NORTHEAST NOW (Assamese)

মহানগৰীৰ পৰা অন্তৰ্ধান চিটি বাছ, যাত্ৰীৰ দুৰ্ভোগ, ক’লৈ নিয়া হ’ল বাছবোৰ?

April 27, 2022 3:59 pm · এন ই নাও নিউজ,গুৱাহাটী
Updated: April 27, 2022 4:02 pm

গুৱাহাটী মহানগৰীত অন্তৰ্ধান হৈ পৰিছে চিটি বাছসমূহ। যাৰ ফলত যাত্রীৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি।

সাধাৰণ নাগৰিকৰ যাতায়াতৰ অন্যতম মাধ্যম চিটি বাছসমূহ হঠাতে অন্তৰ্ধান হৈ পৰাৰ ফলত যাত্ৰীৰ দুৰ্ভোগে সীমা চেৰাই গৈছে।

বুধবাৰৰ দিনটোত পুৱাই কাৰ্যালয়, বিদ্যালয়কে ধৰি ব্যৱসায়িক প্ৰতিষ্ঠান আদিলৈ যোৱাৰ বাবে হাজাৰ হাজাৰ মানুহ চিটি বাছ আস্থানত গোট খায় যদিও বাছৰ অভাৱত বহুতে গন্তব্যস্থলীলৈ নগৈ ঘৰমুৱা হ’বলগীয়া হৈছে।

বহু লোকে খোজকাঢ়িয়েই গন্তব্য স্থানলৈ যাবলগীয়া হৈছে।

গুৱাহাটী মহানগৰীত চিটি বাছ সেৱা একপ্ৰকাৰ বন্ধ হৈ পৰাৰ ফলত ছাত্ৰ-ছাত্ৰীসকল বাৰুকৈয়ে আহুকালৰ সন্মুখীন হোৱা দেখা গৈছে।

চিটি বাছ নথকাৰ সুযোগ গ্ৰহণ কৰি অটো ৰিক্সাকে ধৰি বহু ৰিক্সা চালকে যাত্ৰীৰ পৰা অধিক হাৰত ভাড়া আদায় কৰাৰো অভিযোগ উঠিছে।

জানিব পৰা মতে গুৱাহাটী মহানগৰীৰ পৰা ৬০০ ৰো অধিক চিটি বাছ অন্তৰ্ধান হৈ পৰিছে।

কেৱল ৩০ খন মান চিটি বাছহে মহানগৰীত চলি আছে। কিন্তু এনে কি কাৰণ আছে যাৰ বাবে গুৱাহাটী মহানগৰীৰ পৰা হঠাতে এনেদৰে চিটি বাছ সমূহ নোহোৱা হৈ পৰিল?

বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে ২৮ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডিব্ৰুগড়লৈ আহিব বাবেই মহানগৰীৰৰ চিটি বাছ সমূহ ‘অধিগ্ৰহণ’ কৰা হৈছে।

অৱশ্যে প্ৰশাসনে বাছসমূহ অধিগ্ৰহণ কৰাৰ সলনি বিশেষ সংগঠন তথা ব্যক্তিয়েহে মোদীৰ সভালৈ মানুহ নিয়াৰ বাবে বাছ সমূহ ‘অধিগ্ৰহণ ‘ কৰি থোৱা বুলি জানিব পৰা গৈছে।

যোৱা প্ৰায় তিনিদিন ধৰি এনেদৰে বহু চিটি বাছ ৰাজপথৰ পৰা অন্তৰ্ধান হৈ পৰাত সাধাৰণ মানুহ কিমান অসুবিধাৰ সন্মুখীন হৈছে সেই বিষয়টো কোনেও ভাবি চোৱা পৰিলক্ষিত হোৱা নাই।

আনকি প্ৰশাসনেও দুৰ্ভোগৰ সন্মুখীন হোৱা যাত্ৰীসকলক সকাহ দিবলৈ বিশেষ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।

Related News