ভাৰতৰ ধনী মানুহৰ তালিকাত বহু আছে জনপ্ৰিয় ব্যৱসায়ী। ভাৰতৰ আটাইতকৈ ধনী মানুহজনৰ কথা ভাবিলে বেছিভাগ মানুহেই ৰতন টাটা, মুকেশ আম্বানী বা গৌতম আদানীৰ কথা ভাবে। কিন্তু ভাৰতৰ ইতিহাসত সেয়া আম্বানী বা আদানী নহয়, দেশৰ আটাইতকৈ ধনী ব্যক্তিজন হৈছে নিজাম মিৰ ওছমান।
নিজাম মিৰ ওছমানে ১৯১১ চনত ২৫ বছৰ বয়সত হায়দৰাবাদৰ সিংহাসনত আৰোহণ কৰে। তেওঁ হায়দৰাবাদৰ নিজাম আছিল। তেওঁ একেৰাহে ৩৭ বছৰ শাসন কৰিছিল। তেওঁৰ বিলাসী জীৱনশৈলী আৰু বিশাল ধন-সম্পত্তিৰ বাবে সমগ্ৰ বিশ্বতে পৰিচিত আছিল।
কিন্তু আপুনি জানেনে যে নিজাম মিৰ ওছমান আলী খানক স্বাধীন ভাৰতৰ প্ৰথম কোটিপতি হিচাপে গণ্য কৰা হয়? ইষ্ট ইণ্ডিয়া কোম্পানীৰ মতে ওচমান ভাৰতৰ প্ৰথম কোটিপতি আছিল। প্ৰায় ২৩০ বিলিয়ন মাৰ্কিন ডলাৰ অৰ্থাৎ ১৭.৪৭ লাখ কোটি টকাৰ মালিক আছিল তেওঁ।
মিৰ ওছমান আলীৰ কেইবাখনো বিলাসী ৰ’লছ ৰয়েচ গাড়ী আছিল। ব্যক্তিগত বিমান সংস্থাৰ মালিক হিচাপেও তেওঁ আছিল প্ৰথম ভাৰতীয়। আকৌ তেওঁৰ হাতত আছিল এটা ‘জেকব ডাইমণ্ড’। এই হীৰাটোৰ বৰ্তমান মূল্য প্ৰায় ১০০০ কোটি টকা!
আনহাতে, ১৯১৪ চনত প্ৰথম বিশ্বযুদ্ধৰ সময়তো তেওঁ বস্তুগত, সামৰিক আৰু আৰ্থিক সাহায্যৰে ব্ৰিটিছক সহায় কৰিছিল। ওচমানিয়া বিশ্ববিদ্যালয় প্ৰতিষ্ঠাতো নিজাম মিৰ ওছমানে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
১৯৯৫ চনত ভাৰত চৰকাৰে নিজামছ ট্ৰাষ্টৰ পৰা মিৰ ওছমানৰ হীৰা ক্ৰয় কৰিছিল। বৰ্তমান ইয়াক মুম্বাইৰ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিৰাপদ ভল্টত ৰখা হৈছে।