ল’কডাউনৰ সময়ত সমবায় সমিতিৰ এজেণ্টে আত্মসাৎ কৰিছে দুখীয়াৰ চাউল

Fair price Shop

প্ৰতিনিধিত্বমূলক ছবি

ল’কডাউৰ সময়চোৱাত দিন হাজিৰা কৰি খাতি খোৱা এচাম লোক আজি চৰম বিপদত। বিপদৰ এই সময়ত কিছু খাদ্য সামগ্ৰী যোগান ধৰি কিঞ্চিত মান হলেও সহায় কৰিবলৈ সমাজৰ বহু সুহৃদয়বান লোক আগবাঢ়ি আহিছে।

কিন্তু এনে সময়তো এই দুৰ্ভগীয়া লোকসকলক লুণ্ঠন কৰিবলৈ এৰা নাই একাংশ সমবায় সমিতিৰ এজেণ্টে।

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত টিৰাপ সমবায় সমিতিৰ লংটঙৰ বিষ্ণু শ্বাহ নামৰ এজেণ্টজনে গ্ৰাহকক কম পৰিমাণৰ চাউল দিয়াৰ লগতে গোপনে সমবায় সমিতিৰ চাউল বিভিন্নজনক প্ৰতি কেজিত ৩০ টকা দৰত বিক্ৰী কৰাৰ অভিযোগ উত্থাপিত হৈছে।

এজেণ্ট গৰাকীয়ে পৰিয়াল পৰিচয় পত্ৰ থকা লোকক যিমান পৰিমাণৰ চাউল দিব লাগে তাতকৈ কম পৰিমাণে চাউল দিয়াৰ অভিযোগ উঠিছে। চাউল সংগ্ৰহ কৰি কেইবাজনো ব্যক্তিয়ে কাষৰে অন্য এখন গেলামাল দোকানত গৈ ওজন কৰাত এজেণ্টজনে গ্ৰাহকৰ চাউল আত্মসাৎ কৰাৰ কথা পোহৰলৈ আহে।

এই কথা পোহৰলৈ অহাত গ্ৰাহকসকল ক্ষোভিত হৈ পৰে আৰু দোকানখনত এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰে।

ৰাইজৰ অভিযোগৰ ভিত্তিত জাগুনৰ একাংশ সাংবাদিক উক্ত দোকানখনত গৈ উপস্থিত হোৱাত ৰাইজৰ অভিযোগ সঁচা প্ৰমাণিত হয়৷ এনে দুৰ্নীতিগ্ৰস্থ এজেণ্টৰ ওপৰত মাৰ্ঘেৰিটা মহকুমা যোগান বিভাগৰ কৰ্তৃপক্ষই কেনে ব্যবস্থা গ্ৰহণ কৰিব সেইয়া হে লক্ষণীয় হ’ব।