অমিত শ্বাহে ব্ৰু-ৰিয়াং শৰণাৰ্থী বিষয়টো NDFBৰ সৈতে স্বাক্ষৰিত বড়ো চুক্তিৰে সানমিহলি কৰিছে

Amit Shah mixes up Bru-Reang refugee issue with Bodo Accord signed with NDFB factions

গৃহ মন্ত্ৰী অমিত শ্বাহক ব্ৰু-ৰিয়াং শৰণাৰ্থী বিষয় সন্দৰ্ভত ‘সম্পূৰ্ণ অবিদিত’ পোৱা গৈছে, আৰু তেওঁ ইয়াক অসমৰ বড়ো বিষয়ৰ সৈতে সানমিহলি কৰিছে।

অমিত শ্বাহে শনিবাৰে এটা সম্পাদকীয় পৃষ্ঠাৰ প্ৰবন্ধ লিখিছিল– Undoing 6 decades in 6 years: Modi has turned India into a self-reliant country brimming with self-confidence (।)

প্ৰবন্ধটোৱে মূলতঃ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত যোৱা ছবছৰত ভাৰতৰ যাত্ৰাটোত আলোকপাত কৰিছিল।

শ্বাহে কৈছিল যে মোদী চৰকাৰে ছয় দশকৰ অন্তৰাল ছবছৰতে জোৰা লগালে আৰু আত্মনিৰ্ভৰশীল ভাৰতৰ শক্তিশালী ভেঁটি স্থাপন কৰিলে।

প্ৰধান মন্ত্ৰী মোদীক প্ৰশংসা কৰাৰ সময়তে গৃহ মন্ত্ৰীয়ে ক’লে, “বছৰজুৰি পৰি থকা ব্ৰু-ৰিয়াং শৰণাৰ্থী সমস্যাটোও মোদী ২.০ৰ প্ৰথম বছৰতে বড়ো চুক্তিৰ অধীনত সমাধান কৰা হ’ল।”

ব্ৰু-ৰিয়াং সমস্যাৰ বিষয়ে লিখোতে অমিত শ্বাহে মিজোৰাম আৰু ত্ৰিপুৰাৰ শৰণাৰ্থীৰ সমস্যাটো অসমৰ “সাৰ্বভৌম” বড়ো সশস্ত্ৰ আন্দোলনৰ সৈতে সানমিহলি কৰি পেলালে।

ব্ৰু-ৰিয়াং চুক্তিখন কেন্দ্ৰ, ত্ৰিপুৰা আৰু মিজোৰাম চৰকাৰ আৰু ব্ৰু-ৰিয়াং প্ৰতিনিধিৰ মাজত যোৱা ১৭ জানুৱাৰিত নতুন দিল্লীত স্বাক্ষৰিত হৈছিল।

চুক্তি স্বাক্ষৰ অনুষ্ঠানটো অমিত শ্বাহে নিজেই অধ্যক্ষতা কৰিছিল, আৰু সিদ্ধান্ত কৰা হৈছিল যে ৩৪,০০০ ব্ৰু শৰণাৰ্থীক ত্ৰিপুৰাত সংস্থাপিত কৰা হ’ব।

১৯৯৭ চনত নৃগোষ্ঠীয় হিংসাৰ বাবে প্ৰায় ৩০,০০০ ব্ৰু-ৰিয়াং জনজাতীয় লোক মিজোৰামৰ পৰা বিতাড়িত হৈছিল, আৰু ত্ৰিপুৰাত আশ্ৰয় লৈছিল।

ব্ৰু-ৰিয়াং শৰণাৰ্থীসকলে উত্তৰ ত্ৰিপুৰাৰ অস্থায়ী শিৱিৰত আশ্ৰয় লৈছিল। পৰৱৰ্তী সময়ত, প্ৰায় তেওঁলোকৰ ২০০০ পৰিয়াল মিজোৰামলৈ উভটি আহিছিল।

কিন্তু, ৩৪,০০০ মানুহৰ অন্তিম দলটো তেওঁলোকৰ পৈতৃক গাঁৱলৈ উভটি আহিবলৈ অস্বীকাৰ কৰিছিল। তেওঁলোকক এতিয়া ত্ৰিপুৰাত সংস্থাপিত কৰা হ’ব আৰু কেন্দ্ৰই সংস্থাপনৰ বাবে ৬০০ কোটি টকা অনুমোদন জনাইছে।

দুবছৰৰ বাবে শৰণাৰ্থীসকলক প্ৰতি মাহে ৫০০০ টকাকৈ সাহায্য আৰু বিনামূলীয়া ৰেচন যোগান ধৰা হ’ব। তেওঁলোকে ঘৰ সাজিবলৈ ১.৫লাখ টকাৰ সাহায্যও লাভ কৰিব, ত্ৰিপুৰা চৰকাৰে তেওঁলোকক ভূমি আবণ্টন দিব।

কিন্তু, অমিত শ্বাহে ব্ৰু-ৰিয়াং শৰণাৰ্থীৰ বিষয়টো বড়ো চুক্তিৰ সৈতে সানমিহলি কৰিলে।

কেন্দ্ৰ, অসম চৰকাৰ আৰু নিষিদ্ধ এন ডি এফ বি (National Democratic Front of Boroland)ৰ চাৰিটা গোটে যোৱা ২৭ জানুৱাৰিত বড়ো চুক্তিত স্বাক্ষৰ কৰিছিল।

চুক্তি স্বাক্ষৰৰ জৰিয়তে ৰঞ্জন দৈমাৰী, গোবিন্দ বসুমতাৰী, ধীৰেন বড়ো আৰু বি চাওৰাইগ্ৰা নেতৃত্বাধীন এন ডি এফ বিৰ চাৰিটা গোটে সাৰ্বভৌম বড়োলেণ্ডৰ বাবে সশস্ত্ৰ আন্দোলন সামৰাৰ সিদ্ধান্ত ল’লে।

তাৰ পিছত গুৱাহাটীত আয়োজিত এক বৰ্ণিল অনুষ্ঠানত ১৫৫০গৰাকী কেডাৰে ৩০ জানুৱাৰিত আত্মসমৰ্পন কৰিলে।

অমিত শ্বাহৰ প্ৰবন্ধটোক লৈ অসমৰ বিৰোধী কংগ্ৰেছে তৎকালে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

“গৃহ মন্ত্ৰী অমিত শ্বাহৰ প্ৰবন্ধটো পঢ়ি আচৰিত হ’লো। আৰু এজন গৃহ মন্ত্ৰী হিচাপে তেওঁ এইটো জনাটো আশা কৰা যায় যে ব্ৰু-ৰিয়াং শৰণাৰ্থী মিজোৰাম আৰু ত্ৰিপুৰাৰ সৈতে জৰিত বিষয়, বড়ো চুক্তিখন অসমৰ বড়ো সম্প্ৰদায়ৰ সৈতে জৰিত,” অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদিকা আৰু জ্যেষ্ঠ মুখপাত্ৰ ববিতা শৰ্মাই কয়।

শৰ্মাই কয় এইটো আচৰিত যে কেনেকৈ ভাৰতৰ গৃহ মন্ত্ৰীয়ে ব্ৰু-ৰিয়াং শৰণাৰ্থীক অসমৰ বড়ো বিদ্ৰোহীৰ সৈতে খেলিমেলি কৰিব পাৰে।

“নৃগোষ্ঠীয় পাৰ্থক্য বাদ দিয়ক, ভৌগোলিক অৱস্থানৰ কি হ’ব?” তেওঁৰ প্ৰশ্ন।

হয় গৃহ মন্ত্ৰীক তেওঁৰ আমোলাসকলে সঠিকভাৱে অৱগত কৰোৱা নাই, নহয় তেওঁক অৱগত কৰোৱা আমোলাই হ’মৱৰ্ক ভালকৈ কৰা নাই, শৰ্মাই কয়।

“কাৰণ যিয়েই নহওক, এটাৰ পৰা আনটোক পৃথক কৰাৰ ক্ষেত্ৰত নিষ্ঠাৱান-নিয়োগৰ ই কেৱল এক অনুভূতিহীন অভাৱ উদঙাই দিছে,” শৰ্মাই কয়।