• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰায় ৯ ফুট দীঘল! হাউছিং ছ’চাইটিত প্ৰৱেশ কৰি ঘৰিয়ালৰ আতংক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 8, 2024 3:51 pm
1.2k
VIEWS
Share on FacebookShare on Twitter

বৰোদাৰ পাছত এইবাৰ মুম্বাই। পুনৰ জনবসতি থকা অঞ্চলৰ পৰা উদ্ধাৰ ঘৰিয়াল। মুম্বাইৰ মুলুণ্ড অঞ্চলৰ এখন হাউছিং ছ’চাইটিত প্ৰৱেশ কৰিলে এটা ঘৰিয়াল। সংবাদ সংস্থা পিটিআইৰ তথ্য অনুসৰি ইয়াৰ দৈৰ্ঘ্য আছিল প্ৰায় ৯ ফুট। ৰাতিপুৱা দেখি, স্থানীয় ৰাইজৰ মনত আতংক বিয়পি পৰিল, লগে লগে বন বিভাগক খবৰ দিলে। এটা বন্যপ্ৰাণী সংস্থাই সংবাদ সংস্থা পিটিআইক জনোৱা মতে, দেওবাৰে পুৱা ঘৰিয়ালটোক উদ্ধাৰ কৰা হয়। দেওবাৰে পুৱা মুলুণ্ড অঞ্চলৰ পৰা বন বিভাগৰ কণ্ট্ৰল ৰুমলৈ যায় এই ফোন। খবৰ অনুসৰি হাউছিং ছ’চাইটিৰ ভিতৰত এটা বৃহৎ ঘৰিয়াল বিচৰণ কৰা দেখা গৈছে। বন্যপ্ৰাণী উদ্ধাৰ সংস্থাকো অৱগত কৰা হয়। শেষত স্বেচ্ছাসেৱী সংগঠন আৰু বনকৰ্মীৰ উদ্যোগত ঘৰিয়ালটো উদ্ধাৰ কৰা হয়।

স্বেচ্ছাসেৱী সংগঠনটোৰ হৈ শক্তি শৰ্মাই সন্ধিয়া প্ৰায় ৬:৩০ বজাত এজনী মাইকী ঘৰিয়াল উদ্ধাৰ কৰা বুলি জানিবলৈ দিয়ে। দুজন পশু চিকিৎসকে ঘৰিয়ালটোৰ স্বাস্থ্য পৰীক্ষা কৰে। তেওঁলোকে কয় যে ঘৰিয়ালটো সুস্থ।

মন কৰিবলগীয়া যে ইয়াৰ পূৰ্বে জুলাই মাহত মুম্বাইৰ মিথি নদীত এটা ঘৰিয়াল দেখা গৈছিল। ইয়াক লৈ চহৰবাসীৰ মাজত আতংক বিয়পি পৰিল। অৱশ্যে এই নদীখন ঘৰিয়ালৰ প্ৰাকৃতিক বাসস্থান বুলি প্ৰশাসনে অৱগত কৰে। লগতে প্ৰশাসনে সাধাৰণ জনতাক নদীত প্ৰৱেশ বা ঘৰিয়ালক অশান্তি দিয়াৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিয়ে। সেই মাহতে মুম্বাইৰ চিপলুনত মুষলধাৰ বৰষুণৰ পিছত পথত ঘূৰি ফুৰা এটা বৃহৎ ঘৰিয়াল দেখা গৈছিল।

প্ৰসংগক্ৰমে কিছুদিন পূৰ্বে গুজৰাটত বান পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সময়তে বিশ্বমিত্ৰী নদীৰ পানী বৰোদা চহৰত প্ৰৱেশ কৰিছিল। তাৰ লগত বহু ঘৰিয়াল সোমাই গ’ল। দুদিনত ডুব যোৱা বৰোদা চহৰৰ পৰা উদ্ধাৰ কৰিলে কমেও ২৪টা ঘৰিয়াল। পিছত ঘৰিয়ালকেইটাক পুনৰ বিশ্বমিত্ৰী নদীত মুকলি কৰি দিয়া হ’ল।

Recent News

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd