• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 8, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চামগুৰিৰ ৰঙামাটিত ডকাইতি কাণ্ড : আৰক্ষীয়ে নিশা উদ্ধাৰ কৰিলে ডকাইতি হোৱা এল্ট’

ভাৰ্গব হাজৰিকা ভাৰ্গব হাজৰিকা
পুৰণিগুদাম , May 5, 2019 1:05 pm

1 min read

চামগুৰিৰ ৰঙামাটিত ডকাইতি কাণ্ড : আৰক্ষীয়ে নিশা উদ্ধাৰ কৰিলে ডকাইতি হোৱা এল্ট’
417
VIEWS
Share on FacebookShare on Twitter

নগাঁও-কাৰ্বিআংলং সীমান্তত এতিয়া সঘনাই সংঘটিত হ’বলৈ ধৰিছে বিভিন্ন ধৰণৰ অপৰাধমূলক ঘটনা। কিছুদিন পূৰ্বে চামগুৰিৰ কঠালগুৰিত হাতে হাতে মাৰাণাস্ত্ৰ লৈ দুৰ্বৃত্তৰ এটা দলে ডকাইতি কাণ্ড সংঘটিত কৰাৰ পাছতেই পুনৰ শনিবাৰে নিশা আন এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড সংঘটিত হয় নগাঁও কাৰ্বিআংলং সীমান্তত।

চামগুৰি সমীপৱৰ্তী আঞ্জুপানী আৰক্ষী চকীৰ অতি দুৰ্গম পাহাৰীয়া এলেকা পানীমুৰাৰ স্থানীয় বাসিন্দা যুবৰাজ বে’ নামৰ লোকজনৰ ঘৰত নিশা ডকাইতৰ এটা দলে অৰ্তকিতে প্ৰৱেশ কৰি এক লোমহৰ্ষক ডকাইতি কাণ্ড সংঘটিত কৰে। হাতত মৰাণাস্ত্ৰ লৈ প্ৰৱেশ কৰা ডকাইতৰ দলটোৰ আক্ৰমণত যুৱৰাজ বে’ নামৰ লোকজন গুৰুতৰভাৱে আহত হয়।

ইয়াৰোপৰি যুৱৰাজ বে’ৰ ঘৰৰ ভিতৰতেই হস্তনিৰ্মিত বন্দুকেৰে গুলীচালনা কৰি ডকাইতৰ দলটোৱে ভয়-ভাবুকি দিয়াৰ চেষ্টা কৰে। পাছত ডকাইতৰ দলটোৱে যুৱৰাজ বে’ৰ ঘৰৰ পৰা এখন এল্ট’ বাহন বলপূৰ্বক ভাবে কাঢ়িলৈ উধাও হয়। লগতে দলটোৱে লোকজনৰ ঘৰৰ পৰা লুটি নিয়ে এল চি ডি, সাঁচতীয়া ধনকে ধৰি যাৱতীয় সা-সম্পত্তি।

পৰৱৰ্তী সময়ত নিশা ডকাইতৰ দলটোৰ সৈতে চামগুৰি আৰক্ষীৰ মুখামুখি সংঘৰ্ষ হোৱাত ডকাইতৰ দলটোৱে এল্ট’খন এৰি পলায়ন কৰে। সম্প্ৰতি এল্ট’খন চামগুৰি আৰক্ষীৰ জিম্মাত আছে।

উল্লেখযোগ্য যে চামগুৰি আৰু আঞ্জুপানীৰ দৰে দুখন আৰক্ষী থানা থকাৰ পাছতো চামগুৰিৰ লগতে ইয়াৰ পাশ্বৱৰ্তী অঞ্চলসমূহত এনেধৰণৰ ঘটনা সঘনাই সংঘটিত হোৱাত ইয়াক লৈ তীব্ৰ চৰ্চা চলিছে।

Recent News

index.jpga

‘পোন্ধৰ বছৰে এয়ুইউডিএফে ধিং সমষ্টিত কৰিব নোৱাৰা কাম মই আঢ়ৈ বছৰত কৰি দেখুৱাম’; ৰাইজৰ দলৰ প্ৰাৰ্থী মেহবুব মোক্তাৰ

index.jpgkkk

কা সমৰ্থিত বৰাক উপত্যকাতো অসম জাতীয় পৰিষদে নিৰ্বাচন খেলিব ৫ সমষ্টিত

নতুন কৃষি আইনৰ সংশোধন কৰিবলৈ সাজু কেন্দ্ৰ চৰকাৰ : কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ

নতুন কৃষি আইনৰ সংশোধন কৰিবলৈ সাজু কেন্দ্ৰ চৰকাৰ : কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ

index.jpgk

এইবাৰ আসনক লৈ কংগ্ৰেছ আৰু আঞ্চলিক গণ মৰ্চাৰ মতানৈক্য! : দাবী কৰা দুয়োখন আসনৰ পৰা বঞ্চিত মৰ্চা!

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd