• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পূৰ্ণ শক্তিৰে “মৌন পদযাত্ৰা”ত বিজেপি, নলবাৰীৰ পথত মুখ্য মন্ত্ৰী, শীৰ্ষ নেতৃত্ব

Nenow এন ই নাও নিউজ
গুৱাহাটী , December 20, 2019 8:37 pm

3 min read

Amid anti-CAA storm, Assam BJP takes out "Silent Rally'' in Nalbari

“মৌন সমদল”ত মুখ্য মন্ত্ৰী সোণোৱাল, হিমন্ত বিশ্ব, ৰঞ্জিত দাস আৰু বিশ্বজিত দৈমাৰী। ছবি সৌজন্য-- টুইটাৰ।

2.7k
VIEWS
Share on FacebookShare on Twitter

অসমত নাগৰিকত্ব (সংশোধন) আইন ২০১৯বিৰোধী ব্যাপক প্ৰতিবাদৰ মাজতে শাসক দল বিজেপিয়ে পূৰ্ণ শক্তিৰে নিজৰ ৰাজনৈতিক খোপনি ধৰি ৰখাৰ চেষ্টা কৰা দেখা গৈছে।

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু দলটোৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসকে ধৰি প্ৰায় সকলো শীৰ্ষ নেতাই শুকুৰবাৰে নলবাৰী চহৰত এক “ঐক্য সমদল”ত ভাগ লৈছে।

কা-বিৰোধিতাত উত্তাল অসমত শাসক দলটোৱে “শান্তি আৰু প্ৰগতি”ক শ্ল’গান হিচাপে লোৱা দেখা গৈছে।

Affection of people and their spirited participation in #NalbariPeaceMarch was heart-touching. From small children to elderly women ~ everyone astoundingly reposed their faith once more in PM Sri @narendramodi and HM Sri @AmitShah. I thank you all.@BJP4Assam @BJP4India pic.twitter.com/7m7j3TlpJq

— Himanta Biswa Sarma (@himantabiswa) December 20, 2019

“মই ৰাইজক প্ৰৰোচিত নহ’বলৈ আহ্বান জনাইছো আৰু তেওঁলোকে শান্তি বজাই ৰখা উচিত।…‘ঐক্য সমদল’…এক আহ্বান যে অসমৰ মানুহে বিকাশ আৰু প্ৰগতিৰ পথত যাত্ৰা অব্যাহত ৰাখিব খোজে,” পদযাত্ৰাৰ পিছতে মুখ্য মন্ত্ৰীৰ টুইট।

Joined thousands of people in a silent padyatra along with colleagues, MPs and @BJP4Assam karyakartas at Nalbari.

The ‘Akya Samadal'(ঐক্য সমদল)is a call for peace and harmony, a call that the people of Assam wants to continue on the path of development and progress. pic.twitter.com/uSFefQlmbe

— Sarbananda Sonowal (@sarbanandsonwal) December 20, 2019

বিজেপি চৰকাৰ উত্থাপিত আইনখনৰ বিৰুদ্ধে ব্যাপকসংখ্যক লোক ওলাই অহাটোৱে “জাতি-মাটি-ভেটি সুৰক্ষা”ৰ প্ৰতিশ্ৰুতিৰে ক্ষমতালৈ অহা চৰকাৰখনক অস্বস্তিত পেলোৱা দেখা গৈছে।

আইনখনক অসমৰ প্ৰতিবাদী দল-সংগঠনসমূহে “জাতিধ্বংসী” বুলি অভিহিত কৰিছে।

সোণোৱালে শুকুৰবাৰে পুৱাও সংবাদমেলযোগে ৰাজ্যবাসীক আশ্বস্ত কৰাৰ চেষ্টা কৰিছিল। দলটোৰ বহুকেইজন বিধায়কে বিষয়টো সন্দৰ্ভত অসমৰ ৰাইজৰ সন্মুখলৈ আহিবলৈ মুখ্য মন্ত্ৰীক বৃ্হস্পতিবাৰে মুকলি আহ্বান জনাইছিল।

নলবাৰীৰ গৰ্ডন খেলপথাৰৰ সমাৱেশত দলটোৰ বহুকেইজন বিধায়ক, নেতাৰ লগতে মিত্ৰ বিপিএফ নেতা প্ৰমীলাৰাণী ব্ৰহ্ম আৰু বিশ্বজিত দৈমাৰীকো উপস্থিত থকা দেখা গৈছিল।

আইনখনক লৈ স্পষ্টভাৱে দুটা স্থিতি লৈ অহা বিজেপি মিত্ৰ অসম গণ পৰিষদৰ নেতৃত্ব সমাৱেশটোত উপস্থিত নাছিল।

অসমত খিলঞ্জীয়া লোকৰ ভোটৰ ওপৰত যথেষ্ঠ নিৰ্ভৰশীল দলটোৱে নলবাৰীৰ পিছতে কা-বিৰোধিতাত উত্তাল অসমত ৰাজ্যজুৰি এই অভিযান আৰম্ভ কৰিব বুলি স্পষ্ট হৈছে।

বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সমাৱেশত কৈছে, নলবাৰীৰ পিছতে পৰ্য্যায়ক্ৰমে অসমৰ সাতখন ঠাইত তেওঁলোকে এই “ঐক্য সমদল” বাহিৰ কৰিব।

ইফালে শাসক দলৰ সমদলৰ সমান্তৰালকৈ কা-বিৰোধিতাত নেতৃত্ব দি অহা সদৌ অসম ছাত্ৰ সন্থায়ো চহৰখনত এক বিশাল প্ৰতিবাদী সমাৱেশ অনুষ্ঠিত কৰে।

কা-বিৰোধীসকলে শাসক দলটোৰ সমাৱেশক চ’চিয়েল মিদিয়াত ব্যাপক সমালোচনা কৰা দেখা গৈছে। কোৱা হৈছে, সমদলটোত তেওঁলোকে ধনবলেৰে মানুহ গোটাইছে।

সোণোৱালে অসমৰ কা-বিৰোধী দল-সংগঠনলৈ আগবঢ়োৱা আলোচনাৰ প্ৰস্তাৱ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সম্পাদক পলাশ চাংমায়ে অগ্ৰাহ্য কৰিছে।

Recent News

IMG_20210125_131908

নগাঁৱত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

a cong

কোন বেছি সাম্প্ৰদায়িক—বিজেপি নে কংগ্ৰেছ? সংবাদমেলত অমিত শ্বাহক প্ৰশ্ন ৰিপুন বৰাৰ

India-China border in sikkim

ছিকিমৰ নাকু লা সীমান্তত সংঘৰ্ষত ভাৰতীয় সেনাৰ হাতত আহত ২০জন চীনা সৈন্য

navbharat-times

ডিজিটাল হ’ল ভোটাৰ কাৰ্ড: কিদৰে ডাউনলোড কৰিব E-EPIC ভোটাৰ কাৰ্ড? জানক প্ৰতিটো পদক্ষেপ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd