DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 30, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

লকডাউনৰ মাজত গোপনে পৰীক্ষা অনুষ্ঠিত কৰি শ’লঠেকত মহানগৰীৰ ব্যক্তিগত বিদ্যালয়

লকডাউনৰ মাজতে কিয় অনুষ্ঠিত কৰিলে পৰীক্ষা? কাৰণ দৰ্শোৱাৰ জাননী

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 13, 2020 6:38 pm
Amid lockdown, Guwahati’s Little Flower School allegedly held exam
692
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ মইমতালি নতুন কথা নহয়। লকডাউনৰ মাজতে যদি কোনো ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে নামভৰ্তিৰ নামত অভিভাৱকক মাধমাৰ সোধাই আহিছে আন কিছুসংখ্যকে আকৌ লকডাউনৰ নীতি নিৰ্দেশনা ভংগ কৰি বিদ্যালয় খোলা ৰাখিছে।

যিসময়ত সমগ্ৰ দেশৰে বিদ্যালয়-মহাবিদ্যালয় বন্ধ হৈ আছে তেনে সময়তে পোহৰলৈ আহিছে মহানগৰীৰ এখন বিদ্যালয়ৰ কাণ্ডজ্ঞানহীনতা।

তৃতীয় পৰ্য্যায়ৰ লকডাউন চলি থকাৰ মাজতে যোৱা ১১ মে’ৰ দিনা গোপনে বিদ্যালয়ত পৰীক্ষা অনুষ্ঠিত কৰাৰ অভিযোগ উত্থাপিত হৈছে মহানগৰীৰ হাতীগাওঁস্থিত লিটল ফ্লাৱাৰ স্কুলৰ বিৰুদ্ধে।

বিদ্যালয় কতৃপক্ষই নীতি-নিয়ম উলংঘা কৰি পৰীক্ষা অনুষ্ঠিত কৰা বুলি সংবাদ মাধ্যমত সবিস্তাৰে বাতৰি প্ৰকাশ পোৱাৰ পাছতে তৎপৰ হৈ পৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসন।

ইতিমধ্যে জিলা বিদ্যালয় পৰিদৰ্শকে বিদ্যালয়খনলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে।

নৰ্থইষ্ট নাওৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত এই কথা জনাইছে বিদ্যালয় পৰিদৰ্শক বুলি গগৈ ভূঞাই।

তেওঁ কয় ‘আমি কালি কাৰণ দৰ্শোৱাৰ জাননী দিছিলো। বাতৰিৰ ভিত্তিত আৰু জিলা প্ৰশাসনৰ নিৰ্দেশনা মৰ্মে কাৰণ দৰ্শাবলৈ কোৱা হৈছে। বিদ্যালয়খনৰ অধ্যক্ষই আমাক উত্তৰ দিছে। যদি তেওঁৰ উত্তৰত সন্তুষ্ট হওঁ বা কোনোধৰণৰ অসুবিধা নাই, চাই লওঁ কি কৰিব পৰা যায়।‘

‘চৰকাৰৰ ফালৰ পৰা দিয়া নিৰ্দেশনা তেওঁলোকে মানি আহিছিল বুলি তেওঁলোকে কৈছে। মাৰ্চ মাহত তেওঁলোকৰ বাৰ্ষিক পৰীক্ষা শেষ হৈছে। অষ্টম শ্ৰেণীৰ ১২ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ৰিজাল্ট উইথহেল্ড হৈ থকা বাবে অভিভাৱকে কিয় তেনে হৈছিল চাবলৈ বিদ্যালয় কৰ্তৃপক্ষক অনুৰোধ জনাইছিল।পৰীক্ষা অনুষ্ঠিত কৰা নাছিল বুলি কৈছিল।পৰীক্ষা অনুষ্ঠিত কৰা নাছিল বুলি যে কৈছে গতিকে বিষয়টো চাই লোৱাটো ভাল হ’ব।অভিভাৱকৰ অনুৰোধমৰ্মে এটা কোঠাত কিবা কোৱা বুলি কৈছিল।‘ এইদৰে কয় বিদ্যালয় পৰিদৰ্শকগৰাকীয়ে।

ইপিনে, বিদ্যালয়খনৰ অধ্যক্ষই পৰীক্ষা অনুষ্ঠিত কৰা নাছিল বুলি উত্তৰত কৈছে যদিও এক ব্যক্তিগত টেলিভিছন চেনেলত প্ৰকাশিত বাতৰিত বিদ্যালয়খনৰ কেইগৰাকীমান ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষা অনুষ্ঠিত কৰা বুলি মন্তব্য কৰিছিল।

‘ক্লাছ এইটৰ টেষ্ট লৈছে সেইকাৰণে খোলা দিছে আৰু। ক্লাছ এইটৰ আছিল, আজি অংকৰ পৰীক্ষা আছিল। আহিবলৈ ভয় লাগিছে কিন্তু পৰীক্ষাও দিব লাগিব।‘ এগৰাকী ছাত্ৰীয়ে সংবাদ মাধ্যমৰ আগত এইদৰে কৈছিল।

উল্লেখ কৰিব পাৰি যে বিদ্যালয়খনে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ জিলা প্ৰশাসনৰ পৰা কোনোধৰণৰ অনুমতি লোৱা নাছিল।

এতিয়া লিটল ফ্লাৱাৰ বিদ্যালয়ৰ ক্ষেত্ৰত প্ৰশাসনে কেনেধৰণৰ ভূমিকা গ্ৰহণ কৰে সেয়া তদন্তৰ ওপৰত নিৰ্ভৰ কৰিব।

Recent News

Vice presidential election India

নিৰ্বাচন আয়োগে ঘোষণা কৰিলে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দিন: ৬ আগষ্টত হ’ব ভোটগ্ৰহণ, একেদিনাই হ’ব ভোটগণনা

Swara Bhasker

অভিনেত্ৰী স্বাৰা ভাস্কৰলৈ মৃত্যুৰ ভাবুকি: সাভাৰকাৰক অপমান নকৰিবলৈ সকীয়নি

Bumrah selected as test captain

ইংলেণ্ডৰ বিৰুদ্ধে টেষ্টৰ পৰা বাহিৰ ৰোহিত শৰ্মা: বুমৰাহৰ কান্ধত অধিনায়কৰ দায়িত্ব

Uddhav Thackeray resigns উচ্চতম ন্যায়ালয়ে আস্থাভোটৰ নিৰ্দেশ দিয়াৰ পিছতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ পদত্যাগ

Uddhav Thackeray resigns উচ্চতম ন্যায়ালয়ে আস্থাভোটৰ নিৰ্দেশ দিয়াৰ পিছতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ পদত্যাগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd