শ্ৰীলংকা আৰু নেপালতো হ’ব বিজেপি চৰকাৰ : ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱ

গৃহমন্ত্ৰী অমিত শ্বাহে নেপাল আৰু শ্ৰীলংকাতো ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ গঠনৰ পৰিকল্পনা কৰিছে। অযুক্তিকৰ বক্তব্যৰে সততে চৰ্চাত থকা ত্ৰিপুৰাৰ বিজেপি মুখ্যমন্ত্ৰী বিপ্লৱ দেৱে এইবাৰ এই কথা সদৰি কৰিছে।

আগৰতলাৰ ৰবীন্দ্ৰ শতবাৰ্ষিকী ভৱনত শনিবাৰে অনুষ্ঠিত এখন দলীয় সভাত অংশ লৈ মুখ্যমন্ত্ৰীজনে কয় যে ভাৰতৰ সকলো ৰাজ্যত বিজেপি চৰকাৰ গঠন কৰাৰ পাছতে চুবুৰীয়া দেশসমূহতো তেওঁলোকৰ চৰকাৰ গঠন কৰিবলৈ পৰিকল্পনা কৰিছে।

তদুপৰি তেওঁ জনায় কেৰেলাত কমিউনিষ্ট চৰকাৰৰ পতন ঘটাবলৈ বিজেপিয়ে কাম কৰি আছে।

পশ্চিমবংগৰ বিধানসভা নিৰ্বাচন সম্পৰ্কে তেওঁ আশাবাদী যে বংগৰ জনতাই এইবাৰ ত্ৰিণমূল কংগ্ৰেছ তথা মমতা বেনাৰ্জীক বিদায় জনাই বিজেপিক আঁকোৱালি ল’ব।

শ্ৰীলংকা আৰু নেপাল সম্পৰ্কে কৰা এই মন্তব্যৰ পাছতে ত্ৰিপুৰাৰ বিৰোধী ৰাজনৈতিক দলসমূহে বিষয়টো গুৰুত্বসহকাৰে লৈছে।

চিপিআইএম নেতা তথা প্ৰাক্তন সাংসদ জিতেন্দ্ৰ চৌধুৰীয়ে কয় যে যদি অমিত শ্বাহে তেনেদৰে পৰিকল্পনা কৰিছে, তেন্তে ভাৰত চৰকাৰে বিদেশী ৰাষ্ট্ৰৰ আভ্যন্তৰীণ বিষয়ত ষড়যন্ত্ৰ আৰু হস্তক্ষেপ কৰিছে।

এইক্ষেত্ৰত তেওঁ বিজেপিৰ শীৰ্ষ নেতৃত্ব আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা সুদুত্তৰ বিচাৰিছে।

আনহাতে ত্ৰিপুৰা কংগ্ৰেছৰ উপসভাপতি তাপস দেই অমিত শ্বাসৰ বক্তব্যটো সাম্ৰাজ্যবাদী হিচাপে অভিহিত কৰিছে।

উল্লেখযোগ্য যে ইয়াৰ আগতেও বিপ্লৱ দেৱে বিভিন্ন ধৰণৰ আজৱ তথা ভিত্তিহীন বক্তব্যৰে দেশজুৰি চৰ্চা লাভ কৰিছিল।