ক্ষুব্ধ মেছি; দুঘণ্টা পিছত বাতিল কৰা হ’ল গ’ল! অলিম্পিকত মৰক্কোৰ হাতত পৰাস্ত আৰ্জেণ্টিনা

ফটোঃ সংগ্ৰহীত।

পেৰিছ অলিম্পিকৰ মূল পৰ্ব আৰম্ভ হ’বলৈ আৰু এদিন বাকী আছে। তাৰ পূৰ্বে বুধবাৰৰ পৰা ফুটবল খেলেৰে অলিম্পিক খেল আৰম্ভ হৈছিল। প্ৰথমখন মেচত মৰক্কোৰ বিৰুদ্ধে খেলিছিল শেহতীয়াকৈ কোপা বিজয়ী আৰ্জেণ্টিনাই। অৱশ্যে এই মেচখনক বিশ্বৰ ‘অদ্ভুত ফুটবল মেচ’ বুলি আখ্যা দিয়া হৈছে। ড্ৰ’ৰ অন্তত মেচত পৰাস্ত হ’বলগীয়া হয় মেছিৰ দল।

খেলখনৰ প্ৰায় ৭০ মিনিট সময়লৈকে আৰ্জেণ্টিনা ০-২ গ’লত পিছ পৰি আছিল। অৱশ্যে সেই সময়ত তেওঁলোকৰ হৈ জিউলিয়ানো ছিমিওনে এটা গ’ল দিয়ে। মৰক্কোৱে ২-১ গ’লত জয়লাভ কৰি ইতিহাস ৰচনা কৰিব বুলি আশা কৰা হৈছিল যদিও খেলখন ২-২ গ’লত সমাপ্ত হয়। খেলখনক ১৫ মিনিটৰ ইনজুৰি টাইম দিয়া হৈছিল। খেল শেষ হোৱাৰ কিছু সময়ৰ পূৰ্বে মদিনাই গ’ল দিয়ে। আচলতে খেলপথাৰখন কাৰ্যতঃ যুদ্ধক্ষেত্ৰ হৈ পৰে।

লগতে পঢ়কঃ সংসদত থিয় হৈ ‘অসংসদীয়’ কটুক্তি; কংগ্ৰেছ সাংসদ গৌৰৱক লক্ষ্য কৰি বিতৰ্কত অভিজিৎ গংগোপাধ্যায়

আৰ্জেণ্টিনাৰ সমতা গ’লৰ পিছত খেলপথাৰত ইটোৰ পিছত সিটোকৈ বটল পৰিবলৈ ধৰিলে। ফুটবলাৰসকলক লক্ষ্য কৰি আতচবাজী নিক্ষেপ কৰা হয়। খেলপথাৰত প্ৰৱেশ কৰে মৰক্কোৰ অনুৰাগী। মেচখন তেতিয়াও শেষ হোৱা নাছিল। গতিকে খেল বন্ধ হৈ যায়। সেই খেলখন আৰম্ভ হ’বলৈ আৰু ২ ঘণ্টা সময় লাগিল। তাৰ পিছতে ঘটিল আটাইতকৈ ডাঙৰ নাটক।

নিৰ্ধাৰিত সময়ৰ ২ মিনিট খেলে বাকী আছিল। কিন্তু ২ ঘণ্টাৰ পাছত মেচ আৰম্ভ হোৱাৰ সময়তে আৰ্জেণ্টিনাৰ দ্বিতীয়টো গ’ল ভিএআৰে অফছাইড বুলি ৰায় দি বাতিল কৰে! ফলত আৰ্জেণ্টিনা মেচখনত মৰক্কোৰ হাতত পৰাস্ত হয়। অৰ্থাৎ ৪ ঘণ্টীয়া মেচ, ২ ঘণ্টাৰ পিছত গ’ল বাতিল! বিশ্ব ফুটবলৰ ইতিহাসত এনে ঘটনা সংঘটিত হৈছে নে নাই সেয়া ন দি কোৱা সম্ভৱ নহয়।

লগতে পঢ়কঃ অলিম্পিক আৰম্ভ হোৱাৰ তিনিদিন পূৰ্বে কোভিডত আক্ৰান্ত প্ৰতিযোগী; আইছ’লেশ্যনত দুগৰাকী খেলুৱৈ

ফুটবলৰ ৰাজকুমাৰ লিয়নেল মেছিয়ে এই সত্য মানি ল’ব পৰা নাই। তেওঁৰ বাবে ই ‘ইনছলিটো’ (বিশ্বাস কৰিব নোৱাৰা)। ছ’চিয়েল মিডিয়াতো তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।