নাগৰিকত্ব সম্পৰ্কত অমিত শ্বাহৰ মন্তব্য ভাৰতীয় সংবিধানৰ অপৰিপন্থী : মাদানী

madani

মাদানী

জমিয়ত উলেমা-ই-হিন্দে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে নাগৰিকত্ব সংশোধনী বিধেয়ক সম্পৰ্কত কৰা মন্তব্যই ভাৰতীয় সংবিধানৰ নীতি উলংঘা কৰিছে বুলি মত প্ৰকাশ কৰিছে।

‘‘কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্বাহৰ মন্তব্য ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ১৪ আৰু ১৫ ৰ বিৰুদ্ধে। অনুচ্ছেদ ১৪ আৰু ১৫ অনুসৰি কোনো লোকক ধৰ্ম, ঠাই আৰু ভাষাৰ ভিত্তিত বৈষম্যমূলক আচৰণ কৰিব নোৱাৰিব,’’ জমিয়ত উলেমা-ই-হিন্দৰ সভাপতি মৌলানা চৈয়দ আৰ্চাদ মাদানীয়ে কয়।

অমিত শ্বাহক তীব্ৰ সমালোচনা কৰি মাদনীয়ে কয় ‘‘অমিত শ্বাহৰ মন্তব্য ধৰ্মীয় পক্ষপাতিত্বমূলক আৰু ইয়াৰ দ্বাৰ এন আৰ চিৰ ক্ষেত্ৰতো যে একমাত্ৰ মুছলমান সকলক লক্ষ্য কৰি লোৱা হৈছে সেয়া স্পষ্ট হৈ পৰিছে।’’

জমিয়তৰ তৰফৰ পৰা কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ মন্তব্যক বিজেপিৰ বিভাজনৰ ৰাজনীতিৰ অংশ হিচাপে আখ্যা দিয়ে মাদানীয়ে।

উল্লেখযোগ্য যে, অমিত শ্বাহে পূৰ্বে নাগৰিকত্ব সংশোধনী বিধেয়ক সংশোধন কৰি হিন্দু, শিখ, জৈন, বৌদ্ধ আৰু খ্ৰীষ্টিয়ান সকলক ভাৰতীয় নাগৰিকত্ব দিয়া হ’ব বুলি মন্তব্য কৰিছিল।

আনহাতে, মাদানীয়ে অমিত শ্বাহৰ হিন্দুৰ বাবে একমাত্ৰ এখন দেশ আৰু মুছলমানৰ বাবে বহু দেশ থকা বুলি কোৱা মন্তব্যক তথ্যৰ ওপৰত আধাৰিত নহয় বুলি উল্লেখ কৰে।

ইউৰোপ, আমেৰিকা আৰু আফ্ৰিকাকে ধৰি বহু দেশে ধৰ্মৰ ভিত্তিত বৈষম্য নকৰাকৈ নাগৰিকত্ব প্ৰদান কৰে বুলিও মাদানীয়ে মত প্ৰকাশ কৰে।

জমিয়তৰ সভাপতি গৰাকীয়ে উচ্চতম ন্যায়ালয়ৰ এন আৰ চিৰ সম্পৰ্কত দিয়া ৰায়কো আদৰণি জনায়।