গুগলৰ ডিজিটেল এডভাৰটাইজিং ব্যৱসায় ভাঙি পেলোৱাৰ নিৰ্দেশ দিবলৈ আমেৰিকা চৰকাৰে ফেডাৰেল ন্যায়াধীশৰ ওচৰত আবেদন জনাইছে। চৰকাৰী অধিবক্তাসকলে যুক্তি আগবঢ়ায় যে টেক জায়ান্টটোৱে নিজৰ ব্যৱসায়িক পদ্ধতি সলনি কৰাৰ প্ৰতিশ্ৰুতি বিশ্বাস কৰিব নোৱাৰি।
শুকুৰবাৰে (২১ নৱেম্বৰ) ফেডাৰেল ন্যায়াধীশৰ ওচৰত আবেদন জনাইছে আমেৰিকা চৰকাৰে।
গুগলৰ এড টেক “ষ্টেক” (যিবোৰ টুলৰ জৰিয়তে ৱেবচাইট প্ৰকাশকে বিজ্ঞাপন বিক্ৰী কৰে আৰু বিজ্ঞাপনদাতাই বিজ্ঞাপন ক্ৰয় কৰে)ক লৈ দাখিল কৰা গোচৰত চৰকাৰী অধিবক্তাসকলে তেওঁলোকৰ চূড়ান্ত যুক্তি দাঙি ধৰিছিল।
এই বছৰ গুগলৰ বাবে এইটো দ্বিতীয়টো ডাঙৰ এণ্টিট্ৰাষ্ট ( একচেটিয়া ব্যৱসায়ৰ বিৰুদ্ধে) আইনী পৰীক্ষা।
ইয়াৰ পূৰ্বে ছেপ্টেম্বৰ মাহত ন্যায় বিভাগৰ এজন ন্যায়াধীশে কেলিফৰ্ণিয়াস্থিত টেক জায়ান্টটোৰ বিশ্বব্যাপী চাৰ্চ ইঞ্জিন ব্যৱসায় ভাঙি পেলোৱাৰ একেধৰণৰ দাবী খাৰিজ কৰিছিল।
এই গোচৰসমূহ এপল, আমাজন আৰু মেটাকে ধৰি অন্যান্য বৃহৎ টেক কোম্পানীসমূহৰ বজাৰত আধিপত্য হ্ৰাস কৰাৰ বাবে আমেৰিকা চৰকাৰৰ বৃহত্তৰ প্ৰচেষ্টাৰ অংশ।
এই পৰ্যন্ত গোচৰবোৰৰ ফলাফল মিশ্ৰিত হৈছে। এই সপ্তাহত আন এজন ন্যায়াধীশে ছ’চিয়েল মিডিয়া সাম্ৰাজ্য মেটাৰ বিৰুদ্ধে চৰকাৰৰ গোচৰ খাৰিজ কৰে।
শুকুৰবাৰে যুক্তিৰ পূৰ্বে দাখিল কৰা তথ্যত ন্যায় বিভাগ (ডি অ’ জে) আৰু কেইবাখনো আমেৰিকাৰ প্ৰদেশে অভিযোগ কৰিছে যে গুগলে অবৈধভাৱে দুখন আন্তঃসংলগ্ন বিজ্ঞাপন প্ৰযুক্তিৰ বজাৰত একচেটিয়া অধিকাৰ সাব্যস্ত কৰিছে।
তেওঁলোকে দাবী কৰে যে গুগলে এক দশক ধৰি বিভিন্ন ধৰণৰ অবৈধ কামত লিপ্ত হৈ আহিছে।
চৰকাৰৰ গোচৰত কোৱা হৈছে যে গুগলে একে সময়তে বিজ্ঞাপনৰ বজাৰৰ একাধিক দিশ নিয়ন্ত্ৰণ কৰে। ই প্ৰকাশকৰ বিজ্ঞাপন বিক্ৰী কৰাৰ প্লেটফৰ্ম, লেনদেনৰ বিনিময় আৰু বৃহৎ সংখ্যক বিজ্ঞাপনদাতাৰ চাহিদা নিয়ন্ত্ৰণ কৰে।
ডি অ’ জেই কয় যে গুগলে এবাৰ এই ব্যৱস্থাক গোল্ডমেন চেক্সৰ নিউয়ৰ্ক ষ্টক এক্সচেঞ্জৰ মালিক হোৱাৰ সৈতে তুলনা কৰিছিল।
সহকাৰী এটৰ্নি জেনেৰেল গেইল শ্লেটাৰে এটা এক্স পোষ্টত কয়, “আমি ইয়াত সমস্যাটো সমাধান কৰিবলৈ আহিছো। আমি যুক্তি দিওঁ যে সৰ্বোত্তম সমাধান হ’ল গুগলৰ একচেটিয়া অধিকাৰ ভাঙি পেলোৱা। ইয়াৰ দ্বাৰা নতুন প্ৰতিযোগীৰ সৃষ্টি হ’ব।”
গুগলে প্ৰত্যুত্তৰত যুক্তি দিয়ে যে প্ৰস্তাৱিত পদক্ষেপটো হৈছে চৰম চৰকাৰী হস্তক্ষেপ। ইয়াৰ ফলত প্ৰকাশক, বিজ্ঞাপনদাতা আৰু গ্ৰাহকৰ ক্ষতি হ’ব। কোম্পানীটোৱে দাবী কৰে যে ইয়াৰ সংহত বিজ্ঞাপন টুলবোৰে দক্ষতা আৰু উদ্ভাৱনক আগুৱাই লৈ যায়। আৰু এই সেৱাসমূহ ভাঙি পেলোৱাটো কাৰিকৰীভাৱে প্ৰায় অসম্ভৱ।
এই বছৰ গোচৰটোৰ দায়বদ্ধতাৰ ওপৰত দিয়া প্ৰাৰম্ভিক ৰায়দানত ফেডাৰেল ন্যায়াধীশ লিঅ’নি ব্ৰিংকেমাই কয় যে গুগলে ইচ্ছাকৃতভাৱে প্ৰকাশকৰ বিজ্ঞাপন চাৰ্ভাৰ আৰু বিজ্ঞাপন বিনিময় বজাৰ দুয়োটাকে একচেটিয়া কৰি ৰাখিছে। তেতিয়াই আৰম্ভ হ’ল চূড়ান্ত যুক্তিতৰ্ক৷
প্ৰচিকিউটৰসকলে এতিয়া ব্যাপক পদক্ষেপ বিচাৰিছে। ইয়াৰ ভিতৰত আছে গুগলক নিজৰ এডএক্স এক্সচেঞ্জ বিক্ৰী কৰিবলৈ বাধ্য কৰা আৰু মূল নিলাম প্ৰযুক্তিক মুক্ত উৎস হিচাপে গঢ়ি তোলা।
আমেৰিকান ইকনমিক লিবাৰ্টিজ প্ৰজেক্টৰ লৰেল কিলগ’ৰৰ মতে, ন্যায়াধীশ ব্ৰিংকেমাই উদ্বেগ প্ৰকাশ কৰে যে পিছত তেওঁৰ সিদ্ধান্ত বাতিল হ’ব পাৰে। যিহেতু গুগলে আবেদন কৰাটো নিশ্চিত, সেয়েহে এই প্ৰক্ৰিয়াটো বছৰ বছৰ ধৰি চলিব পাৰে।
১১ দিনীয়া এই বিচাৰ প্ৰক্ৰিয়াত ১৯ জন সাক্ষী আৰু ৭ জন বিশেষজ্ঞৰ সাক্ষ্য গ্ৰহণ কৰা হৈছে।
চাৰ্চ ইঞ্জিন গোচৰত ন্যায়াধীশগৰাকীয়ে কয় যে কৃত্ৰিম বুদ্ধিমত্তাৰ (AI) উত্থান গুগলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত সতৰ্ক হোৱাৰ কাৰণ।
কিন্তু এড টেক গোচৰত ডি অ’ জেৰ অধিবক্তাই ইয়াৰ বিপৰীত যুক্তি দিছিল। যুক্তি দিছিল যে কৃত্ৰিম বুদ্ধিমত্তা বা এ আইৰ অগ্ৰগতিয়ে গুগলৰ আধিপত্যক প্ৰত্যাহ্বান জনোৱাতকৈ আৰু অধিক শিপাই তুলিব। আগন্তুক কেইমাহমানৰ ভিতৰত এই গোচৰৰ চূড়ান্ত ৰায়দান হোৱাৰ সম্ভাৱনা আছে।



