NORTHEAST NOW (Assamese)

লকডাউনৰ মাজত গোপনে পৰীক্ষা অনুষ্ঠিত কৰি শ’লঠেকত মহানগৰীৰ ব্যক্তিগত বিদ্যালয়

May 13, 2020 6:38 pm · কল্পজ্যোতি শইকীয়া

ৰাজ্যৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ মইমতালি নতুন কথা নহয়। লকডাউনৰ মাজতে যদি কোনো ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে নামভৰ্তিৰ নামত অভিভাৱকক মাধমাৰ সোধাই আহিছে আন কিছুসংখ্যকে আকৌ লকডাউনৰ নীতি নিৰ্দেশনা ভংগ কৰি বিদ্যালয় খোলা ৰাখিছে।

যিসময়ত সমগ্ৰ দেশৰে বিদ্যালয়-মহাবিদ্যালয় বন্ধ হৈ আছে তেনে সময়তে পোহৰলৈ আহিছে মহানগৰীৰ এখন বিদ্যালয়ৰ কাণ্ডজ্ঞানহীনতা।

তৃতীয় পৰ্য্যায়ৰ লকডাউন চলি থকাৰ মাজতে যোৱা ১১ মে’ৰ দিনা গোপনে বিদ্যালয়ত পৰীক্ষা অনুষ্ঠিত কৰাৰ অভিযোগ উত্থাপিত হৈছে মহানগৰীৰ হাতীগাওঁস্থিত লিটল ফ্লাৱাৰ স্কুলৰ বিৰুদ্ধে।

বিদ্যালয় কতৃপক্ষই নীতি-নিয়ম উলংঘা কৰি পৰীক্ষা অনুষ্ঠিত কৰা বুলি সংবাদ মাধ্যমত সবিস্তাৰে বাতৰি প্ৰকাশ পোৱাৰ পাছতে তৎপৰ হৈ পৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসন।

ইতিমধ্যে জিলা বিদ্যালয় পৰিদৰ্শকে বিদ্যালয়খনলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে।

নৰ্থইষ্ট নাওৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত এই কথা জনাইছে বিদ্যালয় পৰিদৰ্শক বুলি গগৈ ভূঞাই।

তেওঁ কয় ‘আমি কালি কাৰণ দৰ্শোৱাৰ জাননী দিছিলো। বাতৰিৰ ভিত্তিত আৰু জিলা প্ৰশাসনৰ নিৰ্দেশনা মৰ্মে কাৰণ দৰ্শাবলৈ কোৱা হৈছে। বিদ্যালয়খনৰ অধ্যক্ষই আমাক উত্তৰ দিছে। যদি তেওঁৰ উত্তৰত সন্তুষ্ট হওঁ বা কোনোধৰণৰ অসুবিধা নাই, চাই লওঁ কি কৰিব পৰা যায়।‘

‘চৰকাৰৰ ফালৰ পৰা দিয়া নিৰ্দেশনা তেওঁলোকে মানি আহিছিল বুলি তেওঁলোকে কৈছে। মাৰ্চ মাহত তেওঁলোকৰ বাৰ্ষিক পৰীক্ষা শেষ হৈছে। অষ্টম শ্ৰেণীৰ ১২ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ৰিজাল্ট উইথহেল্ড হৈ থকা বাবে অভিভাৱকে কিয় তেনে হৈছিল চাবলৈ বিদ্যালয় কৰ্তৃপক্ষক অনুৰোধ জনাইছিল।পৰীক্ষা অনুষ্ঠিত কৰা নাছিল বুলি কৈছিল।পৰীক্ষা অনুষ্ঠিত কৰা নাছিল বুলি যে কৈছে গতিকে বিষয়টো চাই লোৱাটো ভাল হ’ব।অভিভাৱকৰ অনুৰোধমৰ্মে এটা কোঠাত কিবা কোৱা বুলি কৈছিল।‘ এইদৰে কয় বিদ্যালয় পৰিদৰ্শকগৰাকীয়ে।

ইপিনে, বিদ্যালয়খনৰ অধ্যক্ষই পৰীক্ষা অনুষ্ঠিত কৰা নাছিল বুলি উত্তৰত কৈছে যদিও এক ব্যক্তিগত টেলিভিছন চেনেলত প্ৰকাশিত বাতৰিত বিদ্যালয়খনৰ কেইগৰাকীমান ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষা অনুষ্ঠিত কৰা বুলি মন্তব্য কৰিছিল।

‘ক্লাছ এইটৰ টেষ্ট লৈছে সেইকাৰণে খোলা দিছে আৰু। ক্লাছ এইটৰ আছিল, আজি অংকৰ পৰীক্ষা আছিল। আহিবলৈ ভয় লাগিছে কিন্তু পৰীক্ষাও দিব লাগিব।‘ এগৰাকী ছাত্ৰীয়ে সংবাদ মাধ্যমৰ আগত এইদৰে কৈছিল।

উল্লেখ কৰিব পাৰি যে বিদ্যালয়খনে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ জিলা প্ৰশাসনৰ পৰা কোনোধৰণৰ অনুমতি লোৱা নাছিল।

এতিয়া লিটল ফ্লাৱাৰ বিদ্যালয়ৰ ক্ষেত্ৰত প্ৰশাসনে কেনেধৰণৰ ভূমিকা গ্ৰহণ কৰে সেয়া তদন্তৰ ওপৰত নিৰ্ভৰ কৰিব।

Related News