DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভূপৃষ্ঠৰ পৰা আকাশলৈ মাৰি পঠিয়াব পৰা ক্ষেপনাস্ত্ৰৰ সফল পৰীক্ষণ ভাৰতৰ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
March 27, 2022 8:34 pm
ভূপৃষ্ঠৰ পৰা আকাশলৈ মাৰি পঠিয়াব পৰা ক্ষেপনাস্ত্ৰৰ সফল পৰীক্ষণ ভাৰতৰ
165
VIEWS
Share on FacebookShare on Twitter

চীন-পাকিস্তানৰ সৈতে ভাৰতৰ সংঘাত চলি থকাৰ মাজতে ভাৰতে আজি পুনৰ আন এক মিছাইলৰ সফল পৰীক্ষণ সম্পন্ন কৰিবলৈ সক্ষম হয়।

প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (ডিআৰডিঅ’)ৰ এক শীৰ্ষ সূত্ৰই প্ৰকাশ কৰা মতে ভাৰতীয় সেনাই আজি ওড়িশাৰ বালাচোৰৰ উপকূলৰ পৰা মধ্যম দূৰত্বভেদী ভূপৃষ্ঠৰ পৰা আকাশমাৰ্গলৈ মাৰি পঠিয়াব পৰা এক শক্তিশ্লী মিছাইলৰ পৰীক্ষণ সম্পন্ন কৰে।

সূত্ৰটোৱে প্ৰকাশ কৰা মতে এমআৰএছএএম-আৰ্মি মিছাইল বিধ বালাচোৰৰ পৰা দিনৰ প্ৰায় ১০.৩০ বজাত পৰীক্ষণ কৰা হয়। মিছাইল বিধে সঠিক সময়ত সঠিক লক্ষ্যত আঘাত কৰা বুলিও সূত্ৰটোৱে প্ৰকাশ কৰে।

উল্লেখ্য ভাৰতে বিগত কেইটামান দিন একাধিক মিছাইলৰ পৰীক্ষণ সম্পন্ন কৰিছে। ভাৰতে ২৩ মাৰ্চত সফলতাৰে সম্পন্ন কৰিছিল ব্ৰাহ্মছ চুপাৰচনিক ক্ৰুজ মিছাইলৰ পৰীক্ষণ।

মিছাইলবিধে ইয়াৰ নিৰ্দিষ্ট লক্ষ্যত সফলতাৰে আঘাত হানিবলৈ সক্ষম হয় বুলি বায়ুসেনা বাহিনীৰ সূত্ৰই প্ৰকাশ কৰিছিল।

মাৰ্চৰ প্ৰথম সপ্তাহতো ভাৰতীয় নৌসেনাই ব্ৰাহ্মছ ক্ৰুজ মিছাইলৰ এটা সফল পৰীক্ষণ কৰিছিল।

ব্ৰাহ্মছ মিছাইলে আঘাত হানিব পৰা লক্ষ্য স্থলৰ দূৰত্ব পূৰ্বৰ ২৯৮ কিলোমিটাৰৰ ঠাইত এতিয়া ৪৫০ কিলোমিটাৰলৈ বৃদ্ধি কৰা হৈছে ।

উল্লেখ্য শেহতীয়াকৈ ভাৰতে অত্যাধুনিক যুদ্ধ বিমান সুখয় ৩০ এমকেআইৰ পৰা শব্দতকৈয়ো বেগী ব্ৰাক্ষ্মছ মিছাইলৰ সফল পৰীক্ষণ কৰিবলৈ সক্ষম হৈছে।

অলপতে বংগোপসাগৰত সুখয় যুদ্ধ বিমানৰ পৰা মৰি পঠিওৱা হৈছিল ব্ৰাক্ষ্মছ মিছাইল। পূৰ্ব নিৰ্দ্ধাৰিত লক্ষ্যত মিছাইল বিধে সঠিক ভাবে আঘাত হানিবলৈ সক্ষম হয়।

কিছুদিন আগতে ভাৰতে ওড়িশাৰ পৰাই মহাশক্তিশালী ব্ৰাহ্মছ মিছাইলৰ সফল পৰীক্ষণ কৰিছিল।

ওড়িশাৰ বালাচোৰৰ পৰা ভাৰতে এই মিছাইল বিধৰ সফল পৰীক্ষণ কৰিছিল।

ৰাছিয়াৰ সহযোগত ভাৰতে সাজি উলিওৱা ব্ৰাহ্মছ মিছাইলে ৪৫০ কিলোমিটাৰ দূৰত্বলৈ আঘাত হানিব পাৰিব বুলি প্ৰতিৰক্ষা দপ্তৰৰ এগৰাকী মুখপাত্ৰই প্ৰকাশ কৰিছে।

মুখপাত্ৰ গৰাকীয়ে প্ৰকাশ কৰা মতে ব্ৰাহ্মছ মিছাইলত এইবাৰ বুষ্টাৰ ইঞ্জিন সংযুক্ত কৰা হৈছে।

ইয়াৰ ফলত মিছাইলবিধৰ শক্তি ভালেখিনি বৃদ্ধি পাব বুলি তেওঁ কয়।

উল্লেখ্য ব্ৰাহ্মছ মিছাইলৰ প্ৰথম পৰীক্ষণ সম্পন্ন কৰা হৈছিল ২০১৭ চনৰ মাৰ্চ মাহত।এই মিছাইল বিধ ভাৰতীয় বায়ুসেনাৰ সুখয়-৩০ যুদ্ধ বিমানতো স্থাপন কৰা হৈছে।

ভাৰতীয় নৌসেনাৰ আইএনএছ ৰাজপুততো এই মিছাইলবিধ স্থাপন কৰা হৈছে বুলি প্ৰতিৰক্ষা দপ্তৰৰ মুখপাত্ৰ গৰাকীয়ে জানিবলৈ দিয়ে।

Recent News

Assam govt buy PPE kits from China

চীনৰ পৰা সঁচাকৈয়ে পি পি ই কিট ক্ৰয় কৰিছিল নে অসম চৰকাৰে! ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে নাকচ কৰিলে কিট ক্ৰয়ৰ দাবী

Asia Cup 2022: ভাৰতীয় হকী দলে গণি গণি ১৬টা গোল দিলে ইন্দোনেছিয়াক; প্ৰৱেশ কৰিলে ছুপাৰ-৪ত

Asia Cup 2022: ভাৰতীয় হকী দলে গণি গণি ১৬টা গোল দিলে ইন্দোনেছিয়াক; প্ৰৱেশ কৰিলে ছুপাৰ-৪ত

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ পিছত পুটিনৰ লক্ষ্য হ’ব শ্লোভাকিয়া; ক’লে এডুয়াৰ্ড হিগাৰে

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ পিছত পুটিনৰ লক্ষ্য হ’ব শ্লোভাকিয়া; ক’লে এডুয়াৰ্ড হিগাৰে

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd