এজন কয়দীৰ বিনিময়ত মুকলি কৰি দিয়া হ’ল আন এজন কয়দীক

আমেৰিকাত গ্ৰেপ্তাৰ হোৱা এগৰাকী দুধৰ্ষ অস্ত্ৰ সৰবৰাহকাৰী ভিক্টৰ বাউটক কাৰামুক্ত কৰাৰ বিনিময় চুক্তিৰে ৰাছিয়াই এৰি দিবলৈ সন্মতি হৈছে অলিম্পিক বিজয়ী ব্ৰিটনী গ্ৰেইনাৰক।

অৱশেষত ৰাছিয়াই কাৰামুক্ত ঘোষণা কৰিলে ৰাছিয়াত খেলিবলৈ যাওঁতে গ্ৰেপ্তাৰ হোৱা বিশ্ব বিখ্যাত আমেৰিকান বাস্কেট বল খেলুৱৈ ব্ৰিটনী গ্ৰেইনাৰক। অলিম্পিকত দুবাৰকৈ স্বৰ্ণ জয় কৰিবলৈ সক্ষম হৈছিল আমেৰিকান বাস্কেট বল খেলুৱৈ ব্ৰিটনী গ্ৰেইনাৰ। আমেৰিকাত গ্ৰেপ্তাৰ হোৱা এগৰাকী দুধৰ্ষ অস্ত্ৰ সৰবৰাহকাৰী ভিক্টৰ বাউটক কাৰামুক্ত কৰাৰ বিনিময় চুক্তিৰে ৰাছিয়াই এৰি দিবলৈ সন্মতি হৈছে ব্ৰিটনী গ্ৰেইনাৰক।

উল্লেখ্য যে ২০২২ চনৰ ফ্ৰেব্ৰুৱাৰী মাহত ৰাছিয়াৰ মস্কোৰ এটা বিমান বন্দৰত ব্ৰিটনী গ্ৰেইনাৰৰ বস্তু বাহানিৰ লগত এটা গাঞ্জাৰ তেল থকা পেকেট উদ্ধাৰ কৰিছিল ৰাছিয়াৰ নিৰাপত্তাৰক্ষীয়ে। অৱশ্যে নিজৰ বেগত গাঞ্জাৰ তেল থকা কথাটো স্বীকাৰো কৰিছিল ক্ৰীড়াবিদগৰাকীয়ে। এই গাঞ্জাৰ তেল খিনি উদ্ধাৰ কৰাৰ পিছতেই খেলুৱৈ গৰাকীক গ্ৰেপ্তাৰ কৰি হাজিৰ কৰা হৈছিল ৰাছিয়াৰ আদালতত। ৰাছিয়াৰ আদালতে এই অপৰাধৰ বিচাৰ কৰি ৯ বছৰ কাৰাদণ্ড বিহিছিল ৩১ বছৰীয়া খেলুৱৈ ব্ৰিটনী গ্ৰেইনাৰক।   

ইপিনে অস্ত্ৰ সৰবৰাহ আৰু আমেৰিকাৰ বিৰুদ্ধে কৰা ষড়যন্ত্ৰত আমেৰিকাই ধৰা পেলাইছিল প্ৰাক্তন ছোভিয়েট সেনা বিষয়া ভিক্টৰ বাউটক। ভিক্টৰ বাউট আছিল অতিকে দক্ষ আাৰু ভয়ানক সেনা বিষয়া। ভিক্টৰৰ ভয়ানক দক্ষতাৰ বাবে ‘মৃত্যুৰ ব্যৱসায়ী’ হিচাপে নাম আছিল সমগ্ৰ ৰাছিয়াত। ভিক্টৰক আমেৰিকান সেনাই গ্ৰেপ্তাৰ কৰি ২৫ বছৰৰ বাবে কাৰাদণ্ড বিহিছিল। দীৰ্ঘদিন ধৰি আমেৰিকাৰ কাৰাগাৰত বন্দী হৈ আছিল ভিক্টৰ।

কিন্তু যোৱা বৃহস্পতি বাৰে আমেৰিকাৰ সংবাদ সেৱা প্ৰতিষ্ঠান চিএনএন-এ প্ৰকাশ কৰা বাতৰি অনুসৰি আমেৰিকা আৰু ৰাছিয়াই গ্ৰীনাৰক মুক্ত কৰিবলৈ বন্দী বিনিময়ৰ আলোচনাৰ ফলত ভিক্টৰ বাউটক কাৰাগাৰৰ পৰা প্ৰত্যাৱৰ্তন কৰাৰ বিপৰীতে ৰাছিয়াই ব্ৰিটনী গ্ৰেইনাৰক মুকলি কৰি দিছে ৰাছিয়াৰ কাৰাগাৰৰ পৰা।