• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ছেট্টী আয়োগৰ সা-সুবিধাৰ পৰা বঞ্চিত ৰাজ্যৰ ন্যায়িক কৰ্মচাৰী; ২ জুলাইত কৰ্মবিৰতি

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 26, 2019 10:07 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ বিভিন্ন আদালতত কৰ্মৰত ন্যায়িক কৰ্মচাৰীসকলৰ সেৱাবিধিকে ধৰি দৰমহা আৰু বিভিন্ন সা-সুবিধাৰ বাবে উচ্চতম ন্যায়ালয়ৰ দ্বাৰা গঠিত ছেট্টী আয়োগ অনুমোদিত প্ৰস্তাৱসমূহ কাৰ্য্যকৰী নকৰাত ক্ষুব্ধ হৈছে ৰাজ্যৰ প্ৰায় ৪০০খন নিম্ন আদালতত কৰ্মৰত ৩ সহস্ৰাধিক ন্যায়িক কৰ্মচাৰী।

ইয়াৰ প্ৰতিবাদত ৰাজ্যৰ ন্যায়িক কৰ্মচাৰীসকলে অহা ২ জুলাইত কৰ্মচাৰীসকলে ২ ঘণ্টীয়া কৰ্মবিৰতি পালন কৰিব, শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰি সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদক অনন্ত প্ৰসাদে এই কথা জনায়।

Apply Now

সংবাদমেলত প্ৰসাদে কয়, ২০০৯ চনতে উচ্চতম ন্যায়ালয়ে ছেট্টী আয়োগ গঠন কৰি এবছৰৰ ভিতৰত ন্যায়িক কৰ্মচাৰীসকলৰ অতিৰিক্ত সা-সুবিধাসমূহ প্ৰদান কৰিবলৈ এক জাননী জাৰি কৰিছিল।

‘’কিন্তু ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত গাফিলতি কৰিছে আৰু উচ্চ ন্যায়ালয়ে এই কথাটো যিদৰে নিৰীক্ষণ কৰিব লাগিছিল, কৰা নাই‘‘, প্ৰসাদে কয়।

ন্যায়িক কৰ্মচাৰীসকলে পাব লগীয়া সা-সুবিধাসমূহৰ বিৱৰণ দি তেওঁ কয়, ‘‘ছেট্টী আয়োগৰ পৰামৰ্শ মতে কিছুমান পে’ স্কেল অনুমোদন কৰিছিল যদিও গ্ৰেড ১, গ্ৰেড ২, গ্ৰেড ৩ৰ পদ সমূহ কাৰ্য্যকৰী কৰা নাই। চিৰস্তাদাৰসকলক নতুনকৈ স্বীকৃতি দিয়া হৈছে যদিও কাৰ্য্যকৰী কৰা নাই। ফিক্সড পি এ কাৰ্য্যকৰী হোৱা নাই। তাতোকৈ ডাঙৰ কথা যে সেৱা বিধিটোৱেই বৰ্তমানলৈকে কাৰ্য্যকৰী হোৱা নাই। তথ্য মতে ২০১৪ চনতে গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম চৰকাৰক কৈ সেৱা বিধিৰ খচৰা পঠাইছিল যদিও ২০১৯ চন পৰ্য্যন্ত সেই বিধি কাৰ্য্যত পৰিণত হোৱা নাই। ২০১৭ চনত উচ্চতম ন্যায়ালয়ে কৰ্ট মেনেজাৰৰ সেৱা বিধি কাৰ্য্যকৰী কৰাৰ নিৰ্দেশ দিছিল, যদিও ন্যায়িক কৰ্মচাৰীক ২০০৯ চনৰ পৰা ১০ বছৰ সেৱা বিধি (ছাৰ্ভিচ ৰুল) কাৰ্য্যকৰী হোৱা নাই।‘’

সেৱা বিধি কাৰ্য্যকৰী নোহোৱাৰ বাবে ন্যায়িক কৰ্মচাৰী নিজৰ প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আছে, জনালে সন্থাৰ সাধাৰণ সম্পাদক প্ৰসাদে।

অহা এমাহৰ ভিতৰত তেওঁলোকে লাভ কৰিব লগীয়া সা-সুবিধাসমূহ কাৰ্য্যকৰী কৰিবৰ বাবে তেওঁ সংবাদমেলতে আহ্বান জনাই কয়, ‘‘অন্যথা ২ জুলাইৰ দিনা ২ ঘণ্টীয়া কৰ্মবিৰতি পালন কৰা হ’ব। তাৰ পাছতো কাৰ্য্যকৰী নকৰিলে অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰা হ’ব।‘’

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd