NORTHEAST NOW (Assamese)

ঘোষণা হ’ল অমৰনাথ যাত্ৰাৰ দিন, কেতিয়া হ’ব আৰম্ভ?

March 27, 2022 8:04 pm · এন ই নাও নিউজ,গুৱাহাটী

দুটা বছৰ একেৰাহে ভক্তৰ বাবে বন্ধ হৈ থকা অমৰনাথ যাত্ৰা এইবাৰ সকলো ভক্তৰ বাবেই মুকলি থাকিব।

কোভিড পৰিস্থিতিৰ বাবে বাতিল অথবা সীমিত কৰিবলগীহোৱা অমৰনাথ যাত্ৰা এইবাৰ ৩০ জুনৰ পৰা আৰম্ভ হ’ব। আজি কাশ্মীৰ চৰকাৰৰ এগৰাকী মুখপাত্ৰই এই কথা প্ৰকাশ কৰে।

মুখপাত্ৰগৰাকীয়ে প্ৰকাশ কৰা মতে ৩০ জুনৰ পৰা কোভিড-১৯ প্ৰটোকলক কঠোৰভাৱে পালন কৰি আৰম্ভ হ’ব অমৰনাথ যাত্ৰা। আজি জম্মু-কাশ্মীৰৰ উপ ৰাজ্যপালৰ কাৰ্যালয়ে এই কথা প্ৰকাশ কৰে।

সমুদ্ৰপৃষ্ঠৰ পৰা ৩,৮৮০ মিটাৰ উচ্চতাত অৱস্থিত হিমালয়ৰ গুহা মন্দিৰটোলৈ ৪৩ দিন ধৰি চলিব যাত্ৰা।পৰম্পৰা অনুসৰি এই যাত্ৰা ৰাখী বন্ধনৰ দিনা সমাপ্ত হ’ব।

উপ ৰাজ্যপাল মনোজ সিনহাৰ অধ্যক্ষতাত অনুষ্ঠিত শ্ৰী অমৰনাথ শ্ৰাইন ব’ৰ্ডৰ এখন বৈঠকত অমৰনাথৰ মন্দিৰলৈ বাৰ্ষিক তীৰ্থযাত্ৰাৰ সময়সূচী নিৰ্ধাৰণ কৰা হয়। উপ ৰাজপাল সিনহাই টুইটাৰত কয়—”আজি শ্ৰী অমৰনাথজীৰ ব’ৰ্ড বৈঠকত সভাপতিত্ব কৰো। ৪৩ দিনীয়া পবিত্ৰ তীৰ্থযাত্ৰা ৩০ জুনত সকলো কোভিড প্ৰটোকলৰ সৈতে আৰম্ভ হ’ব আৰু পৰম্পৰা অনুসৰি ৰাখী বন্ধনৰ দিনা সমাপ্ত হ’ব।

আগন্তুক যাত্ৰা সন্দৰ্ভত আমি বিভিন্ন বিষয়কলৈ গভীৰভাবে আলোচনা কৰিছো” । অমৰনাথ যাত্ৰাৰ সময়ত পাকিস্তানী সন্ত্ৰাসবাদীয়ে যাতে ভক্তৰ ওপৰত আক্ৰমণ চলাব নোৱাৰে তাৰ বাবেও পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হ’ব।

Related News