্কেই আলোচনাত স্থান পোৱা বুলি এক সূত্ৰৰ পৰা জানিব পৰা গৈছে।

আনহাতে আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰচাৰ কৰিবলৈ প্ৰধান মন্ত্ৰী মোদীয়ে অহা ৪ জানুৱাৰিত অসমলৈ আহিব। উক্ত দিনা মোদীয়ে শিলচৰত এখন বিশাল নিৰ্বাচনী জনসভাত ভাষণ প্ৰদান কৰিব।

Recent News

IMG-20210121-WA0143~2

পশু কল্যাণ বিভাগৰ তৰফৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী কল্যাণৰ বাবে এম্বুলেঞ্চ প্ৰদান

WhatsApp Image 2021-01-22 at 8.06.27 AM

প্ৰচণ্ড বিস্ফোৰণত কঁপি উঠিল শিবমোগা; কমেও ৮জনৰ মৃত্যু, প্ৰধানমন্ত্ৰী মোদীৰ শোকপ্ৰকাশ

WhatsApp Image 2021-01-21 at 7.40.44 PM

ৰবীন্দ্ৰ ভৱনত পৰিৱেশিত হ’ল “মোক্ষ”: প্ৰয়াত পদ্মশ্ৰী সুনীল কোঠাৰীক সশ্ৰদ্ধ স্মৰণ

IMG-20210121-WA0007

২২ জানুৱাৰীত বন্ধ নহয় শিৱসাগৰ; বন্ধ উঠাই ল’লে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd