• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

জয়ৰ ধাৰা অব্যাহত: নেডাৰলেণ্ডক পৰাস্ত কৰি ক্ৰমাগত দ্বিতীয় জয় ভাৰতৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 27, 2022 5:08 pm
T20 World Cup
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আশাপ্ৰদভাৱেই চলিত টি-২০ বিশ্বকাপৰ আজি গ্ৰুপ পৰ্যায়ৰ দ্বিতীয়খন মেচত তুলনামূলকভাৱে দুৰ্বল নেডাৰলেণ্ডৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰিছে উদ্বোধনী বৰ্ষৰ টি-২০ বিশ্বকাপ জয়ী ভাৰতে। বিশ্ব খিতাপৰ সন্ধানত অষ্ট্ৰেলিয়ান ভূমিত অৱতীৰ্ণ হোৱা ভাৰতে আজি দুৰন্ত অলৰাউণ্ড প্ৰদৰ্শনেৰে নেডাৰলেণ্ডক ৫৬ ৰানত পৰাস্ত কৰে।

প্ৰথম মেচত পাকিস্তানৰ বিপক্ষে ৰোমাঞ্চকৰ জয়েৰে বিশ্বকাপ অভিযান আৰম্ভ কৰা ভাৰতে আজি ছিডনীত অনুষ্ঠিত হোৱা মেচখনত প্ৰথমে বেটিং কৰি শীৰ্ষক্ৰমৰ তিনিগৰাকীকৈ বেটাৰৰ অৰ্ধশতকৰ সহায়ত দুই উইকেটৰ বিনিময়ত ১৭৯ ৰান সংগ্ৰহ কৰে।

Apply Now

ইনিংছৰ আৰম্ভণিতে অপেনাৰ লোকেশ ৰাহুলৰ উইকেট হেৰুৱালেও অধিনায়ক ৰোহিত শৰ্মা, প্ৰাক্তন অধিনায়ক বিৰাট কোহলী আৰু মিডল অৰ্ডাৰ বেটাৰ সূৰ্যকুমাৰ যাদৱে দুৰ্দান্ত বেটিঙেৰে নেডাৰলেণ্ডৰ বলিং আক্ৰমণক তচনচ কৰি ভাৰতক এক শক্তিশালী স্ক’ৰত উপনীত কৰায়।

অধিনায়ক ৰোহিত শৰ্মাই ৩৯ বলত ৫৩ ৰান সংগ্ৰহ কৰি বিদায় ল’লেও চলিত বিশ্বকাপত ক্ৰমাগত দ্বিতীয়টো অৰ্ধশতক অৰ্জন কৰা কোহলী ৪৪ বলত ৬২ ৰান সংগ্ৰহ কৰি অপৰাজিত থাকে। কোহলীৰ লগতে আনগৰাকী বেটাৰ সূৰ্যকুমাৰ যাদৱে বিস্ফোৰক বেটিঙেৰে মাত্ৰ ২৫ বলত ৫১ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ ৰয়।

ভাৰতীয় বেটিং লাইন-আপত এক নৱ শক্তি হিচাপে পৰিগণিত হোৱা যাদৱে ইনিংছৰ অন্তিমটো বলত এটা দৰ্শনীয় ছয় কোবাই নিজৰ অৰ্ধশতক সম্পূৰ্ণ কৰে। অৱশ্যে পুনৰ এবাৰ ভাৰতীয় অনুৰাগীক নিৰাশ কৰে অপেনাৰ ৰাহুলে। ইনিংছৰ তৃতীয়টো অভাৰত মাত্ৰ ৯ ৰান কৰিয়ে বিদায় লয় অপেনাৰগৰাকীয়ে।

ইফালে ১৮০ ৰানৰ বিজয় লক্ষ্য অনুসৰণ কৰি ভাৰতীয় বলিং আক্ৰমণৰ সমুখত কোনো সময়তে মূৰ দাঙি উঠিব নোৱাৰিলে নেডাৰলেণ্ডে। তাৰকা পেচাৰ বুমৰাহৰ অনুপস্থিতিত দলৰ বলিং আক্ৰমণৰ নেতৃত্ব কান্ধ পাতি লোৱা ভুৱনেশ্বৰ কুমাৰে ইনিংছৰ প্ৰথমটো অভাৰ মেইডেন দিয়াৰ পিছত তৃতীয়টো অভাৰত অপেনাৰ বিক্ৰমজিত সিঙক পেভিলিয়নৰ পথ দেখায়।

আনগৰাকী অপেনাৰ মেক্স অডাউদে কিছু আক্ৰমণাত্মক শৈলীৰে বেটিং কৰাৰ চেষ্টা চলায় যদিও পঞ্চম অভাৰত অক্সৰ পেটেলৰ চিকাৰ হয় মেক্স। ভাৰতীয় বলাৰৰ সন্মিলিত আক্ৰমণত দিশহাৰা হোৱা নেডাৰলেণ্ডে সঘন উইকেটৰ পতনৰ ফলত ২০ অভাৰত ৯ উইকেটৰ বিনিময়ত মাত্ৰ ১২৩ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়।

ভাৰতৰ হৈ ভুৱনেশ্বৰ, অৰ্শদ্বীপ, অক্সৰ আৰু অশ্বিনে দুটাকৈ আৰু মহম্মদ ছামিয়ে এটা উইকেট লাভ কৰে। দুৰন্ত বেটিঙেৰে ভাৰতক শক্তিশালী স্থিতিত উপনীত কৰোৱা যাদৱ মেচৰ শ্ৰেষ্ঠ খেলুৱৈ বিবেচিত হয়।

এই জয়েৰে ভাৰত গ্ৰুপত শীৰ্ষস্থানত উপনীত হয়। গ্ৰুপৰ তৃতীয়খন মেচত ভাৰত ৩০ অক্টোবৰত দক্ষিণ আফ্ৰিকাৰ সন্মুখীন হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাৰমাণৱিক নিৰীক্ষণত নৰজিল আমেৰিকাৰ দাদাগিৰি; ইৰাণ ইচ্ছ্যুত ৰাষ্ট্ৰসংঘত ৰাছিয়া-চীনৰ ভেটো

পাৰমাণৱিক নিৰীক্ষণত নৰজিল আমেৰিকাৰ দাদাগিৰি; ইৰাণ ইচ্ছ্যুত ৰাষ্ট্ৰসংঘত ৰাছিয়া-চীনৰ ভেটো

September 18, 2026 1:05 pm
বন্ধুক লগ কৰিবলৈ যোৱা কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা; গ্ৰেপ্তাৰ হোৱা ৪ জনৰ ৩ জনেই কিশোৰ

বন্ধুক লগ কৰিবলৈ যোৱা কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা; গ্ৰেপ্তাৰ হোৱা ৪ জনৰ ৩ জনেই কিশোৰ

September 18, 2026 12:13 pm
প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম দিনৰ দিনাই বজালী জিলা কংগ্ৰেছৰ সভাপতি গুপ্ত মনি শৰ্মাৰ বিশ্ব ফাঁকিবাজ দিৱস পালন

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম দিনৰ দিনাই বজালী জিলা কংগ্ৰেছৰ সভাপতি গুপ্ত মনি শৰ্মাৰ বিশ্ব ফাঁকিবাজ দিৱস পালন

September 18, 2026 10:40 am
ভাৰতৰ শিক্ষা খণ্ডত স্বাধীনতা ‘অত্যন্ত নিয়ন্ত্ৰিত’, দাবী কৰা হৈছে প্ৰতিবেদনত

ভাৰতৰ শিক্ষা খণ্ডত স্বাধীনতা ‘অত্যন্ত নিয়ন্ত্ৰিত’, দাবী কৰা হৈছে প্ৰতিবেদনত

September 18, 2026 9:41 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাৰমাণৱিক নিৰীক্ষণত নৰজিল আমেৰিকাৰ দাদাগিৰি; ইৰাণ ইচ্ছ্যুত ৰাষ্ট্ৰসংঘত ৰাছিয়া-চীনৰ ভেটো

পাৰমাণৱিক নিৰীক্ষণত নৰজিল আমেৰিকাৰ দাদাগিৰি; ইৰাণ ইচ্ছ্যুত ৰাষ্ট্ৰসংঘত ৰাছিয়া-চীনৰ ভেটো

September 18, 2026 1:05 pm
বন্ধুক লগ কৰিবলৈ যোৱা কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা; গ্ৰেপ্তাৰ হোৱা ৪ জনৰ ৩ জনেই কিশোৰ

বন্ধুক লগ কৰিবলৈ যোৱা কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা; গ্ৰেপ্তাৰ হোৱা ৪ জনৰ ৩ জনেই কিশোৰ

September 18, 2026 12:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd